Thursday, 8 February 2024

সোনোৱাল‌ কছাৰী সকলৰ ঘিলা খেল

প্ৰকাশ- সোনোৱাল বাৰ্তা জানুৱাৰী- ২০২৪ সংখ্যাত প্ৰকাশ পাইছে৷
**********
ঘিলা এবিধ লতা জাতীয় উদ্ভিদ৷ ইয়াৰ গুটিবোৰ উৰহী মাহৰ দৰে ছেঁই থকা৷ মানুহৰ আঁঠূৰ ঘিলাৰ সমান ইয়াৰ জোখ৷ মাকৰী ঘিলা আৰু ভাত ঘিলা সৰু৷ ঘিলা খেলিবলৈ ডাঙৰ বিধ ভাল৷ পকি ছেঁই ফাটি সৰি পৰা ঘূৰণীয়া ঘিলাবোৰ খেলিবলৈ বাচি বাচি লোৱা হয়৷

মাঘ বিহুত ঘিলা খেলাৰ প্ৰথা সোনোৱাল সকলৰ মাজত  অতীজৰ পৰা চলি আহিছিল৷ বিহুৰ প্ৰথম দিনাৰ পৰা আৰম্ভ কৰি চাৰি পাঁচ দিনলৈকে এই খেলা চলিছিল৷ ল’ৰা- ছোৱালী, ডেকা-গাভৰু, বোৱাৰী- আদহীয়া সকলোৱে ৰং ৰহইছ কৰি খেলিব পৰা ই এক উত্তেজনাপূৰ্ণ খেল৷ আজি-কালি ঘিলা পাবলৈ নাই বাবে সমাজৰ পৰা ঘিলা খেলটিও হেৰাই গ’ল৷

ঘিলা খেল দুটা দলৰ মাজত হোৱা খেল৷ প্ৰতিজন খেলুৱৈৰ হাতত এলাই (এটা ঘিলা) ঘিলা থাকিব লাগিব৷ দুয়োটা দলৰ খেলুৱৈৰ সংখ্যা সমান হ’ব লাগিব। যেনে- এটা দলত আঁঠজন হ’লে বিপক্ষ দলত আঁঠজন হ’ব লাগিব৷ বা বাৰজন হ’লে বিপক্ষ দল বাৰ জন হ’ব লাগিব৷ ঘিলা খেলিবৰ বাবে এখন আহল-বহল চোতাল প্ৰয়োজন৷  ইয়াত আমি ডেকা- গাভৰু দুটা দলৰ মাজত হোৱা ঘিলা খেলৰ প্ৰতিযোগিতাৰ কথা আলোচনা কৰিম৷ 

খেলৰ নিয়মঃ- ধৰা হওক, ডেকা খেলুৱৈৰ সংখ্যা বাৰ৷ তেনেদৰে  গাভৰুৰ দলৰ সংখ্যা বাৰ৷ এতিয়া ডেকা আৰু গাভৰুৱে যোৰ পাতিব লাগিব৷ যেনে- ৰাধা- কৃষ্ণ, ৰাম- সীতা, বেউলা- লখিন্দৰ ইত্যাদি৷ (বুজিবলৈ সহজ হ’বৰ বাবে নামবোৰ দিয়া হৈছে) প্ৰথমতে কোন দলে ঘিলা পাতিব বা কোন দলে ঘিলা টিকাব সেইটো বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰিব৷
 
ধৰাহওক, ডেকাবোৰে ঘিলা পাতিব৷ তেতিয়া চোতালৰ এমূৰত   ছয় ইঞ্চি বা ন ইঞ্চি দূৰে দূৰে, ঘিলাবোৰৰ গাদীবোৰ ঠিয় কৰাই, সৰলৰৈখিক ভাবে পঠালিকৈ ঘিলা পাতিব৷

চোতালৰ আনটো মূৰত খুব বেচি চল্লিশ ফুট দূৰত গাভৰুবোৰে হাতে হাতে ঘিলা লৈ থিয় হ’ব৷ গাভৰুবোৰৰ লক্ষ্য হ’ব, নিজা নিজা যুৰীয়া ঘিলালাই টিকোৱা বা খোৱা৷ ৰাধাই কৃষ্ণৰ, সীতাই ৰামৰ, বেউলাই লখিন্দৰৰ ইত্যাদি৷

এখন ঘিলা খেল সমাপ্ত হ’বলৈ ন টা ঢাপ পাৰ হ’ব লাগে৷ ১) ঘূৰঘূৰণি, ২) চেনছেলাই ৩) চিকপ ৪) দেগলাই ৫)ঘঙ্কৰ ৬) আণ্ঠুলি ৭)বেংখালি ৮) ধুইলা টুপি ৯) টেঙ

*গাজুঃ- যদি নিজৰ যুৰীয়া ঘিলা টিকাব নোৱাৰি আনৰ ঘিলাত টিকাই সেইয়া “গাজু“ (অন্যায়) হ’ব৷ তেতিয়া যিটো ঢাপত গাজু কৰিছিল সেইটো ঢাপত তেওঁ উৰিব বা সুবিধা নেপায়। তাৰ পিছৰটো ঢাপত সুবিধা পাব৷

ঘিলা খেলৰ ন টা ঢাপ এনে ধৰণৰঃ-
১/ ঘুৰঘূৰণিঃ- দুই হাতৰ বূঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে  ঘিলা ধৰি লাটুম ঘূৰোৱাদি ঘূৰাই ঘূৰাই মাৰি পঠিওৱাকে ঘূৰঘূৰণি বুলি কোৱা হয়৷ 

ঘূৰঘূৰণি মাৰোঁতে আন্দাজমতে ঘিলা দলিয়াই, পাতি থোৱা ঘিলাবোৰ ওচৰলৈ আনি ল’ব পাৰি৷ যদি গতিবেগ বেচি হৈ যাৰে তাৰে ঘিলাত খুন্দিয়াই “গাজু“ হ’ব যেন বুলি অনুমান হয়, তেতিয়া ঘিলাৰ পিছে পিছে দৌৰি আহি ভৰিৰে গছকি নিজৰ সুবিধামতে ঘিলা ৰখাই ল’ব পাৰি৷ এই নিয়ম সকলো ঢাপতে প্ৰযোজ্য হয়৷

বেউলাই ঘূৰঘূৰণি মাৰোঁতে লখিন্দৰৰ পৰা দহফুট মান আঁতৰত তাইৰ ঘিলা ৰৈ গ’ল৷ তাই দৌৰি আহি ৰখাব লগীয়া নহ’ল৷ বেউলাই এতিয়া সেই দহ ফুট আঁতৰৰ পৰা মাৰি পঠিওৱা ঘিলাই লাটুম ঘূৰাদি ঘূৰি ঘূৰি গৈ লখিন্দৰৰ ঘিলা বগৰাই দিব লাগিব৷ যদি পাৰে তেতিয়া ডেকাবোৰে পাতি থোৱা গোটেই খিনি ঘিলা বেউলাই ঘূৰঘূৰণি মাৰি খাবলৈ অধিকাৰ পাব৷ মন কৰিবলগীয়া যে ঘিলালায়ে টিকাই ওফৰি গৈ যিমান দূৰত পৰিব তাৰ পৰা ঘূৰঘূৰণি মাৰি বাকীবোৰ ঘিলা খাব লাগিব৷ যদি নোৱাৰে, তেতিয়া চল্লিশ ফুট দূৰত ৰৈ থকা যোৰ মিলা এগৰাকীয়ে বেউলাৰ নিচিনাকৈ ঘূৰঘূৰণি মাৰি আহি, নিজৰ যুৰী খাই বাকীবোৰ ঘিলা খাবলৈ সুবিধা পাব৷ এনেদৰে যোৰ মিলি থকা আটাই কেইগৰাকীয়ে সুবিধা পাব৷ যদি আটাইকেইগৰাকীয়ে সেই ঢাপটো পাৰ হ’ব নোৱাৰে, তেতিয়া গাভৰুবোৰৰ খেল সিমানতে শেষ হ’ব৷ অৰ্থাৎ হাৰিব৷ এতিয়া গাভৰুবোৰে ঘিলা পাতিব৷ ডেকাবোৰে চল্লিশ ফুট আতঁৰত গৈ ঘূৰঘূৰণি মাৰি খেল আৰম্ভ কৰিব৷

*হেপেলা কঢ়াঃ- বেউলাই দহফুট আতঁৰৰ পৰা লখিন্দৰৰ ঘিলা খাওঁতে যদি ভৰি এটা আগবঢ়াই খোজকাঢ়ি যোৱাদি জপিয়াই চোঁচৰি গৈ ঘিলা খাই, তেতিয়া ইয়াক “হেপলা কাঢ়ি“ খোৱা বুলি ক’ব৷ এইটো অন্যায়৷ সেই সময়ত বেউলাই থিয় হৈ বা কিঞ্চিত হাউলি একেঠাইতে ৰৈ ঘূৰঘূৰণি মাৰি ঘিলা দলিয়াই খাব লাগিব৷ চোঁচৰি হেপেলা কাঢ়ি ঘিলা খাব নোৱাৰিব৷

আকৌ, ঘূৰঘূৰণিৰ পৰিবৰ্তে ঘিলালাই দুই হাতৰ অনামিকা আঙুলিৰে ধৰি (কাঁহি এখন মাটিত চোঁচৰাই দলিয়াই দিয়াৰ নিচিনা) মাটিত চোঁচৰাই যদি মাৰি পঠিয়াই, তেতিয়া ঘিলা লক্ষ্যভ্ৰস্ত নহয়৷ ই টিকিবই। এনেদৰে চোঁচৰাই মৰাটোক “চেনছেলাই“ বুলি কোৱা হয়৷ চেনছেলাই য’তে ত’তে ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইয়াৰ নিৰ্দিষ্ট দুই নম্বৰ ঢাপতহে ব্যৱহাৰ কৰিব পাৰিব৷

২/চেনছেলাইঃ- গাভৰুবোৰে ঘূৰঘূৰণি ঢাপ পাৰ হোৱাৰ পিছত, চেনছেলাই খেলি ঘিলা আগুৱাই আনিব৷ ঘিলা গৈ য’ত ৰ’ব বা দৌৰি গৈ য’ত ধৰি ৰাখিব, তাৰ পৰা চেনছেলাই কৌশলেৰে ঘিলা মাৰি নিজৰ যোৰা ঘিলা খোৱাৰ পিছত বাকীবোৰ ঘিলা খাব পাৰিব৷ ইয়াৰ পিছত কোনো ঢাপতে চেনছেলাই ব্যৱহাৰ কৰিব নোৱাৰিব৷

*হাত কেৰাঃ- ৰাধা আৰু সীতাই একেলগতে ঘূৰঘূৰণি বা চেনছেলাই মাৰি দুয়োৰে ঘিলা আগুৱাই নিছে৷ তেতিয়া ঘিলা দুলাই যদি নিজৰ পথ এৰি কটাকটি (cross) হৈ যায়, তেতিয়া হাত কেৰা লগা বুলি কয়৷ ঘিলা গৈ য’ত ৰ’ব তাৰ পৰা দুয়োখন হাত পঘাৰ দৰে পাক খুৱাই ঘূৰঘূৰণি মাৰি ঘিলা খাব লাগিব৷ এইক্ষেত্ৰত ৰাধা আৰু সীতাই দুয়োজনীয়ে হাত পাক খুৱাই নিজা নিজা ঘিলাযোৰ খাই বাকীবোৰ ঘিলাও খাব পাৰিব৷

৩/ চিকপঃ- চিকপ মাৰোঁতে ভৰিৰ বূঢ়া আৰু তৰ্জনী আঙুলিৰ ফাঁকত ঘিলা সোমোৱাই ভৰিটো আচাৰি ঘিলা দলিয়াই দিয়া হয়৷ ঘিলা গৈ য’ত ৰ’ব, বা ধৰি ৰাখিব, তাৰ পৰা ঘুৰঘূৰণি মাৰি নিজৰ যোৰা খাই বাকী বোৰ খাব পাৰিব৷

