শদিয়া এই নামটো শুনিবলৈ বহু পুৰণি যেন লাগিলেও দৰাচলতে এই শদিয়া শব্দটো ব্যৱহাৰ হোৱা বহু বেচি বছৰ হোৱা নাই। এই শদিয়া নামৰ সম্পৰ্কে বহু লোকে আৰু লিখকে ভিন্ন মত দাঙি ধৰিলেও প্ৰকৃততে কছাৰী ৰাজ্য (সোনোৱাল কছাৰী) হালালী আৰু চুতীয়া সকলৰ পৰাই উদ্ভৱ হোৱা এটি থলুৱা শব্দ। শদিয়াই 'শদিয়া' নাম পোৱাৰ আগতেই কছাৰী সকলৰ হালালী ৰাজ্যই প্ৰাণকেন্দ্ৰ আছিল যাৰ পৰিসৰ আছিল লখিমপুৰ বিহপুৰীয়া আৰু অৰুণাচললৈ। কালক্ৰমত হয়তু চুতীয়া ৰাজ্য গঠন হোৱাৰ পিছতু কোনোবাখিনিত কছাৰী ৰাজ্য এচোৱা কাল টিকি আছিল। হালালী ৰাজ্যৰ পিছতেই চুতীয়াসকলৰ ৰাজ্য স্হাপন হোৱা যেন অনুমান হয়। যিকি নহওক কছাৰী ৰজা আৰু চুতীয়া ৰজাৰ মাজত কোনো যুদ্ধ বিগ্ৰহ বুৰঞ্জীৰ পাতত নোপোৱাৰ পৰা অনুমান কৰিব পাৰি এই দুই জাতিৰ মাজত কোনো মতানৈক্য হোৱা নাছিল আৰু সুখে সন্তোষে ৰাজভাৰ চলাই নিছিল। কিন্তু উপেন্দ্ৰ চন্দ্ৰ গুহই তেওঁৰ বুৰঞ্জী পুথি 'কাছাড়েৰ ইতিবৃত্ত' (পৃঃ৬০) ত উল্লেখ কৰিছে - "ঘটোৎকচ বংশীয় ৰাজা কৌণ্ডিল্য নাৰায়ণ ব্ৰহ্মপুত্ৰউজান বাহিয়া নদীৰ উত্তৰ পাৰে বৰ্তমান সদিয়া জিলায় কৌণ্ডিল্য নগৰ স্হাপন কৰেন এবং ঐ স্হানে কাছাড়ী ৰাজাগণ বহুকাল প্ৰতিপত্তিৰ সহিত ৰাজত্ব কৰিতে থাকেন। এই ৰাজ্য কাছাড়ী ভাষাই হালালী (হা-মাটি, লালী-উজ্বল) নামে অভিহিত হয়।" অৱশ্যে ড০ সূৰ্যকুমাৰ ভূঞাই তেওঁৰ দ্বাৰা সম্পাদিত 'কছাৰী বুৰঞ্জী'ত শদিয়াৰ এই হালালী ৰাজ্যৰ প্ৰতিস্থাপক মানিক আৰু তেওঁৰ জোঁৱায়েক মুকুতা বুলি কৈছে। বিষ্ণু ৰাভাই এইক্ষেত্ৰত এইবুলি কৈছে- "হালালী ৰাজ্য ডিবং দিহং নৈৰ কাষত এটা বিৰাত কছাৰী ৰাজ্য আছিল। সেই ৰাজ্য বড়ো গোষ্ঠীৰ সোনোৱাল কছাৰীসকলে পাতিছিল। তাত মুকুতা ৰজা, মানিক ৰজা আদি কৰি তেওঁলোকৰ চৈধ্য বংশৰ বহু ৰজাই ৰাজত্ব কৰিছিল"। তেওঁ আকৌ উল্লেখ কৰিছে," আজিও হাজাৰ ঘৰ কছাৰীৰ প্ৰাচীন সোঁৱৰণী পাট শদিয়া অঞ্চলত সিঁচৰিত হৈ আছে। "
শদিয়াকেন্দ্ৰিক হালালী ৰাজ্য অতি শক্তিশালী আছিল। এই শদিয়াত তেতিয়াই সোণ কমোৱাৰ পদ্ধতি প্ৰচলন আছিল। কছাৰী সকলে শদিয়াত ইটাৰ ব্যৱহাৰো প্ৰচলন কৰিছিল। স্হাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত শদিয়াই অসমৰ অন্যতম প্ৰাচীন সমৃদ্ধিৰ নেতৃত্ব লৈছিল। পৰৱৰ্তীকালত চুতীয়াসকলে হালালী ৰাজ্যৰ এই আৰ্হি আহৰণ কৰে। শদিয়াৰ ইটাৰ ব্যৱহাৰ আৰু ভাস্কৰ্যৰ শৈলী ডিমাপুৰৰ শৈলীৰ সৈতে মিল আছে। আনুমানিক দ্বাদশ শতিকাৰ প্ৰথমচোৱাত হালালী ৰাজ্যৰ পতন ঘটে আৰু মধ্যযুগীয় চুতীয়া ৰাজ্যৰ উত্থান হয়।
Photo Credit- Rituraj Buragohain (Sadia-The Land of Sun Raising of Assam)
Thursday, 3 August 2017
কছাৰী সকলৰ ৰাজত্ব কালৰ শতফুলৰ দেশ শদিয়া
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment