সোনোৱাল কছাৰীসকলৰ 'হাইদাং গীত' অসমীয়া ভাষা সাহিত্যৰ বাবে এক আপুৰুগীয়া সম্পদ। এই হাইদাং গীত সোনোৱাল কছাৰী সমাজৰ ধৰ্মীয়, ঐতিহাসিক বেলাড আৰু বেদ স্বৰূপে স্বীকৃতিপ্ৰাপ্ত। হাইদাং গীত সমূহ ধৰ্মৰ সৈতে জড়িত যদিও বাইথ' পূজাত হে এই গীত গোৱা হয়। হাইদাং গীত সোনোৱাল কছাৰীসকলৰ অতীত দৰ্শন নিহিত হৈ আছে । এই গীতৰ আৰম্ভনিতে বন্দনা ভাগত বিশ্বব্ৰহ্মণ্ডৰ সৃষ্টিৰ কথা কোৱা হৈছে। গীতৰ আন এটি অংশত সোনোৱাল কছাৰীসকলৰ সাত খেল আৰু চৈধ্য বংশৰ কথাও উল্লেখ আছে। সোনোৱাল কছাৰীসকলৰ হাইদাং গীত কছাৰীসকলৰ এক অপৰিহাৰ্য অঙ্গ।
এই খিনিতে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ এক অভিমত দাঙি ধৰিব বিছাৰিছো "কছাৰী বুলি অসমীয়াৰ আগ মঙহ ফেৰা কাটি নি, চুলিডালকে দুফাল কৰা বুৰ়ঞ্জীবিদ আৰু নৃ-তত্ত্ববিদসকলে যিমানেই অসমীয়া জাতিক নিলগ নকৰক, কছাৰী মাত্ৰেই যে অসমীয়াৰ তেজ মঙহ তাক নুই কৰিব ঠেৰুৱেই নাই। কছাৰীৰ ডিমাছা নামটোৱেই অসম বুৰঞ্জীত ব্ৰক্ষ্মপুত্ৰৰ বংশ বুলি কোৱা আছে। বিশ্বনাথৰ প্ৰতাপপুৰীয়া ৰজাৰ ভাৰ্যা কুৰুকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা আৰিমত্ত এই ব্ৰক্ষ্মপুত্ৰ কুলৰ ঔৰসজাত সন্তান বুলি কথিত আছে। জা-জলপান, চাউল, ডাৱৰ, ভাং, ডাৱ (ডাব-কটাৰী), দোং, ডিঙ্গি (নাও) আদি নিতৌ ঘৰুৱা কথাত ব্যৱহাৰ হৈ থকা অসমীয়া শব্দ মূলত: কছাৰী। নৈৰ ভালেমান নাম যে থলুৱা লোকেই দিয়া তাক কোৱাৰ সকাম নাই।শদিয়াৰ কৌণ্ডিল্য বা কুণ্ডিল নগৰৰ নামো হালালী বুলি সেইসকল নিবাসী কছাৰীয়েই দিয়া।গুৰিতে এটা হ'লেও, কছাৰীৰ ঠাল- ঠেঙুলি বহুতো। তাৰ ভিতৰত লুইতপৰীয়া সংস্কৃতি গঢ় দিয়াত এই কেইটা প্ৰধান:-বদৌচা, ধ্যান বা দেহান, লাঠোচা, ঠাউচেনচা, হাফালংচা, হাম্মুচা। হাম্মুচা ঠালটোৰ বুৰঞ্জীমূলক আখ্যানেই অসমীয়া সাহিত্যৰ এছোৱা পূৰঠ কৰি গৈছে। দেহান বা ধ্যান খেলটো একেবাৰে উজনিৰ পৰা ওলাই অহা। তেজীমলা, পানচৈ, কাচনমতী, ফুলৰা-চতৰা, লখাই তৰাকেআদি কৰি আমাৰ মাজত চলি থকা ভালেমান সাধুকথা এইটো খেলৰ পৰাই মুখে মুখে চলি অহা।– গতিকেই কছাৰী সংস্কৃতি সুকীয়া বুলি অসমীয়াৰ গাৰ পৰা এৰুৱাই নিলেও, বুৰঞ্জীক চিঞৰাই এশবাৰ ক'ব লাগিব যে স্বতী নৈৰ পাৰৰ কছাৰীয়েই অসমীয়া সংস্কৃতিৰ ৰাজহাড়। এই হাম্মুচা ঠালৰ লোকসকলেই সোনোৱাল কছাৰী সকল।
No comments:
Post a Comment