*ভৰি কেৰাঃ- বেউলা আৰু নমিতাই ভৰিৰে চিকপ মাৰি ঘিলা আগুৱাই নিওঁতে দুয়োৰে পথ কটাকটি হৈ ঘিলা ৰৈ গ’ল৷ তেতিয়া য’ত ৰৈ গৈছিল তাৰ পৰা সোঁহাত খন টিকাৰ ফালে আনি ভৰিৰ তলত সোমোৱাই, ভেকুলীজনীৰ দৰে হৈ, আগফালে বাওঁ হাতেৰে ধৰি, ঘূৰঘূৰণি মাৰি নিজা নিজা ঘিলা যোৰ খাব লাগিব৷ পিছত বাকীবোৰ খাব পাৰিব৷ ভৰিৰে মৰা আটাইকেইটা ঢাপতে এই নিয়ম প্ৰযোজ্য হ’য়৷

৪/ দেগলাইঃ- ভৰি পতাৰ ওপৰ ফালে ঘিলা ৰাখি ভৰিৰে ঠেলি দলিয়াই দি আগবঢ়াই লোৱা হয়৷ পিছৰ খিনি ঘূৰঘূৰণিৰ দৰে একে৷

৫/ঘঙ্কৰঃ- দুই ভৰিৰ সৰু গাঁঠিৰ তলত ঘিলালাই সাৱটি জপিয়াই আগলৈ ঠেলি পঠিয়াওৱা হয়৷ ঘিলা গৈ য’ত ৰ’ব, তাৰ পৰা ঘূৰঘূৰণি মাৰি খাব লাগিব ৷

৬/ আণ্ঠুলিঃ- দুই আঁঠুৰ মাজত ঘিলা সোমোৱাই লৈ জপিয়াই আগলৈ ঠেলি দিয়া হয়৷ বাকী বোৰ একেই৷

৭/বেংখালিঃ- কৰঙনৰ মাজত ঘিলা সোমোৱাই জাপ মাৰি আগলৈ ঠেলি পঠিওৱা হয়৷ পিন্ধি থকা কাপোৰখন দুহাতেৰে ধৰি ঘিলা ওফৰাই পঠিয়ালে মানি লোৱা নহয়। বাকীবোৰ একেই৷

৮/ ধুইলা টুপিঃ- এইটো ঢাপ সহজ৷ সোঁহাত খনেৰে ঘিলালাই ধৰি তৰ্জনী আঙুলিৰে ঠেলি চকা এটাৰ দৰে চলাই দিয়া হয়৷ লগে লগে পিছে পিছে দৌৰি গৈ নিজৰ সুবিধামতে ৰাখি লোৱা হয়৷ বাকীবোৰ নিয়ম একে৷

৯/টেঙঃ- এইটো ঢাপ চুৰান্ত৷ ডেকাবোৰৰ ঘিলাবোৰ এতিয়া ঠিয়কৈ পাতিব৷ অৰ্থাত ঘূৰণীয়া গাদীটো গাভৰুবোৰৰ ফালে দেখুৱাই ঘিলা পাতিব৷ গাভৰুবোৰে পোনপটীয়াকৈ চল্লিশ ফুট দূৰৰ পৰা ঘূৰঘূৰণি মাৰি যাৰে তাৰে ঘিলা টিকাই বগৰাব লাগিব৷ টেঙত যুৰীয়া নিয়ম নাই৷ হাতকেৰা ভৰি কেৰাও নাই৷

টেঙ খাবলৈ ঘিলা মৰাৰ আগতে গাভৰুবোৰে ঘিলাবোৰ মুখৰ হা দি মোহাৰিলৈ বেলিক দেখুৱাই ক’ব-

“বেলি ঐ বেলি, ঘিলা হৈ তই,
পোনে পোনে গৈ টেঙ খাবি“

ইফালে টেঙ খাব নোৱাৰক বুলি ডেকাবোৰে ধুতি চুৰীয়াৰে পাতি থোৱা ঘিলাবোৰ নেওচা দি জপিয়াই চিঞৰ- বাখৰ কৰি গাভৰুবোৰৰ ঘিলাবোৰ লক্ষ্যভ্ৰস্ত কৰিবলৈ ক’ব- 

“বেলি তই নাহিবি নাহিবি,
 এইফালে নলা আছে পানীত পৰিবি“

খেলুৱৈ- দৰ্শকৰ উৎকণ্ঠিত চিঞৰ- বাখৰ মাজতে, গাভৰুবোৰে একেলগে জাকপাতি পখিলা উৰুৱা দি ঘূৰঘূৰণি ঘিলা মাৰি পঠিয়াব৷ গাভৰুবোৰৰ মাজত কোনোবাই টিকাই বগৰাব পাৰিলে৷ কোনোবাই নোৱাৰিলে৷ তেতিয়া সেই পৰা কেইজনীয়ে বাকীবোৰ ঘিলা ঘূৰঘূৰণি মাৰি খাই শেষ কৰিব লাগিব৷ যদি এলাই বা দুলাই বগৰাব নোৱাৰি থাকি যায়, তেতিয়া গাভৰুবোৰ হাৰিব। ডেকাবোৰ জিকিব৷ 

টেঙ হৈ যোৱাৰ পিছত এইবাৰ গাভৰুবোৰে ঘিলা পাতিব৷ ডেকাবোৰে ঘিলা মাৰিব৷ ডেকাবোৰে ন টা ঢাপ খেলাৰ পিছত যদি “টেঙ“ত জিকি যায়, তেতিয়া ডেকাবোৰ জয়ী হ’ব৷ কাৰণ ইতিমধ্যে ডেকাবোৰ এটা টেঙত জয়ী হৈ আছেই৷ যদি সমান সমান হয় আকৌ খেলিব৷ 
*************

*************
লেখকৰ ঠিকনাঃ-
মাণিক চন্দ্ৰ সোনোৱাল
গাওঁঃ- গাগলডুবি
পোঃ- বগীনদী
জিলাঃ- লখিমপুৰ
পিন-787032 (অসম) ।

Sunday, 23 May 2021

বাইথ' পূজাত ব্যৱহৃত সামগ্ৰী

•বুঢ়া সাগৰৰ জলঃ- বুঢ়া সাগৰৰ জল প্ৰকৃততে মদ। সোনোৱাল কছাৰী সকলে মদক ৰহী বা ঝল মদ বুলি কয়। পূজাৰ দিনা সন্ধিয়া বিভিন্ন গাঁৱৰ পৰা ৰাইজে একোখন ভাৰ আনি পূজাৰী বা ৰাজাগুৰুক অৰ্পণ কৰেহি। ভাৰখনত চাউল,শাক,তেল,নিমখ,এবটল মদ থাকে। ৰাজাগুৰুৱে সকলো গাওঁৰ পৰা অনা মদ অলপ‌ অলপ লৈ এটা তামৰ পাত্ৰত মিহলায় আৰু তাত আৰৈ চাউল দি তংলতি পাতৰ আগেৰে মন্ত্ৰ মাতি শান্তি জল তৈয়াৰ কৰে। এয়াই বুঢ়া সাগৰৰ জল। ই হ'ল পৱিত্ৰ জল। পূজাৰ আগতে কৰ্মীসকলে এই দ্ৰব্য গ্ৰহণ কৰে। বুঢ়া সাগৰৰ জল গ্ৰহণ নকৰা কোনো ব্যক্তিকে দেৱ-নৈবেদ্যত হাত লগাবলৈ দিয়া নহয়। বাইথ' পূজাৰ সেৱকীসকলকো আৰ্শীবাদৰ অন্তত বুঢ়া সাগৰৰ জল ছতিয়াই দিয়া হয় আৰু গ্ৰহণ কৰিবলৈ এচলু দিয়া হয়। এই বিধ দ্ৰব্য অৱশ্যে দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।

•মাধপুৰুষৰ ৰসঃ- দেৱতাৰ নামত উছৰ্গা কৰা মদক মাধপুৰুষৰ ৰস বুলি কোৱা হয়। মিতুকৰ নামত,খিণ ভাঙোতে,সৰগদেউ পূজা আদি সকলোতে দেৱতাৰ নামত মদ(মাধপুৰুষৰ ৰস) উছৰ্গা কৰা হয়। বাইথ' পূজাতো সেৱকীসকলে পূজাৰ বিভিন্ন অনুক্ৰমত মাধপুৰুষৰ ৰস গ্ৰহণ কৰিব পাৰে। কিন্তু লক্ষণীয়ভাৱে ' কোনো দেৱতাকে মাধপুৰুষৰ ৰস দিয়া নহয়।'( উদ্ধৃতিঃ প্ৰমোদ সোনোৱাল, খ্ৰীং খ্ৰীং বাইথ' পূজাৰ পুৰাতনীয়া তথ্য সম্ভাৰ (গ্ৰন্থ),পৃঃ১১)।এই বিধ দ্ৰব্য‌ও অৱশ্যে দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।

•খাজিঃ মাধপুৰুষৰ ৰসৰ লগত অংগাংগীভাৱে জড়িত দ্ৰব্যবিধৰ নাম হ'ল খাজি। দেৱতালৈ আগবঢ়োৱা পক্ষীৰ মাংস সৰুকৈ কাটি তেলত শুকানকৈ ভাজি মাধপুৰুষৰ লগত সেৱকী,কৰ্মী,ৰাইজে গ্ৰহণ কৰে। দেৱতাৰ দ্ৰব্যৰে বনোৱা কাৰণে ভাজি বুলি নকৈ খাজি নামেৰে পৃথকতা আৰু মান্যতা প্ৰদান কৰা হয়। এই বিধ দ্ৰব্য‌ও দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।

•উদ্ভিদসমূহঃ- প্ৰকৃতি পূজা হিচাপে বাইথ' পূজাত উদ্ভিদ ব্যৱহাৰ অনিবাৰ্য। মূল উদ্ভিদ হিচাপে টংলতি,উলু খেৰ,বৰকানাই,তৰা ৰছী। টংলতিৰে শান্তি পানী বনায় আৰু সেৱকীক শান্তি পানী প্ৰদান কৰে। টংলতি,তৰা ৰছী, বৰ কানাইৰে বৰফুল গাঁথে। উলুখেৰৰ মালাৰে বৰ বলি (যুৰীয়া গাহৰি) ৰ ডিঙি বান্ধে। আদিতে উলুখেৰৰ পাতেৰে ফৰিং বলি দিয়াৰ বাবে এনে কৰা হয়। ভূৰুলী শালৰ ক্ষেত্ৰ আবৃত কৰিবৰ বাবে খাগৰি বা মেগেলা ব্যৱহাৰ কৰা হয়। পূজাৰ পাত-পত্ৰৰ বাবে কৌপাত লাগিবই। সেৱকীসকলে বছৰৰ অন্য সময়ত আগবঢ়োৱা ব্যক্তিগত পূজাত কলপাতৰ ব্যৱহাৰো কৰে।

•বৰফুল আৰু সৰুফুলঃ- টংলতি,তৰা ৰছী,বৰ কানাইৰে বাঁহৰ খুঁটিত বৰফুল গাঁথে। বাইথ' পূজাত বৰফুলৰ ১২টা খুঁটি ব্যৱহাৰ হয়। আখৈক সৰুফুল বোলা হয়। বাইথ' পূজাত সৰুফুলৰ ৪৫ টা খুম লাগে। বাকী থকা বৰফুল আৰু সৰুফুল দেৱতাৰ ভাগৰ পাতৰ ওপৰত ছতিয়াই দিয়া হয়।

(📙' সোনোৱাল কছাৰী সকলৰ ঐতিহ্য আৰু সমল' ৰ পৰা সন্মানীয় ✍️ প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ 'বাইথ' দৰ্শন' নামৰ প্ৰৱন্ধটোৰ পৰা তুলি দিয়া হৈছে। লিখকৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে।)
ফটো- Barun J Sonowal

