বহুতৰ মতে নামঘৰৰ সোঁমাজত থকা বেদীসদৃশ সামান্য ওখ ভূমিখণ্ড গজাই গুৰুৰ সমাধিৰ প্ৰতীক। সেৱকসকলে গজাই গুৰুৰ সমাধিৰ প্ৰতীকটোৰ চাৰিওফালে বহি পুৰাতন ধৰ্মীয় কৃত্যসমুহ পালন কৰিছিল। কালক্ৰমত ৰ'দ,বতাহ আদিৰ পৰা ৰক্ষা পৰিবলৈ চালি এখন দিয়াৰ ব্যৱস্হা কৰি এক গৃহলৈ পৰিবৰ্তন কৰিছিল। সেই গৃহৰ তলত পূজা হৈছিল, আলোচনা হৈছিল।কিন্ত্ত নাম লোৱা হোৱা নাছিল, কিয়নো সোনোৱাল কছাৰী সমাজত পুৰুষৰ বাবে পূজাৰ কোনো নাম নাছিল (হায়দাং গীত বাদ দি)।
সেই গৃহটিকে পৰৱৰ্তীকালত বোধহয় হেন্দুৰীয়া (আগমী আৰু সত্ৰীয়া) সমাজে অধিকাৰ কৰি হৰিক স্হাপন কৰিলে। থিফাইৰ ঠাইত স্হান দিলে ভাগৱতক।গজাই পূজা পৰ্যৱশিত হল গছৰ তললৈ। আনবোৰ পূজাত ঘৰৰ কোনো প্ৰয়োজন নাছিল বাবে কোনেও কথাটোত গুৰুত্বই নিদিলে। এইদৰেই আদিম গৃহটিৰ নাম বোধহয় সলনি হল আৰু নাম পালে নামঘৰ।
সেয়েহে ছাগৈ থিফাই থকা নামঘৰ সোনোৱাল কছাৰী নামঘৰ বুলি থকা ধাৰণা গজগজীয়া হৈ থাকিল।
কিন্ত্ত কথা হল যে নামঘৰৰ উক্ত বেদীটুকুৰা নামত থিফাই হৈ থাকিলেও কামত গজাই গুৰুৰ সমাধিৰ প্ৰতীক হৈ থকা নাই। সেয়া পৰিবৰ্তন হৈছে হৰিৰ বাহালৈ। তাত ভাগৱতক স্হাপন কৰি হৰিক প্ৰতীষ্ঠা কৰা হৈছে। নামঘৰতো গজাইক স্মৰণ কৰা নহয়, বৰং ৰ্কীতন-দশম-গুণমালা-নামঘোষা-বৰগীত-ভাওনা আদিহে কৰা হয়।নামঘৰত পুৰাতন সোনোৱাল কছাৰী সংস্কৃতিৰ কোনো উপাদান পালন কৰা নহয়. গতিকে উক্ত আদিম গৃহটিয়ে তাৰ চৰিত্ৰ সম্পুৰ্ণ ত্যাগ কৰিলে।
গতিকে এতিয়া থিফাই থকা নামঘৰটি সোনোৱাল কছাৰীৰ নামঘৰ বুলি কোৱাৰো বোধহয় যুক্তি নাই।
থিফাই থকা নামঘৰ সমাজ বহাৰ ব্যৱস্হা মণিকুট থকা নামঘৰৰ সমাজ বহাৰ ব্যৱস্হাৰ লগত নিমিলে। থিফাই থকা নামঘৰত সমাজ তিনিফালে বহে। মুধৰ(সমুখৰ) ফালে, সোঁফালে আৰু বাওঁফালে।পিছৰফালে মুক্ত, যিফালে ভকত, সেৱকী প্ৰৱেশ কৰে। মুধত মেধী, সাতোলা আৰু মূল ভকত কেইজন বহে। আনহাতে মণিকুটীয়া নামঘৰত সমুখত মণিকুট থকাৰ বাবে মুধছৰ ফালে ভকত বহিব নোৱাৰে। ফলত দুফালে ভকত বহে।
অৱশ্যে সোনোৱাল কছাৰীৰ পুৰাতন নিয়মত মুধত সেৱকী নবহাই নিয়ম। বাইথ' পূজাত মন্দিৰ মূধত বাইথ' গম্বুজ অৰ্থাত্ গন্ধসৰৈ খুঁটাৰ গুৰিটো থাকে। সেৱকী পাছত দুয়োফালে বহে। সৰগদেউ পূজাতো সমুখত পূজাৰ ভাগ থাকে।গজাই পূজাতো একে ব্যৱস্হা। আন পূজাসমূহতো সমুখত পূজাৰ ভাগ দি সেৱকী পাচত বহে। গতিকে সোনোৱাল কছাৰীৰ পুৰাতন নিয়মৰ লগতো থিফাই থকা নামঘৰৰ সাদৃশ্য নাই।
শ্ৰীমন্ত শংকৰদেৱে নামঘৰৰ ধাৰণা ক'ৰ পৰা ললে সেয়া লৈ পণ্ডিসকলৰ গৱেষনা জাৰি আছে। বহুতে জনজাতীয় সমাজৰ ডেকাচাং, মুৰংঘৰ বা সোনোৱাল কছাৰী সমাজৰ গজাইৰ সমাধিঘৰ আদিৰ পৰা নামঘৰৰ ধাৰণা লৈছিল বুলি মত প্ৰকাশ কৰে। যিকি নহওক নামঘৰে 'নাম লোৱা ঘৰ' হিচাপে তাৰ নিজৰ চৰিত্ৰ গঢ়ি তুলিলে আৰু তাত জনজাতীয় উপাদানসমূহৰ চিন মোকাম নোহোৱা হৈ গল।
গতিকে নামঘৰ সোনোৱাল কছাৰীৰ পুৰাতন ঐতিহ্য বুলি কোৱাৰ কোনো যুক্তি নাই। ই এটা সময়ত আদৰি লোৱা এক ধৰ্মীয় উপাদানহে।
No comments:
Post a Comment