Thursday, 16 April 2020
সোনোৱাল কছাৰী সকলৰ বিষয়ে চমুকৈ।
সোনোৱাল কছাৰী সকলৰ শেষ ৰাজ্য আছিল হালালী কছাৰী সকলৰ ভাষাত হা-মাটি,লালী- উজ্বল অৰ্থাৎ উজ্বল মাটিৰ ৰাজ্য। সোনোৱাল কছাৰী সকল বৃহত্বৰ বড়ো গোষ্ঠীৰ লোক।হালালী ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ।এই হালালী ৰাজ্যত কছাৰী সকলৰ প্ৰায় 14 জন ৰজাই ৰাজত্ব কৰি যোৱাৰ কথা বিভিন্ন তথ্যৰ যোগেদি পোৱা যায়।এই সোনোৱাল কছাৰী সকলৰ সোনোৱাল নামটোৰ তাৎপৰ্য বিশ্লেষন বহু পণ্ডিতে বিভিন্ন ধৰনে দিব খোজে যদিও সকলো তথ্য শুদ্ধ নহয় ।বহু পণ্ডিতে লিখিছে যে সোনোৱাল কছাৰী সকলে আহোমৰ দিনত সোৱনশিৰী নৈত সোণ উৎপাদন কৰিছিল বুলি কয় যদিও এই কথা শুদ্ধ নহয় কাৰন আহোম অহাৰ আগতেই সোনোৱাল নাম আছিল এই সকলে নিজৰ পাণ্ডিত্য গুণক বহুৱালী কৰাৰ বাহিৰে আন একো কৰা নাই কাৰো গাৰ বলত এটা জাতিৰ সৃষ্টি কৰি দিব নোৱাৰে ।বিখ্যাত গ্ৰীক দাৰ্শনিক 'টলেমি' য়ে বিৱৰনীত 'বাদুসোঁণলয়' শব্দ এটা আছে যত কিৰাত সকল এই মুলুকলৈ আহোতে যিকেইটা ফৈদ আহিছিল তাৰে এটা সোনোৱাল সকল।সেইকেইটা ফৈদ হ'ল- ডিমাচা,বৰো,লালুং,হাজং,মৰাণ,চুটীয়া,মেছকোঁচ,গাৰো,আৰু ৰাভা।'বাদুসোঁণলয়' শব্দৰ অৰ্থ হ'ল বীৰ বা পৰাক্ৰমী , তেনে অৰ্থতে সোনলয় অৰ্থাৎ সোনোৱাল কছাৰী সকল।কিৰাতী সকলে কিৰাত কিৰাতী পূজাত মন্ত্ৰত এই বাৰটা বংশৰ নামত নৈৱেদ্য আগবঢ়ায়।এই সোনোৱাল সকলে ৰত্নগৰ্ভা অসমত একমাত্ৰ জনগোষ্ঠী যিসকলে সোণ,তাম,লো আৰু লোন উৎপাদন কৰাৰ প্ৰথা জানিছিল।সোনোৱাল কছাৰী সকলৰ প্ৰথম ৰজা হগ্ৰাই 1000 সৈন্যক লগত লৈ ব্ৰহ্মপুত্ৰৰ উওৰ দিশ শদিয়ালৈ উজাই আহি সোৱনশিৰী নৈকে আদি কৰি নৈৰ পাৰৰ সাৰুৱা অঞ্চলকে আদি কৰি দিহিং,দিবং,শদিয়া,কুণ্ডিল খণ্ডকলৈ হালালী ৰাজ্য স্হাপন কৰে ।এতিয়া সোনোৱাল কছাৰী সকল সোণ কমোৱাৰ পৰা সোনোৱাল নাম লৈ টুলুঙা মন্তব্য দিয়া সকলে পঢ়ি লব ।(চমুকৈ উল্লেখ কৰা হ'ল)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment