বাইথ' দৰ্শনৰ দৰে আন এটা দৰ্শনে সোনোৱাল কছাৰী সকলৰ আধ্যাত্মিকতাক সমৃদ্ধ কৰিছে। সেয়া হ'ল মিতুক দৰ্শন। হিন্দুসকলৰ দৰ্শনত আত্মাই সৰগ বা নৰক বা বৈকুণ্ঠলোকলৈ যায়গৈ, কিন্তু সোনোৱাল কছাৰীসকলৰ ধাৰণাত আত্মাই দেৱতাৰ ৰূপ লৈ নভোমণ্ডলতহে বিচৰণ কৰি থাকে আৰু বিপদে আপদে পৰিয়ালটোক ৰক্ষা কৰি থাকে।
লিখক ৰতন আঠুৱাল মতে-'বাইথ' দৰ্শন অনুসৰি উপৰি পুৰুষৰ মৃত ব্যক্তিৰ আত্মাক চিৰবিদায় দিয়াটো নুবুজায়। কাৰণ তেওঁলোকক সদায় প্ৰয়োজন অনুভৱ কৰোঁ। তেওঁলোকে যেন অশৰীৰী শক্তিৰে বায়ুৰ লগত মিলি আমাৰ কাষতে থাকি বিপদে আপদে ৰক্ষা কৰে। এই আশা মনত বান্ধি মৃতকসকললৈ শ্ৰদ্ধা নিবেদন কৰোঁ বিভিন্ন পৰম্পৰাগত ধৰ্মীয় কৰ্মবোৰৰ যোগেদি,যেনে- বুঢ়াপোহা,ন-পুৰুষৰ সকাম,মিতুকক দিয়া ইত্যাদি'। মৃত উপৰিপুৰুষ সকলৰ আত্মাটোক মিতুক বুলি সোনোৱাল কছাৰী সকলে আখ্যা দিয়ে। আদিতে সোনোৱাল কছাৰী সকলে শৱদাহ কৰা নাছিল। শৱদেহ মাটিত পুতি থোৱাৰ নিয়ম আছিল। বিশেষ গছৰ কাঠেৰে দুখন নাও সাজি তাৰ মাজত শৱদেহ মাটিত পুতি থোৱা হয়। ইয়াক পেড়া (পেৰা) দিয়া বোলা হয়। বছৰটোত দুটা বিহুত অৰ্থাৎ মাঘ বিহু আৰু ব'হাগ বিহুত মিতুকক দিয়ে। প্ৰতিবছৰে বুঢ়াপোহা সকামত ভকতক দিয়াৰ আগধৰি মিতুকৰ বাবে আহাৰ (অন্ন) আগবঢ়োৱা হয়। ন-পুৰুষৰ সকাম কৰোঁতেও প্ৰথম মিতুকলৈ আগবঢ়াইহে ভকতক খাবলৈ দিয়া হয়। বাইথ' পূজাৰ সময়ত ভুৰুলীশালত মৃতকৰ উদ্দেশ্যে প্ৰসাদ আগবঢ়োৱা হয়। হকদৈ সকামতো(সৰগদেউ পূজা) মিতুকক দিয়া হয়। এইদৰে মিতুকৰ দায়-দোষৰ পৰা বাচি থাকিবলৈ তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰে। মিতুক হ'ল ঘৰখনৰ উপাস্য দেৱতা। ক্ষুদ্ৰ পৰিসৰত ইষ্টদেৱতা হ'ল মিতুক। মিতুকৰ দোষ লাগিলে ঘৰদেও(ঘৰদেওসকল হ'ল মহালখি,কুবেৰ কালিকা,চুকালি,ভঁৰালী আদি) আঁতৰি যায়। ফলস্বৰূপে ঘৰখন লালাং থাংথাং হয়। ঘৰখনত অশান্তি হয়,হাই-কাজিয়া হয়,নৱ-গ্ৰহৰ অশুভ দৃষ্টি পৰে,বেমাৰ-আজাৰ হ'লে ঔষধেও কাম নিদিয়ে,গাৰ গুৰুজন আঁতৰি যায়,ঘৰখনক অপদেৱতাই গ্ৰাস কৰে ইত্যাদি ঘটনাবোৰ ঘটিবলৈ ধৰে। তেতিয়া মিতুকক সন্ত্তষ্ট কৰিবলৈ 'মিতুক দিয়া' অনুষ্ঠানটো কৰিব লাগে।মিতুক সন্ত্তষ্ট হ'লে উক্ত অপায়- অমঙ্গলবোৰ নাইকিয়া হয়।মিতুক দৰ্শন সোনোৱাল কছাৰী সকলৰ নিজা দৰ্শন।আত্মাবাদ মানি চলা এই তত্ত্বৰ ঐতিহাসিক গুৰুত্ব আছে। মিতুক তত্ত্বই সোনোৱাল কছাৰী সকলৰ প্ৰাচীনত্বৰ কথাকে সূচায়। এই তত্ত্ব সৰগ,নৰক আদি ধাৰণাৰো আগৰ ধাৰণা। প্ৰকৃতিবাদী চৰিত্ৰৰ পৰা উত্তৰণ ঘটি আধ্যাত্মিক যুগলৈ গতি কৰাৰ আগতে আধি-প্ৰাকৃতিক আধি-ভৌতিক যুগৰ সন্ধিক্ষণৰ ধাৰণা। বৌদ্ধধৰ্মৰ জন্মান্তৰবাদৰ দৰে ইয়াতো আত্মাৰ অমৰত্বৰ কথা আছে, কিন্তু পুণজন্মৰ ধাৰণা কিছু ধূসৰ। এই ধাৰণা এটা অংশ মৌলিক।বাকী অংশ প্ৰভাৱ।আদিতে কোৱা হৈছে যে মিতুক ধাৰণাটো সোনোৱাল কছাৰী সকলৰ এদিনীয়া সম্পত্তিও নহয় বা কাৰোবাৰ সম্পূৰ্ণ প্ৰভাৱো নহয়।ই প্ৰকৃততে কেইবা শতিকাজোৰা সোনোৱাল কছাৰীৰ সভ্যতা আৰু জীৱনযাত্ৰাই স্বয়ংক্ৰিয়ভাৱে গঢ় দিয়া এক মণিষা।
(✍️সন্মানীয় লিখক প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ-' সোনোৱাল কছাৰী তত্ত্ব আৰু বিশ্লেষণ' নামৰ কিতাপৰ 'সোনোৱাল কছাৰীসকলৰ আধ্যাত্মিক দৰ্শনঃ বৈশিষ্ট্য আৰু সংকট' নামৰ লিখাটোৰ পৰা তুলি দিয়া হৈছে।)
No comments:
Post a Comment