•বুঢ়া সাগৰৰ জলঃ- বুঢ়া সাগৰৰ জল প্ৰকৃততে মদ। সোনোৱাল কছাৰী সকলে মদক ৰহী বা ঝল মদ বুলি কয়। পূজাৰ দিনা সন্ধিয়া বিভিন্ন গাঁৱৰ পৰা ৰাইজে একোখন ভাৰ আনি পূজাৰী বা ৰাজাগুৰুক অৰ্পণ কৰেহি। ভাৰখনত চাউল,শাক,তেল,নিমখ,এবটল মদ থাকে। ৰাজাগুৰুৱে সকলো গাওঁৰ পৰা অনা মদ অলপ অলপ লৈ এটা তামৰ পাত্ৰত মিহলায় আৰু তাত আৰৈ চাউল দি তংলতি পাতৰ আগেৰে মন্ত্ৰ মাতি শান্তি জল তৈয়াৰ কৰে। এয়াই বুঢ়া সাগৰৰ জল। ই হ'ল পৱিত্ৰ জল। পূজাৰ আগতে কৰ্মীসকলে এই দ্ৰব্য গ্ৰহণ কৰে। বুঢ়া সাগৰৰ জল গ্ৰহণ নকৰা কোনো ব্যক্তিকে দেৱ-নৈবেদ্যত হাত লগাবলৈ দিয়া নহয়। বাইথ' পূজাৰ সেৱকীসকলকো আৰ্শীবাদৰ অন্তত বুঢ়া সাগৰৰ জল ছতিয়াই দিয়া হয় আৰু গ্ৰহণ কৰিবলৈ এচলু দিয়া হয়। এই বিধ দ্ৰব্য অৱশ্যে দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।
•মাধপুৰুষৰ ৰসঃ- দেৱতাৰ নামত উছৰ্গা কৰা মদক মাধপুৰুষৰ ৰস বুলি কোৱা হয়। মিতুকৰ নামত,খিণ ভাঙোতে,সৰগদেউ পূজা আদি সকলোতে দেৱতাৰ নামত মদ(মাধপুৰুষৰ ৰস) উছৰ্গা কৰা হয়। বাইথ' পূজাতো সেৱকীসকলে পূজাৰ বিভিন্ন অনুক্ৰমত মাধপুৰুষৰ ৰস গ্ৰহণ কৰিব পাৰে। কিন্তু লক্ষণীয়ভাৱে ' কোনো দেৱতাকে মাধপুৰুষৰ ৰস দিয়া নহয়।'( উদ্ধৃতিঃ প্ৰমোদ সোনোৱাল, খ্ৰীং খ্ৰীং বাইথ' পূজাৰ পুৰাতনীয়া তথ্য সম্ভাৰ (গ্ৰন্থ),পৃঃ১১)।এই বিধ দ্ৰব্যও অৱশ্যে দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।
•খাজিঃ মাধপুৰুষৰ ৰসৰ লগত অংগাংগীভাৱে জড়িত দ্ৰব্যবিধৰ নাম হ'ল খাজি। দেৱতালৈ আগবঢ়োৱা পক্ষীৰ মাংস সৰুকৈ কাটি তেলত শুকানকৈ ভাজি মাধপুৰুষৰ লগত সেৱকী,কৰ্মী,ৰাইজে গ্ৰহণ কৰে। দেৱতাৰ দ্ৰব্যৰে বনোৱা কাৰণে ভাজি বুলি নকৈ খাজি নামেৰে পৃথকতা আৰু মান্যতা প্ৰদান কৰা হয়। এই বিধ দ্ৰব্যও দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।
•উদ্ভিদসমূহঃ- প্ৰকৃতি পূজা হিচাপে বাইথ' পূজাত উদ্ভিদ ব্যৱহাৰ অনিবাৰ্য। মূল উদ্ভিদ হিচাপে টংলতি,উলু খেৰ,বৰকানাই,তৰা ৰছী। টংলতিৰে শান্তি পানী বনায় আৰু সেৱকীক শান্তি পানী প্ৰদান কৰে। টংলতি,তৰা ৰছী, বৰ কানাইৰে বৰফুল গাঁথে। উলুখেৰৰ মালাৰে বৰ বলি (যুৰীয়া গাহৰি) ৰ ডিঙি বান্ধে। আদিতে উলুখেৰৰ পাতেৰে ফৰিং বলি দিয়াৰ বাবে এনে কৰা হয়। ভূৰুলী শালৰ ক্ষেত্ৰ আবৃত কৰিবৰ বাবে খাগৰি বা মেগেলা ব্যৱহাৰ কৰা হয়। পূজাৰ পাত-পত্ৰৰ বাবে কৌপাত লাগিবই। সেৱকীসকলে বছৰৰ অন্য সময়ত আগবঢ়োৱা ব্যক্তিগত পূজাত কলপাতৰ ব্যৱহাৰো কৰে।
•বৰফুল আৰু সৰুফুলঃ- টংলতি,তৰা ৰছী,বৰ কানাইৰে বাঁহৰ খুঁটিত বৰফুল গাঁথে। বাইথ' পূজাত বৰফুলৰ ১২টা খুঁটি ব্যৱহাৰ হয়। আখৈক সৰুফুল বোলা হয়। বাইথ' পূজাত সৰুফুলৰ ৪৫ টা খুম লাগে। বাকী থকা বৰফুল আৰু সৰুফুল দেৱতাৰ ভাগৰ পাতৰ ওপৰত ছতিয়াই দিয়া হয়।
(📙' সোনোৱাল কছাৰী সকলৰ ঐতিহ্য আৰু সমল' ৰ পৰা সন্মানীয় ✍️ প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ 'বাইথ' দৰ্শন' নামৰ প্ৰৱন্ধটোৰ পৰা তুলি দিয়া হৈছে। লিখকৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে।)
No comments:
Post a Comment