Thursday, 20 May 2021

সোনোৱাল কছাৰী সকলৰ আত্মাবাদ/মিতুকবাদ

বাইথ' দৰ্শনৰ দৰে আন এটা দৰ্শনে সোনোৱাল কছাৰী সকলৰ আধ্যাত্মিকতাক সমৃদ্ধ কৰিছে। সেয়া হ'ল মিতুক দৰ্শন। হিন্দুসকলৰ দৰ্শনত আত্মাই সৰগ বা নৰক বা বৈকুণ্ঠলোকলৈ যায়গৈ, কিন্তু সোনোৱাল কছাৰীসকলৰ ধাৰণাত আত্মাই দেৱতাৰ ৰূপ লৈ নভোমণ্ডলতহে বিচৰণ কৰি থাকে আৰু বিপদে আপদে পৰিয়ালটোক ৰক্ষা কৰি থাকে।
লিখক ৰতন আঠুৱাল মতে-'বাইথ' দৰ্শন অনুসৰি উপৰি পুৰুষৰ মৃত ব্যক্তিৰ আত্মাক চিৰবিদায় দিয়াটো নুবুজায়। কাৰণ তেওঁলোকক সদায় প্ৰয়োজন অনুভৱ কৰোঁ। তেওঁলোকে যেন অশৰীৰী শক্তিৰে বায়ুৰ লগত মিলি আমাৰ কাষতে থাকি বিপদে আপদে ৰক্ষা কৰে। এই আশা মনত বান্ধি মৃতকসকললৈ শ্ৰদ্ধা নিবেদন কৰোঁ বিভিন্ন পৰম্পৰাগত ধৰ্মীয় কৰ্মবোৰৰ যোগেদি,যেনে- বুঢ়াপোহা,ন-পুৰুষৰ সকাম,মিতুকক দিয়া ইত্যাদি'। মৃত উপৰিপুৰুষ সকলৰ আত্মাটোক মিতুক বুলি সোনোৱাল কছাৰী সকলে আখ্যা দিয়ে। আদিতে সোনোৱাল কছাৰী সকলে শৱদাহ কৰা নাছিল। শৱদেহ মাটিত পুতি থোৱাৰ নিয়ম আছিল। বিশেষ গছৰ কাঠেৰে দুখন নাও সাজি তাৰ মাজত শৱদেহ মাটিত পুতি থোৱা হয়। ইয়াক পেড়া (পেৰা) দিয়া বোলা হয়। বছৰটোত দুটা বিহুত অৰ্থাৎ মাঘ বিহু আৰু ব'হাগ বিহুত মিতুকক দিয়ে। প্ৰতিবছৰে বুঢ়াপোহা সকামত ভকতক দিয়াৰ আগধৰি মিতুকৰ বাবে আহাৰ (অন্ন) আগবঢ়োৱা হয়। ন-পুৰুষৰ সকাম কৰোঁতেও প্ৰথম মিতুকলৈ আগবঢ়াইহে ভকতক খাবলৈ দিয়া হয়।  বাইথ' পূজাৰ সময়ত ভুৰুলীশালত মৃতকৰ উদ্দেশ্যে প্ৰসাদ আগবঢ়োৱা হয়। হকদৈ সকামতো(সৰগদেউ পূজা) মিতুকক দিয়া হয়। এইদৰে মিতুকৰ দায়-দোষৰ পৰা বাচি থাকিবলৈ তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰে। মিতুক হ'ল ঘৰখনৰ উপাস্য দেৱতা। ক্ষুদ্ৰ পৰিসৰত ইষ্টদেৱতা হ'ল মিতুক। মিতুকৰ দোষ লাগিলে ঘৰদেও(ঘৰদেওসকল হ'ল মহালখি,কুবেৰ কালিকা,চুকালি,ভঁৰালী আদি) আঁতৰি যায়। ফলস্বৰূপে ঘৰখন লালাং থাংথাং হয়। ঘৰখনত অশান্তি হয়,হাই-কাজিয়া হয়,নৱ-গ্ৰহৰ অশুভ দৃষ্টি পৰে,বেমাৰ-আজাৰ হ'লে ঔষধেও কাম নিদিয়ে,গাৰ গুৰুজন আঁতৰি যায়,ঘৰখনক অপদেৱতাই গ্ৰাস কৰে ইত্যাদি ঘটনাবোৰ ঘটিবলৈ ধৰে। তেতিয়া মিতুকক সন্ত্তষ্ট কৰিবলৈ 'মিতুক দিয়া' অনুষ্ঠানটো কৰিব লাগে।মিতুক সন্ত্তষ্ট হ'লে উক্ত অপায়- অমঙ্গলবোৰ নাইকিয়া হয়।মিতুক দৰ্শন সোনোৱাল কছাৰী সকলৰ নিজা দৰ্শন।আত্মাবাদ মানি চলা এই তত্ত্বৰ ঐতিহাসিক গুৰুত্ব আছে। মিতুক তত্ত্ব‌ই সোনোৱাল কছাৰী সকলৰ প্ৰাচীনত্বৰ কথাকে সূচায়। এই তত্ত্ব সৰগ,নৰক আদি ধাৰণাৰো আগৰ ধাৰণা। প্ৰকৃতিবাদী চৰিত্ৰৰ পৰা উত্তৰণ ঘটি আধ্যাত্মিক যুগলৈ গতি কৰাৰ আগতে আধি-প্ৰাকৃতিক আধি-ভৌতিক যুগৰ সন্ধিক্ষণৰ ধাৰণা। বৌদ্ধধৰ্মৰ জন্মান্তৰবাদৰ দৰে ইয়াতো আত্মাৰ অমৰত্বৰ কথা আছে, কিন্তু পুণজন্মৰ ধাৰণা কিছু ধূসৰ। এই ধাৰণা এটা অংশ মৌলিক।বাকী অংশ প্ৰভাৱ।আদিতে কোৱা হৈছে যে মিতুক ধাৰণাটো সোনোৱাল কছাৰী সকলৰ এদিনীয়া সম্পত্তিও নহয় বা কাৰোবাৰ সম্পূৰ্ণ প্ৰভাৱো নহয়।ই প্ৰকৃততে কেইবা শতিকাজোৰা সোনোৱাল কছাৰীৰ সভ্যতা আৰু জীৱনযাত্ৰাই স্বয়ংক্ৰিয়ভাৱে গঢ় দিয়া এক মণিষা।

(✍️সন্মানীয় লিখক প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ-' সোনোৱাল কছাৰী তত্ত্ব আৰু বিশ্লেষণ' নামৰ কিতাপৰ 'সোনোৱাল কছাৰীসকলৰ আধ্যাত্মিক দৰ্শনঃ বৈশিষ্ট্য আৰু সংকট' নামৰ লিখাটোৰ পৰা তুলি দিয়া হৈছে।)
ফটো- ঋতুপৰ্ণা সোনোৱাল।

Sunday, 2 May 2021

শদিয়াৰ হালালী ৰাজ্য : সোনোৱাল কছাৰীসকলৰ হালালী ৰাজ্যৰ গীত মাত ঐতিহ্য আৰু পৰম্পৰা

      হাঁহ চৰাই না এ হেই ।
      হাঁহ চৰাই না হেই । 
ডাঙৰ ডাঙৰ ঐ কোন ডাঙৰ হেই ।
দেৱৰ ডাঙৰ ঐ খিৰিং ৰজা হেই ।
দেৱীৰ ডাঙৰ হৈ ভূৰুলী  - হাবুকী দেই ।
মোৰ ধন কলীয়া ঐ হয়ে কি অ - হয় হয়া।    
         প্ৰাচীন বৰ অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাত প্ৰভাৱশালী হৈ উঠা ৰাজনৈতিক শক্তিসমূহৰ ভিতৰত এক শক্তিশালী ৰাজ্য আছিল কছাৰী ৰাজ্য । কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী । ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কছাৰীসকলে নিজকে ' বড়োফিছা ' বা বড়োৰ সন্তান বুলি কয় । উত্তৰ কাছাৰ পাহাৰৰ কছাৰীসকলে নিজকে ' ডিমাছা ' বা বড়োৰ সন্তান বোলে । ' ডিমা - ফিছা' ৰ অৰ্থ ডাঙৰ নদীৰ সন্তান । বৰঅসমৰ পাটকাই পৰ্বতৰ পৰা ত্ৰিপুৰালৈকে আৰু হিমালয়ৰ পাদদেশ মহং মালিনীৰ পৰা বৰ্তমানৰ মিজোৰাম ৰাজ্যলৈকে কছাৰীসকল বিশিপ্তভাৱে বিয়পি আছে । বিশেষভাৱে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত সোনোৱাল কছাৰীসকলৰ বসবাস বেছি । ত্ৰয়োদশ শতিকাৰ আগভাগত চাওল্যুং চ্যুকাফাৰ নেতৃত্বত আহোমসকলে ৰাজ্য বিস্তাৰ কৰাৰ সময়ত কছাৰীসকলৰ ৰাজ্য পূৱে দিখৌ নদীৰ পৰা পশ্চিমে কপিলী নদীলৈকে আৰু দক্ষিণে বৰ্তমানৰ উত্তৰ কাছাৰ জিলা পৰ্যন্ত বিস্তৃত্ব আছিল । ডিমাপুৰ আছিল কছাৰীসকলৰ প্ৰসিদ্ধ ৰাজধানী আৰু আজিও তাৰ গৌৰৱময় ভগ্নাৱশেষ আছে । এনেধৰণৰ ভগ্নাৱশেষ পিছৰ কছাৰী ৰাজধানী মাইবঙতো পোৱা গৈছিল । ইয়েই প্ৰমাণ কৰে যে কছাৰীসকল প্ৰকৃততেই হিড়িম্বাপুৰ আৰু বৰ্তমানৰ ডিমাপুৰৰ বাসিন্দা । পিছলৈ আন ৰজা তথা অন্যান্য জনজাতীয়সকলৰ লগত হোৱা যুদ্ধৰ পৰিপেক্ষিতত তেওঁলোকৰ প্ৰায় ১০০০ কছাৰী পৰিয়ালে পৰ্বতে পাহাৰ অতিক্ৰমি ডফলা , লাকাম , হাওঁ আদি জনজাতিৰ লগত সংমিশ্ৰণ হৈ অৱশেষত শদিয়া পায় । কথিত আছে যে কছাৰীসকলে এইদৰেই শদিয়ালৈ আহি তাহানিৰ বৃহৎ শদিয়াৰ অন্তভূৰ্ক্ত কোনো এক স্হানত হালালী ৰাজ্য প্ৰতিষ্ঠা কৰে । হালালীৰ অৰ্থ হ'ল 'হা' মানে মাটি , 'লালী' মানে উজ্বল , সমৃদ্ধিশালী । হালালী ৰাজ্যৰ ৰজাজনৰ নাম আছিল হগ্ৰা । হগ্ৰা ৰজাই হালালী ৰাজ্যখন পৰিকল্পিতভাৱে আদৰ্শ ৰাজ্য হিচাপে গ্ৰহণ কৰি প্ৰজাসকলক সুখে শান্তিৰে ৰাখিছিল । সোনোৱালসকলৰ গণৰাজ্যখনৰ নামেই আছিল হালালী । ড° সূৰ্যকুমাৰ ভূঞাদেৱে তেখেতৰ কছাৰী বুৰঞ্জীত এই বিষয়ে উল্লেখ কৰিছে । ড° সূৰ্যকুমাৰ ভূঞাদেৱে বুৰঞ্জীত উল্লেখ কৰিছে যে শদিয়া আৰু দিহিং উপত্যকাত শদিয়লীয়া কছাৰীসকলে ( বৰ্তমানৰ সোনোৱাল কছাৰীসকলে ) এখন ৰাজ্য গঢ়ি তুলিছিল । তেওঁৰ মতে সেইখনেই হৈছে কছাৰী ৰাজ্য আৰু তাৰ বাসিন্দাসকল হ'ল শদিয়াল কছাৰী ।  
' হালালী ঐ লালৌ হয়া 
হেমালী ৰাজ্যতে আছিলো দেউতা 
সোণতে সুৱগা চৰাই না হেই । ( আগলৈ ) 

                 সংগৃহিত তথ্যৰ ভিত্তিত

তথ্য_সংগ্ৰহঃ- ভাইটি পলাশজ্যোতি গগৈ ৰ পৰা।

Thursday, 29 April 2021

সোনোৱাল কছাৰী সকলৰ মাজত ধৰ্মৰ বিভেদ।।

সেইসকললৈ যি সকলে এতিয়াও সোনোৱাল কছাৰী সকল হিন্দু ধৰ্মৰ বুলি কৈ থাকে--

ঔম খ্ৰীং ৰাজা ধৰণী,
গজাই গুৰু ধাকনী, আপুনি আয়লাসত ফুৰিছে, আপুনি চাকিছে,
দিন খায় দিন দেখিছে, ৰাতি খায় ৰাতি দেখিছে
আপুনি যতেই আছে তাৰে পৰাই আৰ্শীবাদ কৰক...... ভু....ভা
ভাৰত ভূ খণ্ডৰ অসম ৰাজ্যৰ খিলঞ্জীয়া তথা ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী সোনোৱাল কছাৰী সকল ভাৰতৰ জন-বিন্যাসৰ মাজ ৰে এটা ক্ষুদ্ৰ জনগোষ্ঠী। আমি নিজকে অসমৰ তৃতীয় বৃহত্ জনগোষ্ঠী বুলি দাবী কৰি আহিছো যদিও বৰ্তমান সময়ত আমাৰ এই দাবী কিমান যুক্তিসংগত সেয়া আমাৰ কিছু চিন্তনীয় বিষয়। সোনোৱাল কছাৰী জনজাতি জনগোষ্ঠীৰ ব্যক্তিসকলৰ চিন্তাধাৰৰ পৰিৰ্বতনে আৰু ব্যক্তি বিশেষৰ কৰ্ম কাণ্ডৰ পৰা কেতিয়াবা কেতিয়াবা অনুভৱ হয় যে সোনোৱাল কছাৰী হিচাপে আমি আমাৰ বৈশিষ্ট্য আৰু চৰিত্ৰ অক্ষুন্ন ৰাখিব পাৰিছোনে ? সমসাময়িক পৰিৰ্বতনৰ ঢৌৰ লগত নিজকে পাহৰি পেলাইছো নেকি ? বৰ্তমানে আমি নিজকে সোনোৱাল কছাৰী জাতিৰ এজন ব্যক্তি হিচাপে পৰিচয় দিবলৈ কুন্ঠাবোধ কৰিব ধৰিছোনেকি ? এনে ধৰণৰ বহু প্ৰশ্নই আমাৰ মনত বিৰাজ মান হৈ আছে।যি কি নহওক, সোনোৱাল কছাৰীসকলৰ নিজস্ব কৃষ্টি সংস্কতিৰ সমূহযে চৰ্চাৰ অভাৱত প্ৰসাৰ ঘটাত বিলম্ব হৈছে আৰু কিছু সংখ্যক কালৰ বুকুত হেৰাই যাবৰ উপক্ৰম ঘটিছে অথবা ইতিমধ্যে হেৰাই গৈছে- এই কথা সত্য। সেয়ে জনগোষ্ঠীটোৰ দূৰদৰ্শী তথা বিজ্ঞমহলে এই সমূহৰ উদ্ধাৰ, চৰ্চা,সংৰক্ষণ তথা সংবৰ্ধনৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। বিশেষকৈ জনগোষ্ঠীটোৰ মেৰুদণ্ডস্বৰূপ বাইথ' পূজাক অধিক জনমুখী কৰি তোলাৰ ক্ষেত্ৰত আজিৰ সোনোৱাল কছাৰীসকলৰ ভূমিকা উল্লেখযোগ্য।জাতি একোটাৰ সভ্যতাৰ মাপ কাঠি হল সেই জাতিটোৰ ৰ্ধম, ভাষা আৰু সংস্কৃতি। আৰু সেই ভেঁটিটোৰ ওপৰতে নিৰ্ভৰ কৰে জাতিটোৰ ভৱিষ্যত আৰু ইতিহাস। যেতিয়া জাতি একোটাই নিজৰ ঐতিহ্যক উপেক্ষা কৰে তেতিয়া জাতিটো বিশাল জাতিৰ বুকুত মাজত হেৰাই যাব। যাক কালেও ধৰি ৰাখিব নোৱাৰে। নতুবা তেনে ঐতিহ্যপূৰ্ণ জাতি একোটাৰ নিজৰ লিখিত দলিল স্বৰূপ বুৰঞ্জী নাথাকিলেও পৰম্পৰাগতভাৱে চলি অহা ফকৰা যোজনা, জনশ্ৰুতি,কিংম্বদন্তী, প্ৰবাদ বাক্য, গীত মাত, পূজা-সেৱাৰ ধৰণ কৰণৰ ওপৰত নিৰ্ভৰ কৰি জাতিটোৰ ঐতিহ্যক ৰাখিব লাগিব।সোনোৱাল কছাৰীসকলৰ পুৰাতন পন্হা হ᾿ল বাইথ᾿ পন্হা। সোনোৱাল কছাৰী জাতিৰ উন্মেষৰ দিন ধৰি সৌ সপ্তদশ শতিকালৈকে প্ৰায় ২000 বছৰ জুৰি এই পন্হাই বাহাল আছিল। তেতিয়ালৈকে তেওঁলোক আছিল প্ৰকৃতিৰ নামত নান দেৱ-দেৱী পুজক আছিল।এইটো পৰম বৈশিষ্ট্য যে সোনোৱাল কছাৰী লোকসকল আছিল বস্তুবাদী আছিল আৰু ইহজনম আৰু ইহজগতৰ হিতৰ অৰ্থহে দেৱ-দেৱীৰ পূজা পাতল কৰিছিল। সৌভাগ্য, সৌষ্ঠৱ বৃদ্ধি, কৃষিকৰ্মত উন্নতি, সন্তানপ্ৰাপ্তি, ৰোগমুক্তি আদিৰ দৰে বৈষয়িক অভিলাষতে সীমাবদ্ধ আছিল দেৱ-দেৱীৰ উপাসনাৰ মূল উদ্দেশ্য। যি ফল পাব এই জনমতে লাভ কৰিব। সেয়ে বাইথ᾿ পূজাৰ আশীৰ্বাদৰ সমাপ্তি কৰা হয় এনেদৰে ῾ভা.....ভূ...᾿ বুলি। ভা... মানে ভাৰস্ত, ভূ.....মানে ভূৱন প্ৰাপ্তি।
সোনোৱাল কছাৰীসকলৰ নিজা ধৰ্ম বাইথ'বাদ (বাইথ' ধৰ্ম) কি?
● জীয়াই থাকিবলৈ কৰা জীৱন সংগ্ৰামত আহৰণ কৰা অভিজ্ঞতা পৰা মনৰ সৰু অনুভূতিত আবিৰ্ভাৱ হয় বিশ্বাসৰ।সেই বিশ্বাসে কালক্ৰমত ,সমাজত থিতাপি লয় পৰম্পৰাৰ ।সেই পৰম্পৰাৰ পৰা যেতিয়া মানুহে এটা যোগাত্মক ফলাফল পায়,তেতিয়া সমাজখনে আন্তৰিকতাৰে গ্ৰহন কৰে,আৰু তেতিয়া সৃষ্টি হয় ধৰ্মৰ।ধৰ্মই সমাজক সুস্হিৰ আৰু শৃংখলাবদ্ধ কৰে।সোনোৱাল সকলৰ প্ৰাচীন ধৰ্ম হ'ল শাক্ত ধৰ্ম বা কিৰাত ধৰ্ম বা বাইথ'ধৰ্ম।এই প্ৰাচীন ধৰ্মীয় পৰম্পৰা পালন কৰি আহিছিল প্ৰাক্ - ঐতিহাসিক যুগৰ পৰা বৰ্তমানলৈকে বিভিন্ন সামাজিক তথা ব্যক্তিগত ধৰ্মীয় ক্ৰিয়া-কৰ্মৰ মাজেৰে।বাইথ' ধৰ্মীয় দৰ্শনৰ এটা সুকীয়া ঠাছ বা ধাৰা আছে যিটো অন্যান্য ধৰ্মীয় মতবাদৰ লগত সানমিহলি নোহোৱাকৈ প্ৰাচীনত্ব ৰহ্মা কৰি বৰ্তি আছে।সোনোৱাল কছাৰী সকলৰ ধৰ্ম হ'ল বাইথ' ধৰ্ম আৰু ইয়াৰ পন্হা হ'ল শাক্ত।দৰ্শনৰ নামকৰণ বাই-থ'বাদ ইংৰাজীত BAITHAOSIM।ধৰ্ম সৃষ্টিৰ আধাৰ খ্ৰীং খ্ৰীং বাইথ' পূজা।বাইথ'বাদত খ্ৰীং ৰাজাই হ'ল প্ৰধান ইষ্ট দেৱতা।ইয়াৰে 'ৰাজা' শব্দটোৱে সোনোৱাল সকলে দেৱতাক বুজায়।চাৰিমুঠি জীৱ (উৰণ,বুৰণ,গজন,ভ্ৰমণ) ৰ জীৱন স্ৰজন,লালন পালন আৰু সংহাৰ কৰোতাজনেই হ'ল খ্ৰীং।বাইথ'বাদত পুৰুষ আৰু প্ৰকৃতিক সমানে স্হান দিয়া হয়।বাইথ'বাদৰ দৰ্শন হল 'জীৱক মাৰি জীৱন পৰিত্ৰাণ'।জীৱৰ বাবেই আৰু জীৱৰ মংগলৰ বাবেই বিনাশৰ প্ৰয়োজন।এটা জীৱৰ বিনিময়ত পৃথিৱীৰ সমগ্ৰ চাৰিমুঠি জীৱ জগতৰ কুশল মংগল কামনা কৰা হয়।অৰ্থাৎ জীৱৰ বাবে জীৱন দান।এই প্ৰক্ৰিয়া চলি নেথাকিলে পৃথিৱীৰ প্ৰাণীবিলাকৰ মাজত ভাৰসাম্যও নোহোৱা হব।এই ভাৰসাম্য ৰহ্মা কৰিবৰ বাবে পুৰুষৰ ৰূপত খ্ৰীং ৰাজাক আৰু প্ৰকৃতিৰ ভূৰুলী হাবুকী ৰূপত পূজা পাঠ কৰি অনুৰোধ জনায় ।আকৌ আহো 'জীৱক মাৰি জীৱন পৰিত্ৰান' দৰ্শনলৈ।এটা প্ৰাণী জীয়াই থাকিবলৈ আন এটা প্ৰাণীয়ে ত্যাগ কৰিব লাগিব।বাইথ' দৰ্শনত ওপৰত উল্লেখ কৰা চাৰিমুঠি জীৱৰ আত্মাৰ মাজত কোনো প্ৰভেদ নাই।গতিকে সোনোৱাল কছাৰীসকলে ধৰ্মীয় আদৰ্শ বা দৰ্শন বৰ মহান,যত ব্যক্তিগত স্বাৰ্থৰ বাবে পূজা পাঠ নকৰি সমগ্ৰ জীৱজগতৰ বা সামগ্ৰিকভাৱে চাৰিমুঠি জীৱৰ মংগলৰ বাবে দেৱতাক খাটনি ধৰে।সেয়েহে বাইথ' বাদৰ আদৰ্শ পাৰ্থিৱ জীৱজগতৰ লগতহে জড়িত।বাইথ' ধৰ্মত কোনো দেৱ দেৱীৰ মূৰ্তি পূজাৰ স্হান নাই প্ৰতীকহে ব্যৱহাৰ কৰা হয়।সোনোৱাল সকলৰ বাইথ' ধৰ্ম অনুসৰি সকলো পূজাই ডাঙৰ গছৰ তলত অথবা প্ৰতীক তৈয়াৰ কৰি পূজা কৰাৰ নিয়ম।সোনোৱাল কছাৰী সকলৰ ধৰ্মীয় তত্ত্বত খ্ৰীং বা বাইথ'ৰ স্বৰূপ: -
১। তেওঁ একক শক্তিৰূপে খিৰিং বা বাইথ' অথাত্ সোনোৱাল সকলৰ ঈশ্বৰ। 
২। সৃষ্টিৰ গৰাকীৰূপে তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত শক্তি। 
৩। ত্ৰি-শক্তি অথাৎ জগতৰ সৃষ্টিকতা, পালনকতা আৰু সংহাৰকৰোতা। হিন্দু দৰ্শনৰ "ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ " তত্ত্বৰ লগত বাইথ'বাদৰ এই তত্ত্বৰ মিল আছে। 
৪। "তেওঁ চাৰিমুঠি জীৱৰ ত্ৰাণকতা। " সেই জীৱ চাৰিবিধ হৈছে গজন-উদ্ভিদ, বুৰণ-জলচৰ জীৱ, ভ্ৰমণ-স্থলচৰ জীৱ, উৰণ-উৰণীয়া জীৱ। সমস্ত জীৱকুল এই চাৰিবিধ জীৱৰ অন্তৰ্ভুক্ত আৰু বাইথ'ক জীৱ চৰাচৰৰ গৰাকী স্বৰূপ ব্যাখ্যা কৰা হৈছে। 
৫। তেওঁ পঞ্চভূতৰ গৰাকী। (বায়ু, পানী, অগ্নি, স্থল, আকাশ)। পঞ্চভূতৰ উদ্দেশ্যেৰে যি পূজা কৰা হয় তাকেই বাইথ' পূজা বোলে। পঞ্চভূতৰ সৃষ্টিৰ আধাৰ বাইথ'। বাইথ' নিৰাকাৰ, নিৰ্বিকাৰ, অক্ষয়, চিৰ চৈতন্যময় শক্তি যাক আমি ঈশ্বৰ বুলি পূজা কৰো।সোনোৱাল কছাৰী সংস্কৃতি আৰ্য্য হিন্দু, ইচলাম, বৌদ্ধ অথবা খৃষ্টান সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা সংস্কৃতি নহয় বা এই বিলাকৰ লগত কোনো পোনপটীয়া সংযোগো থকাৰ কোনো ইতিহাসত পাবলৈ নাই। আমি সেই সংস্কৃতিৰ উৎস বিচাৰি যাব লাগিব কেৱল কিৰাত সংস্কৃতিৰ বুকুৰ মাজলৈ। কিৰাত সংস্কৃতিৰ লোক সকলৰ ধৰ্ম আছিল নিজস্ব কৈৰাত ধৰ্ম। এইটো সোনোৱাল কছাৰীৰ লগতে সকলো কছাৰীৰ নিজৰ সুকীয়া ধৰ্ম আছিল। এই ধৰ্মত শিৱক প্ৰধান উপাস্য দেৱতা হিচাবে জ্ঞান কৰিলেও সকলো কছাৰীয়ে প্ৰতীক এটা এটা লৈহে পূজা পাতল কৰিছিল। এই ধৰ্মত ব্ৰাহ্মণ, পুৰোহিতৰ কোনো আৱশ্যক নাই। নিজেই পুৰোহিতৰ কাম কৰিছিল। সেই কৈৰাত ধৰ্ম ৰ পৰম্পৰা অনুসৰি আজিও সোনোৱাল কছাৰী সকলে পূজা-পাৰ্বণ ত ব্ৰাহ্মণ, পুৰোহিত নলগায়।সোনোৱাল কছাৰী সকলৰ কথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড• পিতাম্বৰ দেৱগোস্বামী দেৱে এখন স্মৃতিগন্থ "আশীর্বাদ" লিখিছিল যে- " কেশৱদেউ গোসাঁই ঈশ্বৰে কেৱল আত্মৰক্ষাতে ব্যস্ত নাথাকি এটা জনগোষ্ঠীক হাবিৰ মাজৰ পৰা উলিয়াই প্ৰথমতে সামাজিক মৰ্যাদা প্ৰদান কৰিছিল। সেই গোষ্ঠীটোৱেই সোনোৱাল সম্প্ৰদায়। "
এতিয়া কথা হল সোনোৱাল নামৰ এটা ঐতিহাসিক তথা সংস্কৃতিপূৰ্ণ জাতিৰ বিষয়ে এনেকৈ কবলৈ অধিকাৰ কত পালে। বছৰে বছৰে কৰ দি থকা মানে এইটো নহয় যে তেওঁ জাতিটোৰ সৰ্ব্বে-সৰ্ব্বা। এটা কথাই ইয়াৰ পৰা বুজিব পাৰি যে সোনোৱাল কছাৰী সকলক হাবিতলিয়া জাতি বুলি কৈ নিজৰ পাণ্ডিত্য গুনক হেয জ্ঞান হে কৰিছে। সোনোৱাল কছাৰী সকল এটা জাতিক এনেকৈ প্ৰচাৰ হৈ থাকিব আৰু আমি মনে মনে বহি থাকিম নে? আহক আজিৰ পৰাই আমাৰ মাজৰ পৰা সত্ৰ সংস্কৃতিক আমাৰ সমাজৰ পৰা পুলিয়ে পোশাই উভালি পেলাবৰ বাবে সংকল্পবদ্ধ হও। তেওঁলোকে হৰণ- ভোজনৰ নামত আমাৰ সমাজ ব্যৱস্থা ধংস হে কৰি আছে মনত ৰাখিব। আহক পুনৰ আমি আকোৱালি লওঁ আমাৰ আপোন নিজস্ব বাইথ' সংস্কৃতিক। আহক আমি আজিৰ পৰাই গতি কৰো বাইথ বাদৰ অন্মেষণত আমাৰ নিজা ধৰ্মমতলৈ।কছাৰী সকলৰ ধৰ্মীয়ভাৱে ৪ ভাগত বিভক্ত কৰিব পাৰি- বেহাৰী, হেন্দুৰীয়া (আগমী), হেন্দুৰীয়া (নব্য), পূৰ্ণ বৈষ্ণৱী। 
সোনোৱাল কছাৰী সকলৰ বেহাৰী কৰ্ম - বেহাৰী অনুষ্ঠানত পুৰাতন ধৰ্মীয় পৰকাষ্ঠা পালন কৰা হয়। নাম-কীৰ্তনৰ ব্যৱস্থা নাই, আশীৰ্বাদত হৰি, কৃষ্ণ, ৰাম, নাৰায়ণ, গোবিন্দৰ উল্লেখ নাই। পুৰাতন নিয়মেৰে পালন কৰা মিতুক দিয়া,খিন ভঙা, বাইথ' পূজা, সৰগদেউ পূজা, গজাই পূজা আদি কৰা হয়। পূজাত বলিবিধান, মদমেৰা, কেঁচাপিঠা আদিৰ ব্যৱহাৰ কৰা হয়। বলিবিধান পুৰাতন নিয়মেৰে ডিঙি কাটি বা জীয়াই জীয়াই পুৰি কৰা হয়। খিনভঙা বা মিতুক দিয়াত মদমেৰা আৰু কেঁচাপিঠাৰ ব্যৱহাৰ উল্লেখযোগ্য বৈশিষ্ট্য। বহু দেৱ দেৱীৰ বিশ্বাস আৰু পূজা বেহাৰী পন্থাৰ মূল বৈশিষ্ট্য। বেহাৰী নিয়মত জন্ম -মৃত্যু-বিবাহ সম্পৰ্কীয় নিজা অনুষ্ঠান আছে। উদাহৰণস্বৰূপে- বেহাৰী দহা ৰাতি কৰা হয়। বেহাৰী পন্থাৰ লোকৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে। বৰ্তমানে বাইথ'ত হচং দি এই বেহাৰী পন্থাক পুনৰ উজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। এসময়ত ডাঙৰীৰ ন-পথাৰ গাঁৱত বাইথ' মন্দিৰত পালন কৰি থকা বাইথ' পূজাসোনোৱাল কছাৰী লোক অধ্যুষিত অঞ্চললৈ বিস্তাৰ কৰা হৈছে। এই ব্যৱস্থাৰ এটা ভাল ফল পোৱা গৈছে। বাইথ' পূজা সোনোৱাল কছাৰী সকলৰ এটা জাতীয় নাম হৈ পৰিছে। আশা কৰো বাইথ' পূজাৰ লগে লগে সোনোৱাল কছাৰী সকল ৰ মাজত বেহাৰী পন্থা তোৱেও আগবাঢ়ি যাওক।আমাৰ সমাজখন বৰ্তমানে সত্ৰৰ ছত্ৰচায়া অধিক পৰাৰ পৰিপেক্ষিত্ৰত আমি পুৰাতন ধৰ্মীয় পৰম্পৰাৰ পৰা আতৰি গৈছো তথাপি আজি কেইবছৰ মানৰ পৰা নৱ প্ৰজন্মই পুনৰ পুৰাতন পন্হাটোক আকোৱালি লবৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে ইয়ো এটা জাতিটোৰ বাবে শুভ লক্ষন।এই দিশত নতুন প্ৰজন্মই গাওঁৰ জেষ্ঠসকলৰ লগত আলোচনা কৰি বাইথ ধৰ্মৰ কথা বুজাই কোৱাৰ থল আহি পৰিছে।সংস্কৃতি, ধৰ্ম, ভাষা সংৰক্ষিত কৰাৰ গুৰু দ্বায়িত্ব নৱ প্ৰজন্মই পালন কৰিব লাগিব। উচ্চ শিক্ষিত সোনোৱাল সমাজত থকা বিভিন্ন দিশ সমূহ য়েনে- কলা,সংস্কৃতি, ভাষা-সাহিত্য, অৰ্থনীতি, সমাজনীতি আদি দিশত প্ৰণালীবদ্ধ গৱেষণাৰ যোগেদি নিজৰ লগতে সমাজখনকো আগুৱাই নিব পাৰে। বিভিন্ন জাতীয় সংগঠনৰ বেনাৰত জাতীয় সংস্কৃতি বিলাক প্ৰচাৰ মাধ্যমৰ যোগেদি আৰু অলপ জনমুখি কৰাৰ সময় সমাগত।
এই বিলাক চৰ্চা আৰু অধ্যয়নৰ বাবে আগৰ সময়ছোৱাত যথেষ্ট অসুবিধা আছিল।সেই সময়ত জেষ্ঠসকলৰ মাজত আছিল সংৰ্কীণতাৰ মনোভাৱ। ধৰ্মক দোহাইদি কব নাপায়, কৰিব নাপায় বুলি কৈ মেটমৰা সংস্কৃতিৰ বৰপেৰা কাকো নজনোৱাকৈ নিজৰ লগতে সকলোলৈ গল। বৰ্তমান যান্ত্ৰিক তথা বিজ্ঞানৰ ন-ন আৱিস্কাৰৰ সমলেৰে এইবিলাক ৰক্ষণাবেক্ষন আৰু সংগ্ৰহত যথেষ্ট সূচল কৰি তুলিছে।কাজেই সোনোৱাল কছাৰী সমাজৰ মাজৰ পৰা নতুন প্ৰজন্মই কু সংস্কাৰ, অন্ধবিশ্বাস আদি দিশৰ পৰা মুক্ত কৰা গুৰু দায়িত্ব যুৱসমাজৰেই পালন কৰিব লাগিব।
সামৰণিত আলোচ্য কথাবোৰ আমাৰ সমাজৰ প্ৰতিটো কানলৈ বিয়পি যাওক তাৰে কামনা কৰি আমি জাতিটোৰ ৰক্ষাকবচ হিচাপে থিয় দিলে নতুন প্ৰজন্মৰ হাতত জাতীয় সমাজ সংস্কতি সোণত শুৱগা হৈ উজ্বলি ৰব।
(বিঃদ্ৰ-সাহিত্যিক শ্ৰীযুত প্ৰশান্ত কুমৰাল আৰু শ্ৰীযুত ৰতন আঠুৱাল ডাঙৰীয়াৰ কলমৰ পৰা।)

আহ্বান

সোনোৱাল কছাৰীৰ উঠি অহা প্ৰজন্মলৈ এটি কাতৰ অনুৰোধ- আজি আমাৰ জাতিৰ কথা ভাবিব লগীয়া আৰু একান্ত ভাবে কাম কৰাৰ যুৱক –যুৱতীৰ অতিকৈ প্ৰয়োজন হৈছে। প্ৰয়োজন হৈছে জাতি টোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ উদ্যমী লোকৰ। আমি আজি চিঞৰিলে নহব যে আমি কছাৰী জাতিৰ সাহসী মানুহ বুলি, হয়তু এইষাৰ কথা আন জাতিৰ মানুহৰ আগত কলে আমাক পুতৌ লগা দৃষ্টিৰে চাব। আমি জাতিটোক আনৰ আগত হাঁহিয়তাৰ পাত্ৰ নহবৰ বাবে হাতে কামে লাগিব লাগিব। আপোনালোকৰ বহুমূলীয়া সময়ৰ অলপ সময় জাতিটোক আগুৱাই নিয়াত দিব নোৱাৰিব নে ? অতীতৰ পৰাই সুবিধাবাদী সকলে যিয়ে যেনেকৈ পাৰে জাতিটোক লুণ্ঠন, শোষন হে কৰি আহিছে কিয় ? এই ভুলটো আমাৰেই নহয় নে ? আমি সুবিধা দিছো আমাক লুণ্ঠন কৰিবলৈ, শোষন কৰিবলৈ বাৰে বাৰে। আজিৰ প্ৰজন্মক এই বিলাক কথা কোৱাৰো যুক্তি নাই কিন্ত্ত এবাৰ ভাৱক অনুভৱ কৰক আমাৰ জাতিৰ বুকুভগা কান্দোন, ধৰ্ষিতা হোৱা নাই জানো বাৰে বাৰে আমাৰ জাতি কিন্ত্ত কাৰো আহৰি নাই ভাৱিবলৈ জাতিৰ কথা।মাত্ৰ জানজাতিপ প্ৰমানপত্ৰ খনে আপোনাক জনজাতি বুলি চিনাকী নিদিয়ে দিয়ে জাতিটোৰ কৃষ্টি, সংস্কৃতি আৰু ৰীতি নীতিয়ে। এবাৰ অনুভৱ কৰক জাতিটোৰ হিয়া ভগা কান্দোন। এই কথাবোৰ কাৰো গাত নালাগে হেইতো জানো তথাপি এটি নিষ্ফল প্ৰয়াস কৰিছো জাতিতোৰ উচুপনি শুনি। এবাৰ মাত্ৰ আপোনাৰ বুকুৰ কোঠৰিত অনুভৱ কৰক জাতিৰ কথা তেতিয়াই শুনা পাৱ আপুনি কোন ? আপুনি ক'ত ? আপোনাৰ কৰণীয় কাম কি ?

Friday, 17 April 2020

সোনোৱাল কছাৰী সকলৰ বাইথ' পূজা আৰু গোঁসাই সকলৰ কূটনীতি।

১৬০৩ শকত গোঁহাই কেশৱদেউ গোস্বামীয়ে বাইথ' ধৰ্মটো সোনোৱাল কছাৰী সকলৰ মাজৰ বৈঞ্চৱ পন্থা মানুহ বিলাকক লগত লৈ সোনোৱাল কছাৰী সকলৰ মাজৰ পৰা সম্পুৰ্ণ ৰূপে নিশেষ কৰি দিবৰ বাবে চেষ্টা চলাইছিল৷গতিকে বাইথ' পূজাত ব্যৱহাৰ কৰা হাইদাং গীতৰ সঁজুলি বিলাক আৰু বলি কতা খান্দা খন গোঁসাইক জমা দিবৰ বাবে আদেশ দিয়া হৈছিল৷সেই সময়ত গোঁসাই কেশৱদেউ লুইত(বক্ষ্মপুত্ৰ)ৰ কাষত বাহৰ পাতি আছিলহি৷যি দিনা সঁজুলি বিলাক গোঁসাইক গটাই দিব তাৰ আগদিনা ৰাতি সকলোৱে গোঁসাইৰ অজ্ঞাতে বাইথ পূজা অনুষ্ঠিত কৰি হেঁপাহ পলুৱাই হাইদাং গীত,হুঁচৰি আৰু অন্যান্য গীত-মাত বিলাক কাৰণ পিছদিনা খনৰ পৰা আৰম্ভ কৰিব লাগিব নতুন সংস্কৃতিৰে নৱযাত্ৰা৷ কিন্তু সোনোৱাল কছাৰী সকলৰ দোষ বুজি পাই বতাহ-ধুমুহা-শিলাবৃষ্টি হৈ আৰ্বিভাৱ হ’ল খিৰিং ৰাজা,গজাই,মনাই,ফুলকোঁৱৰ,ভূৰুলী-সাবুকীকে আদি কৰি সকলো দেৱ দেৱীৰ৷ভয়ংকৰ ৰূপ ধাৰণ কৰি বানপানী আৰু ধুমুহাই উটুৱাই নিলে বাহৰ পাতি থকা গোঁহাই কেশৱদেউৰ সহিতে ছয় কুৰি বৈঞ্চৱক আৰু সেই তেতিয়াৰ পৰাই বাইথ' পূজা ৰাতিৰ পৰাহে আৰম্ভ কৰা হয়৷সেই হাইদাং গীতৰ সঁজুলি বিলাক আৰু খান্দা খন এতিয়াও ডাঙৰী অঞ্চলৰ ন-পথাৰ গাওঁৰ বাইথ মন্দিৰত এতিয়াও বিৰাজমান।

Thursday, 16 April 2020

সোনোৱাল হুঁচৰি কি?

সোনোৱাল কছাৰী সকলৰ হুঁচৰি গীতৰ তাৎপৰ্য - হুঁচৰি বা হুঁছাৰি গীতৰ তাৎপৰ্য হৈছে - 
হুঁ-চিঞৰ, চিঞৰি। 
ছা-আৰ্শীবাদ বা কুশল। 
ৰি-উত্তেজিত বা উৰুলি। অৰ্থাৎ হুঁচৰি শব্দৰ অর্থ হৈছে আনন্দত উত্তেজিত হৈ চিঞৰি চিঞৰি কুশল কামনা কৰা। হুঁচৰি গীতৰ সৃষ্টিৰ মূলতে সোনোৱাল কছাৰী সকলৰ মাজত এক জনশ্ৰুতি আছে-
'কৈলাসৰ শংকৰে হুঁচৰি শ্ৰজিলে
পাৰ্বতীয়ে শ্ৰজিলে নাম। 
কৈলাসৰ পৰা নমাই লৈ আহিলে,
সুৱচনী কুঁৱৰীয়ে পাই। 
সুৱচনী কুঁৱৰীয়ে শদিয়া ৰাজ্যতে, 
মুনিচক দি গল দান। '

এতেকে দেখা যায় শদিয়া ৰাজ্যত থাকোতেই সোনোৱাল কছাৰী সকলৰ হুঁচৰি সৃষ্টি। সোনোৱাল কছাৰী সকলৰ হুঁচৰি আমাৰ নিজৰ মাংগলিক আৰু ধৰ্মীয় অনুষ্ঠান এই হুঁচৰি অন্য হুঁচৰিৰ দৰে যি কোনো নাম বা পদেৰে গাব নোৱাৰে। ব'হাগ বিহুক সোনোৱাল কছাৰী সকলে বলি ৰজাৰ বিহু বুলিও কয় যিহেতু সোনোৱাল কছাৰী সকল বলী ৰজাৰ বংশধৰ। তিনিশ, তিনিকুৰি তিনিদিনৰ মূৰত বলি ৰজাৰে নিজৰ বংশধৰ সকলক পাতালৰ পৰা মৰ্ত্যলৈ এবাৰ দেখা দিবলৈ আহে বুলি সোনোৱাল কছাৰী বিশ্বাস কৰে আৰু বলি ৰজাৰ স্মৰণৰ অৰ্থে এই বিহু পতা হয় বুলি জনা যায়। বলি ৰজাৰ মৃত্যুত সোনোৱাল কছাৰী সকলৰ ৰমণে নদীৰ পাৰত হিয়া ভুকুৱাই ইনাই বিনাই কান্দিছিল আৰু সেই বিননিৰ পৰাই হুঁচৰি গীতৰ ৰূপান্তৰ হ'ল বুলি জনবিশ্বাস আছে।

সোনোৱাল কছাৰী সকলৰ বিষয়ে চমুকৈ।

সোনোৱাল কছাৰী সকলৰ শেষ ৰাজ্য আছিল হালালী কছাৰী সকলৰ ভাষাত হা-মাটি,লালী- উজ্বল অৰ্থাৎ উজ্বল মাটিৰ ৰাজ্য। সোনোৱাল কছাৰী সকল বৃহত্বৰ বড়ো গোষ্ঠীৰ লোক।হালালী ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ।এই হালালী ৰাজ্যত কছাৰী সকলৰ প্ৰায় 14 জন ৰজাই ৰাজত্ব কৰি যোৱাৰ কথা বিভিন্ন তথ্যৰ যোগেদি পোৱা যায়।এই সোনোৱাল কছাৰী  সকলৰ সোনোৱাল নামটোৰ তাৎপৰ্য বিশ্লেষন বহু পণ্ডিতে বিভিন্ন ধৰনে দিব খোজে যদিও সকলো তথ্য শুদ্ধ নহয় ।বহু পণ্ডিতে লিখিছে যে সোনোৱাল কছাৰী সকলে আহোমৰ দিনত সোৱনশিৰী নৈত সোণ উৎপাদন কৰিছিল বুলি কয় যদিও এই কথা শুদ্ধ নহয় কাৰন আহোম অহাৰ আগতেই সোনোৱাল নাম আছিল এই সকলে নিজৰ পাণ্ডিত্য গুণক বহুৱালী কৰাৰ বাহিৰে আন একো কৰা নাই কাৰো গাৰ বলত এটা জাতিৰ সৃষ্টি কৰি দিব নোৱাৰে ।বিখ্যাত গ্ৰীক দাৰ্শনিক 'টলেমি' য়ে বিৱৰনীত 'বাদুসোঁণলয়' শব্দ এটা আছে যত কিৰাত সকল এই মুলুকলৈ আহোতে যিকেইটা ফৈদ আহিছিল তাৰে এটা সোনোৱাল সকল।সেইকেইটা ফৈদ হ'ল- ডিমাচা,বৰো,লালুং,হাজং,মৰাণ,চুটীয়া,মেছকোঁচ,গাৰো,আৰু ৰাভা।'বাদুসোঁণলয়' শব্দৰ অৰ্থ হ'ল বীৰ বা পৰাক্ৰমী , তেনে অৰ্থতে সোনলয় অৰ্থাৎ সোনোৱাল কছাৰী সকল।কিৰাতী সকলে কিৰাত কিৰাতী পূজাত মন্ত্ৰত এই বাৰটা বংশৰ নামত নৈৱেদ্য আগবঢ়ায়।এই সোনোৱাল সকলে ৰত্নগৰ্ভা অসমত একমাত্ৰ জনগোষ্ঠী যিসকলে সোণ,তাম,লো আৰু লোন উৎপাদন কৰাৰ প্ৰথা জানিছিল।সোনোৱাল কছাৰী সকলৰ প্ৰথম ৰজা হগ্ৰাই 1000 সৈন্যক লগত লৈ ব্ৰহ্মপুত্ৰৰ উওৰ দিশ শদিয়ালৈ উজাই আহি সোৱনশিৰী নৈকে আদি কৰি নৈৰ পাৰৰ সাৰুৱা অঞ্চলকে আদি কৰি দিহিং,দিবং,শদিয়া,কুণ্ডিল খণ্ডকলৈ হালালী ৰাজ্য স্হাপন কৰে ।এতিয়া সোনোৱাল কছাৰী সকল সোণ কমোৱাৰ পৰা সোনোৱাল নাম লৈ টুলুঙা মন্তব্য দিয়া সকলে পঢ়ি লব ।(চমুকৈ উল্লেখ কৰা হ'ল)

সোনোৱাল কছাৰী সকলৰ হাইদাং গীত।

সোনোৱাল কছাৰীসকলৰ 'হাইদাং গীত' অসমীয়া ভাষা সাহিত্যৰ বাবে এক আপুৰুগীয়া সম্পদ। এই হাইদাং গীত সোনোৱাল কছাৰী সমাজৰ ধৰ্মীয়, ঐতিহাসিক বেলাড আৰু বেদ স্বৰূপে স্বীকৃতিপ্ৰাপ্ত। হাইদাং গীত সমূহ ধৰ্মৰ সৈতে জড়িত যদিও বাইথ' পূজাত হে এই গীত গোৱা হয়। হাইদাং গীত সোনোৱাল কছাৰীসকলৰ অতীত দৰ্শন নিহিত হৈ আছে । এই গীতৰ আৰম্ভনিতে বন্দনা ভাগত বিশ্বব্ৰহ্মণ্ডৰ সৃষ্টিৰ কথা কোৱা হৈছে। গীতৰ আন এটি অংশত সোনোৱাল কছাৰীসকলৰ সাত খেল আৰু চৈধ্য বংশৰ কথাও উল্লেখ আছে। সোনোৱাল কছাৰীসকলৰ হাইদাং গীত কছাৰীসকলৰ এক অপৰিহাৰ্য অঙ্গ।
এই খিনিতে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ এক অভিমত দাঙি ধৰিব বিছাৰিছো "কছাৰী বুলি অসমীয়াৰ আগ মঙহ ফেৰা কাটি নি, চুলিডালকে দুফাল কৰা বুৰ়ঞ্জীবিদ আৰু নৃ-তত্ত্ববিদসকলে যিমানেই অসমীয়া জাতিক নিলগ নকৰক, কছাৰী মাত্ৰেই যে অসমীয়াৰ তেজ মঙহ তাক নুই কৰিব ঠেৰুৱেই নাই। কছাৰীৰ ডিমাছা নামটোৱেই অসম বুৰঞ্জীত ব্ৰক্ষ্মপুত্ৰৰ বংশ বুলি কোৱা আছে। বিশ্বনাথৰ প্ৰতাপপুৰীয়া ৰজাৰ ভাৰ্যা কুৰুকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা আৰিমত্ত এই ব্ৰক্ষ্মপুত্ৰ কুলৰ ঔৰসজাত সন্তান বুলি কথিত আছে। জা-জলপান, চাউল, ডাৱৰ, ভাং, ডাৱ (ডাব-কটাৰী), দোং, ডিঙ্গি (নাও) আদি নিতৌ ঘৰুৱা কথাত ব্যৱহাৰ হৈ থকা অসমীয়া শব্দ মূলত: কছাৰী। নৈৰ ভালেমান নাম যে থলুৱা লোকেই দিয়া তাক কোৱাৰ সকাম নাই।শদিয়াৰ কৌণ্ডিল্য বা কুণ্ডিল নগৰৰ নামো হালালী বুলি সেইসকল নিবাসী কছাৰীয়েই দিয়া।গুৰিতে এটা হ'লেও, কছাৰীৰ ঠাল- ঠেঙুলি বহুতো। তাৰ ভিতৰত লুইতপৰীয়া সংস্কৃতি গঢ় দিয়াত এই কেইটা প্ৰধান:-বদৌচা, ধ্যান বা দেহান, লাঠোচা, ঠাউচেনচা, হাফালংচা, হাম্মুচা। হাম্মুচা ঠালটোৰ বুৰঞ্জীমূলক আখ্যানেই অসমীয়া সাহিত্যৰ এছোৱা পূৰঠ কৰি গৈছে। দেহান বা ধ্যান খেলটো একেবাৰে উজনিৰ পৰা ওলাই অহা। তেজীমলা, পানচৈ, কাচনমতী, ফুলৰা-চতৰা, লখাই তৰাকেআদি কৰি আমাৰ মাজত চলি থকা ভালেমান সাধুকথা এইটো খেলৰ পৰাই মুখে মুখে চলি অহা।– গতিকেই কছাৰী সংস্কৃতি সুকীয়া বুলি অসমীয়াৰ গাৰ পৰা এৰুৱাই নিলেও, বুৰঞ্জীক চিঞৰাই এশবাৰ ক'ব লাগিব যে স্বতী নৈৰ পাৰৰ কছাৰীয়েই অসমীয়া সংস্কৃতিৰ ৰাজহাড়। এই হাম্মুচা ঠালৰ লোকসকলেই সোনোৱাল কছাৰী সকল।
(সহায় লৈ- সোনোৱাল কছাৰীসকলৰ পৰিয়াল পৰিচয়- ৰাজু সোণোৱাল, ডিব্ৰুগড়)

Wednesday, 15 April 2020

থিফাই থকা নামঘৰ সোনোৱাল কছাৰীসকলৰ নে?


বহুতৰ মতে নামঘৰৰ সোঁমাজত থকা বেদীসদৃশ সামান্য ওখ ভূমিখণ্ড গজাই গুৰুৰ সমাধিৰ প্ৰতীক। সেৱকসকলে গজাই গুৰুৰ সমাধিৰ প্ৰতীকটোৰ চাৰিওফালে বহি পুৰাতন ধৰ্মীয় কৃত্যসমুহ পালন কৰিছিল। কালক্ৰমত ৰ'দ,বতাহ আদিৰ পৰা ৰক্ষা পৰিবলৈ চালি এখন দিয়াৰ ব্যৱস্হা কৰি এক গৃহলৈ পৰিবৰ্তন কৰিছিল। সেই গৃহৰ তলত পূজা হৈছিল, আলোচনা হৈছিল।কিন্ত্ত নাম লোৱা হোৱা নাছিল, কিয়নো সোনোৱাল কছাৰী সমাজত পুৰুষৰ বাবে পূজাৰ কোনো নাম নাছিল (হায়দাং গীত বাদ দি)।
সেই গৃহটিকে পৰৱৰ্তীকালত বোধহয় হেন্দুৰীয়া (আগমী আৰু সত্ৰীয়া) সমাজে অধিকাৰ কৰি হৰিক স্হাপন কৰিলে। থিফাইৰ ঠাইত স্হান দিলে ভাগৱতক।গজাই পূজা পৰ্যৱশিত হল গছৰ তললৈ। আনবোৰ পূজাত ঘৰৰ কোনো প্ৰয়োজন নাছিল বাবে কোনেও কথাটোত গুৰুত্বই নিদিলে। এইদৰেই আদিম গৃহটিৰ নাম বোধহয় সলনি হল আৰু নাম পালে নামঘৰ।
সেয়েহে ছাগৈ থিফাই থকা নামঘৰ সোনোৱাল কছাৰী নামঘৰ বুলি থকা ধাৰণা গজগজীয়া হৈ থাকিল।
কিন্ত্ত কথা হল যে নামঘৰৰ উক্ত বেদীটুকুৰা নামত থিফাই হৈ থাকিলেও কামত গজাই গুৰুৰ সমাধিৰ প্ৰতীক হৈ থকা নাই। সেয়া পৰিবৰ্তন হৈছে হৰিৰ বাহালৈ। তাত ভাগৱতক স্হাপন কৰি হৰিক প্ৰতীষ্ঠা কৰা হৈছে। নামঘৰতো গজাইক স্মৰণ কৰা নহয়, বৰং ৰ্কীতন-দশম-গুণমালা-নামঘোষা-বৰগীত-ভাওনা আদিহে কৰা হয়।নামঘৰত পুৰাতন সোনোৱাল কছাৰী সংস্কৃতিৰ কোনো উপাদান পালন কৰা নহয়. গতিকে উক্ত আদিম গৃহটিয়ে তাৰ চৰিত্ৰ সম্পুৰ্ণ ত্যাগ কৰিলে।
গতিকে এতিয়া থিফাই থকা নামঘৰটি সোনোৱাল কছাৰীৰ নামঘৰ বুলি কোৱাৰো বোধহয় যুক্তি নাই।
থিফাই থকা নামঘৰ সমাজ বহাৰ ব্যৱস্হা মণিকুট থকা নামঘৰৰ সমাজ বহাৰ ব্যৱস্হাৰ লগত নিমিলে। থিফাই থকা নামঘৰত সমাজ তিনিফালে বহে। মুধৰ(সমুখৰ) ফালে, সোঁফালে আৰু বাওঁফালে।পিছৰফালে মুক্ত, যিফালে ভকত, সেৱকী প্ৰৱেশ কৰে। মুধত মেধী, সাতোলা আৰু মূল ভকত কেইজন বহে। আনহাতে মণিকুটীয়া নামঘৰত সমুখত মণিকুট থকাৰ বাবে মুধছৰ ফালে ভকত বহিব নোৱাৰে। ফলত দুফালে ভকত বহে।
অৱশ্যে সোনোৱাল কছাৰীৰ পুৰাতন নিয়মত মুধত সেৱকী নবহাই নিয়ম। বাইথ' পূজাত মন্দিৰ মূধত বাইথ' গম্বুজ অৰ্থাত্ গন্ধসৰৈ খুঁটাৰ গুৰিটো থাকে। সেৱকী পাছত দুয়োফালে বহে। সৰগদেউ পূজাতো সমুখত পূজাৰ ভাগ থাকে।গজাই পূজাতো একে ব্যৱস্হা। আন পূজাসমূহতো সমুখত পূজাৰ ভাগ দি সেৱকী পাচত বহে। গতিকে সোনোৱাল কছাৰীৰ পুৰাতন নিয়মৰ লগতো থিফাই থকা নামঘৰৰ সাদৃশ্য নাই।
শ্ৰীমন্ত শংকৰদেৱে নামঘৰৰ ধাৰণা ক'ৰ পৰা ললে সেয়া লৈ পণ্ডিসকলৰ গৱেষনা জাৰি আছে। বহুতে জনজাতীয় সমাজৰ ডেকাচাং, মুৰংঘৰ বা সোনোৱাল কছাৰী সমাজৰ গজাইৰ সমাধিঘৰ আদিৰ পৰা নামঘৰৰ ধাৰণা লৈছিল বুলি মত প্ৰকাশ কৰে। যিকি নহওক নামঘৰে 'নাম লোৱা ঘৰ' হিচাপে তাৰ নিজৰ চৰিত্ৰ গঢ়ি তুলিলে আৰু তাত জনজাতীয় উপাদানসমূহৰ চিন মোকাম নোহোৱা হৈ গল।
গতিকে নামঘৰ সোনোৱাল কছাৰীৰ পুৰাতন ঐতিহ্য বুলি কোৱাৰ কোনো যুক্তি নাই। ই এটা সময়ত আদৰি লোৱা এক ধৰ্মীয় উপাদানহে।
(সোনোৱাল কছাৰী সমাজৰ বিশিষ্ট লিখক শ্ৰী প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ 'সোনোৱাল কছাৰী তত্ত্ব অন্বেষন' কিতাপৰ 'নামঘৰ সোনোৱাল কছাৰীৰ পুৰাতন ঐতিহ্য হয় জানো?' পৃষ্ঠাটোৰ পৰা হুবহু তুলি দিয়া হ'ল। লিখকৰ ওচৰত ক্ষমা ৰ্প্ৰাথনাৰে- জিতুল ৰাজ ফৰমাল)

Saturday, 25 January 2020

বিভেদমুখী ৰাজনীতি আৰু সোনোৱাল কছাৰী সকল।



'উৰি গল‌ পক্ষী,
পৰি ৰল পাখি,
কিৰাতি ঐ হালালী ৰাজ্যৰে বাসী।।

সেই ৰজা নাই ,হালালী নাই,সোনোৱাল কছাৰী সকলো আজি বিভিন্ন কাৰণত বিভাজিত হৈ কেলধেপ কেলধেপকৈ জীয়াই আছে। ৰাজনৈতিক ভাৱে বা সামাজিকভাৱে আজি জাতিটো এক হ'ব পৰা‌ নাই আৰু কোনোদিনেই নোৱাৰে। কাৰণ জাতিটো আগুৱাব হ'লে নৱ প্ৰজন্ম আগবাঢ়ি আহিব লাগিব ,মহিলা, চাকৰিয়াল সকলোৱে হাতত হাত ধৰি আমি সংগ্ৰাম কৰিব লাগিব। সঁচা কথা এটা কব‌ই লাগিব সৌ সিদিনালৈকে সোনোৱাল কছাৰী সকলে নিজৰেই বংশধৰ বড়ো ভাই সকলক হাঁহিছিল উপলুঙা কৰিছিল। কিন্তু আজি তেওঁলোকে দেখুৱাই দিলে তেওঁলোক সোনোৱাল কছাৰী সকলতকৈ বহু উচ্চ । তেওঁলোকে জাতিটোক সুৰক্ষা দিবলৈ আন্দোলন বিলাক আগবঢ়াই নিবলৈ প্ৰকৃত নেতাৰ সৃষ্টি কৰিছে আগুৱাই দিছে সেইসকল নেতাক জাতিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কিন্তু সোনোৱাল কছাৰী সকলে ??? নেতা সৃষ্টি কৰা নাই সৃষ্টি কৰিছে দালালৰ জাতিটোক বন্ধকত থোৱা দালালৰ। সৌ সিদিনালৈকে অৰ্থাৎ জাতিটোৱে 'স্বায়ত্ত শাসিত পৰিষদ' আগমূহুত্বলৈকে ঠিকেই আছিল তাৰ পিছতেই জাতিটোক লৈ খেলা আৰম্ভ কৰি দিলে কংগ্ৰেছ, বিজেপি নামৰ ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল সমূহে জাতিটো এক হোৱাৰ সময়তেই সৃষ্টি হ'ল বিভ্ৰান্তিৰ । ৰাষ্ট্ৰীয় দলৰ গ‌ইনা লৈ খেলা আৰম্ভ হ'ল আৰম্ভ হ'ল প্ৰতিযোগিতাৰ কোনে কিমান দুৰ্নীতি কৰি নিজৰ পকেট গৰম কৰিব‌ পাৰে। সকলোৱে নিজক লৈ ব্যস্ত হৈ পৰিল ভাৱিলে যে - 'স্বায়ত্ত শাসিত পৰিষদ' খন পালে যেতিয়া চিন্তা নাই । বহুতেই গমেই পোৱা নাছিল বা আজিও গম নাপায় এই পৰিষদখন মাত্ৰ এটা বুজাবুজিৰ চুক্তিৰ ভিত্তিত হে গঠন কৰা হৈছে। পৰিষদীয় সদস্য -সদস্যা সকলৰ এইবিলাক লৈ তিল মাত্ৰ কানসাৰ নাই কাৰণ জাতিটোক চেপি খুন্দি খাব পালেই হ'ল বুলি ভাবিলে। পৰিষদখন গঠন হোৱাৰ দিনতেই সোনোৱাল কছাৰী সকলে ৰাজনৈতিক ভাৱে আগুৱাই নিবলৈ প্ৰচেষ্টা হাতত ল'ব লাগিছিল কিন্তু সেইসকল সদস্য-সদস্যাই তাকে নকৰি ৰাষ্ট্ৰীয় দলৰ টিকাত উলমিবলৈ আৰম্ভ কৰিলে যাৰ ফলত আজি জাতিটো সংকতৰ গৰাহত।আনকি আচৰিত কৰি পৰিষদৰ সদস্য-সদস্যাসকলে নিজৰ নিজৰ দুৰ্নীতি সমুহৰ বাবে মুখ বিলাক বন্ধ কৰিবলৈ সৃ‌ষ্টি কৰিলে অ-ৰাজনৈতিক সংগঠন সমূহক বিভেদকামী ৰাজনীতি নামেৰে পুনৰ এটি মাধমাৰ। যাৰ ফলত সৃষ্টি হ'ল কংগ্ৰেছৰ ছাত্ৰ সন্থা ,বিজপি ছাত্ৰ সন্থা ইত্যাদি।কবলৈ লাজ লগা শুনিবলৈ লাজ লগা এইয়া জাতিটোক ভাগ কৰাৰ প্ৰতিযোগিতাৰ আৰম্ভ হ'ল। বিজ্ঞজনে কয় জাতি জীয়াই থাকিবলৈ যুবক-যুৱতী সকলৰ শিক্ষাৰ উপৰিও কৰ্মসংস্থাপনমুখী আঁচনি তৈয়াৰ হ‍ওক আৰু জাতিটোক আগুৱাই নিয়ক। কিন্তু কি হ'ল দল সংগঠনৰ ভূমিকা এই ক্ষেত্ৰত একো কাৰ্যপন্থাই হাতত লোৱা দেখা নগ'ল সেইবাবে আজিও শ-শ ল'ৰা বাহিৰৰ ৰাজ্যত কামৰ বাবে ধাপলি মেলিব লগা হৈছে। কিয়????????? 
আজি বড়োসকলে সাংবিধানিক সুৰক্ষা পাবলৈ বহুদিনৰ আগৰ পৰাই প্ৰচেষ্টা হাতত লৈছে সংঘবদ্ধ ভাৱে সংগঠন সমূহে আন্দোলন কৰিছে ৰাজপথৰ পৰা সংসদীয় আন্দোলনলৈকে সেইবাবে আজি বড়ো জাতি সফল। কিন্তু আমি কি কৰিছো নিজৰ গাদী আৰু পদ বচাবলৈ জাতিটোকেই একাষৰীয়া কৰিছোঁ। ৰাজনৈতিক ভাৱে ভাগ ভাগ কৰি পেলাইছো। জাতি যিয়েই নহ‌ওক মোৰ সুবিধা হ'লেই হ'ল।এইয়া সোনোৱাল কছাৰী সকলৰ ৰাজনীতি। আকৌ ক‌ও জাতিটো আকৌ পুনৰ পটনৰ ইংগিত আহিল যেতিয়া সৰ্বানন্দ সোনোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ল। কিছুমানে গপতে গংগাটোপ দৰে হ'ল। সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হ'ল যেতিয়া চিন্তা নাই জাতিটোৱে সাংবিধানিক সুৰক্ষা পাব। দিন যোৱাৰ লগে লগে দেখা গ'ল সেই সপোনবিলাক ফুটুকাৰ ফেনত পৰিণত হ'ল।না সোনোৱাল কছাৰী সকলে সাংবিধানিক সুৰক্ষা পালে? না পৰিষদলৈ অধিক টকা আহিল না ? জাতিটোৰ স্বায়ত্ত শাসিত পৰিষদ' খন সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হ'ল। লগৰে মিচিং,ৰাভা তিৱা সকল আগবাঢ়ি গ'ল ষষ্ঠ অনুসূচীৰ অভিমুখে আৰু নিজৰ এগৰাকী মুখ্যমন্ত্ৰী থকাৰ পিছত‌ও জাতিটো উপেক্ষিত হৈ ৰল কিয়? জনা মতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে পৰিষদলৈ অহাৰ টকাৰ পৰিমানো কমি গ'ল কিয়?????  বহুতে কয় সোনোৱাল কছাৰী জাতিত এইজনেই শেষ মুখ্যমন্ত্ৰী বুলি আচৰিত আমি মাত্ৰ সৰ্বানন্দ ক লৈ ব্যস্ত থকাতকৈ তেওঁৰ দৰে আৰু এজনৰ কথা চিন্তা নকৰোঁ কিয়? বড়ো সকলে, মিচিং সকলে,ৰাভা,তিৱা, দেউৰী সকলোৱে জাতিটোৰ ৰাজনৈতিক নেতা সৃষ্টি কৰাত ব্যস্ত হৈছে আৰু আমি এজনক লৈ ব্যস্ত হৈছো। আমি কিয় হেজাৰজন সৰ্বানন্দ সৃষ্টি কৰিব নোৱাৰিম? জাতিটো তেওঁৰ বাবে মাত্ৰ নহয় তেওঁহে জাতিটোৰ বাবে জীয়াই আছে গতিকে তেওঁ থাকিলেও নেথাকিলেও জাতিটো জীয়াই থাকিব। আকৌ বহুতে কয় সোনোৱাল কছাৰী জাতিত ইমান সংগঠন কিয় বড়ো বিলাকৰ কিমান সংগঠন জানেনে তেওঁলোকৰ ২৩ টা সংগঠন আছে আৰু তাৰ বাবেই তেওঁলোকে সকলো আন্দোলন সফল কৰিব পাৰে গতিকে আৱেগতকৈ তাৰ পৰা হ'ব লগা উত্তৰলৈ বাট চাব লাগে। গতিকে ৰাজনৈতিক ভাৱে শক্তিশালী হ'বলৈ আমি ৰাষ্ট্ৰীয় দলৰ টিকাত চোচৰাতকৈ বড়ো সকলৰ বিপিএফ(BPF) ৰ দৰে কৰক ।এজন সৰ্বানন্দ ক লৈ জীয়াই থকাতকৈ আহক আমি হেজাৰজন সৰ্বানন্দ সৃষ্টি কৰো।।

Thursday, 3 August 2017

কছাৰী সকলৰ ৰাজত্ব কালৰ শতফুলৰ দেশ শদিয়া

শদিয়া এই নামটো শুনিবলৈ বহু পুৰণি যেন লাগিলেও দৰাচলতে এই শদিয়া শব্দটো ব্যৱহাৰ হোৱা বহু বেচি বছৰ হোৱা নাই। এই শদিয়া নামৰ সম্পৰ্কে বহু লোকে আৰু লিখকে ভিন্ন মত দাঙি ধৰিলেও প্ৰকৃততে কছাৰী ৰাজ্য (সোনোৱাল কছাৰী) হালালী আৰু চুতীয়া সকলৰ পৰাই উদ্ভৱ হোৱা এটি থলুৱা শব্দ।  শদিয়াই 'শদিয়া' নাম পোৱাৰ আগতেই কছাৰী সকলৰ হালালী ৰাজ্যই প্ৰাণকেন্দ্ৰ আছিল যাৰ পৰিসৰ আছিল লখিমপুৰ বিহপুৰীয়া আৰু অৰুণাচললৈ। কালক্ৰমত হয়তু চুতীয়া ৰাজ্য গঠন হোৱাৰ পিছতু কোনোবাখিনিত কছাৰী ৰাজ্য এচোৱা কাল টিকি আছিল। হালালী ৰাজ্যৰ পিছতেই চুতীয়াসকলৰ ৰাজ্য স্হাপন হোৱা যেন অনুমান হয়। যিকি নহওক কছাৰী ৰজা আৰু চুতীয়া ৰজাৰ মাজত কোনো যুদ্ধ বিগ্ৰহ বুৰঞ্জীৰ পাতত নোপোৱাৰ পৰা অনুমান কৰিব পাৰি এই দুই জাতিৰ মাজত কোনো মতানৈক্য হোৱা নাছিল আৰু সুখে সন্তোষে ৰাজভাৰ চলাই নিছিল। কিন্তু উপেন্দ্ৰ চন্দ্ৰ গুহই তেওঁৰ বুৰঞ্জী পুথি 'কাছাড়েৰ ইতিবৃত্ত' (পৃঃ৬০) ত উল্লেখ কৰিছে - "ঘটোৎকচ বংশীয় ৰাজা কৌণ্ডিল্য নাৰায়ণ ব্ৰহ্মপুত্ৰউজান বাহিয়া নদীৰ উত্তৰ পাৰে বৰ্তমান সদিয়া জিলায় কৌণ্ডিল্য নগৰ স্হাপন কৰেন এবং ঐ স্হানে কাছাড়ী ৰাজাগণ বহুকাল প্ৰতিপত্তিৰ সহিত ৰাজত্ব কৰিতে থাকেন। এই ৰাজ্য কাছাড়ী ভাষাই হালালী (হা-মাটি, লালী-উজ্বল) নামে অভিহিত হয়।" অৱশ্যে   ড০ সূৰ্যকুমাৰ ভূঞাই তেওঁৰ দ্বাৰা সম্পাদিত 'কছাৰী বুৰঞ্জী'ত শদিয়াৰ এই হালালী ৰাজ্যৰ প্ৰতিস্থাপক মানিক আৰু তেওঁৰ জোঁৱায়েক মুকুতা বুলি কৈছে। বিষ্ণু ৰাভাই এইক্ষেত্ৰত এইবুলি কৈছে- "হালালী ৰাজ্য ডিবং দিহং নৈৰ কাষত এটা বিৰাত কছাৰী ৰাজ্য আছিল। সেই ৰাজ্য বড়ো গোষ্ঠীৰ সোনোৱাল কছাৰীসকলে পাতিছিল। তাত মুকুতা ৰজা, মানিক ৰজা আদি কৰি তেওঁলোকৰ চৈধ্য বংশৰ বহু ৰজাই ৰাজত্ব কৰিছিল"। তেওঁ আকৌ উল্লেখ কৰিছে," আজিও হাজাৰ ঘৰ কছাৰীৰ প্ৰাচীন সোঁৱৰণী পাট শদিয়া অঞ্চলত সিঁচৰিত হৈ আছে। "
শদিয়াকেন্দ্ৰিক হালালী ৰাজ্য অতি শক্তিশালী আছিল। এই শদিয়াত তেতিয়াই সোণ কমোৱাৰ পদ্ধতি প্ৰচলন আছিল। কছাৰী সকলে শদিয়াত ইটাৰ ব্যৱহাৰো প্ৰচলন কৰিছিল। স্হাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত শদিয়াই অসমৰ অন্যতম প্ৰাচীন সমৃদ্ধিৰ নেতৃত্ব লৈছিল। পৰৱৰ্তীকালত চুতীয়াসকলে হালালী ৰাজ্যৰ এই আৰ্হি আহৰণ কৰে। শদিয়াৰ ইটাৰ ব্যৱহাৰ আৰু ভাস্কৰ্যৰ শৈলী ডিমাপুৰৰ শৈলীৰ সৈতে মিল আছে। আনুমানিক দ্বাদশ শতিকাৰ প্ৰথমচোৱাত হালালী ৰাজ্যৰ পতন ঘটে আৰু মধ্যযুগীয় চুতীয়া ৰাজ্যৰ উত্থান হয়।
Photo Credit- Rituraj Buragohain (Sadia-The Land of Sun Raising of Assam)