Friday, 17 April 2020

সোনোৱাল কছাৰী সকলৰ বাইথ' পূজা আৰু গোঁসাই সকলৰ কূটনীতি।

১৬০৩ শকত গোঁহাই কেশৱদেউ গোস্বামীয়ে বাইথ' ধৰ্মটো সোনোৱাল কছাৰী সকলৰ মাজৰ বৈঞ্চৱ পন্থা মানুহ বিলাকক লগত লৈ সোনোৱাল কছাৰী সকলৰ মাজৰ পৰা সম্পুৰ্ণ ৰূপে নিশেষ কৰি দিবৰ বাবে চেষ্টা চলাইছিল৷গতিকে বাইথ' পূজাত ব্যৱহাৰ কৰা হাইদাং গীতৰ সঁজুলি বিলাক আৰু বলি কতা খান্দা খন গোঁসাইক জমা দিবৰ বাবে আদেশ দিয়া হৈছিল৷সেই সময়ত গোঁসাই কেশৱদেউ লুইত(বক্ষ্মপুত্ৰ)ৰ কাষত বাহৰ পাতি আছিলহি৷যি দিনা সঁজুলি বিলাক গোঁসাইক গটাই দিব তাৰ আগদিনা ৰাতি সকলোৱে গোঁসাইৰ অজ্ঞাতে বাইথ পূজা অনুষ্ঠিত কৰি হেঁপাহ পলুৱাই হাইদাং গীত,হুঁচৰি আৰু অন্যান্য গীত-মাত বিলাক কাৰণ পিছদিনা খনৰ পৰা আৰম্ভ কৰিব লাগিব নতুন সংস্কৃতিৰে নৱযাত্ৰা৷ কিন্তু সোনোৱাল কছাৰী সকলৰ দোষ বুজি পাই বতাহ-ধুমুহা-শিলাবৃষ্টি হৈ আৰ্বিভাৱ হ’ল খিৰিং ৰাজা,গজাই,মনাই,ফুলকোঁৱৰ,ভূৰুলী-সাবুকীকে আদি কৰি সকলো দেৱ দেৱীৰ৷ভয়ংকৰ ৰূপ ধাৰণ কৰি বানপানী আৰু ধুমুহাই উটুৱাই নিলে বাহৰ পাতি থকা গোঁহাই কেশৱদেউৰ সহিতে ছয় কুৰি বৈঞ্চৱক আৰু সেই তেতিয়াৰ পৰাই বাইথ' পূজা ৰাতিৰ পৰাহে আৰম্ভ কৰা হয়৷সেই হাইদাং গীতৰ সঁজুলি বিলাক আৰু খান্দা খন এতিয়াও ডাঙৰী অঞ্চলৰ ন-পথাৰ গাওঁৰ বাইথ মন্দিৰত এতিয়াও বিৰাজমান।

Thursday, 16 April 2020

সোনোৱাল হুঁচৰি কি?

সোনোৱাল কছাৰী সকলৰ হুঁচৰি গীতৰ তাৎপৰ্য - হুঁচৰি বা হুঁছাৰি গীতৰ তাৎপৰ্য হৈছে - 
হুঁ-চিঞৰ, চিঞৰি। 
ছা-আৰ্শীবাদ বা কুশল। 
ৰি-উত্তেজিত বা উৰুলি। অৰ্থাৎ হুঁচৰি শব্দৰ অর্থ হৈছে আনন্দত উত্তেজিত হৈ চিঞৰি চিঞৰি কুশল কামনা কৰা। হুঁচৰি গীতৰ সৃষ্টিৰ মূলতে সোনোৱাল কছাৰী সকলৰ মাজত এক জনশ্ৰুতি আছে-
'কৈলাসৰ শংকৰে হুঁচৰি শ্ৰজিলে
পাৰ্বতীয়ে শ্ৰজিলে নাম। 
কৈলাসৰ পৰা নমাই লৈ আহিলে,
সুৱচনী কুঁৱৰীয়ে পাই। 
সুৱচনী কুঁৱৰীয়ে শদিয়া ৰাজ্যতে, 
মুনিচক দি গল দান। '

এতেকে দেখা যায় শদিয়া ৰাজ্যত থাকোতেই সোনোৱাল কছাৰী সকলৰ হুঁচৰি সৃষ্টি। সোনোৱাল কছাৰী সকলৰ হুঁচৰি আমাৰ নিজৰ মাংগলিক আৰু ধৰ্মীয় অনুষ্ঠান এই হুঁচৰি অন্য হুঁচৰিৰ দৰে যি কোনো নাম বা পদেৰে গাব নোৱাৰে। ব'হাগ বিহুক সোনোৱাল কছাৰী সকলে বলি ৰজাৰ বিহু বুলিও কয় যিহেতু সোনোৱাল কছাৰী সকল বলী ৰজাৰ বংশধৰ। তিনিশ, তিনিকুৰি তিনিদিনৰ মূৰত বলি ৰজাৰে নিজৰ বংশধৰ সকলক পাতালৰ পৰা মৰ্ত্যলৈ এবাৰ দেখা দিবলৈ আহে বুলি সোনোৱাল কছাৰী বিশ্বাস কৰে আৰু বলি ৰজাৰ স্মৰণৰ অৰ্থে এই বিহু পতা হয় বুলি জনা যায়। বলি ৰজাৰ মৃত্যুত সোনোৱাল কছাৰী সকলৰ ৰমণে নদীৰ পাৰত হিয়া ভুকুৱাই ইনাই বিনাই কান্দিছিল আৰু সেই বিননিৰ পৰাই হুঁচৰি গীতৰ ৰূপান্তৰ হ'ল বুলি জনবিশ্বাস আছে।

সোনোৱাল কছাৰী সকলৰ বিষয়ে চমুকৈ।

সোনোৱাল কছাৰী সকলৰ শেষ ৰাজ্য আছিল হালালী কছাৰী সকলৰ ভাষাত হা-মাটি,লালী- উজ্বল অৰ্থাৎ উজ্বল মাটিৰ ৰাজ্য। সোনোৱাল কছাৰী সকল বৃহত্বৰ বড়ো গোষ্ঠীৰ লোক।হালালী ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ।এই হালালী ৰাজ্যত কছাৰী সকলৰ প্ৰায় 14 জন ৰজাই ৰাজত্ব কৰি যোৱাৰ কথা বিভিন্ন তথ্যৰ যোগেদি পোৱা যায়।এই সোনোৱাল কছাৰী  সকলৰ সোনোৱাল নামটোৰ তাৎপৰ্য বিশ্লেষন বহু পণ্ডিতে বিভিন্ন ধৰনে দিব খোজে যদিও সকলো তথ্য শুদ্ধ নহয় ।বহু পণ্ডিতে লিখিছে যে সোনোৱাল কছাৰী সকলে আহোমৰ দিনত সোৱনশিৰী নৈত সোণ উৎপাদন কৰিছিল বুলি কয় যদিও এই কথা শুদ্ধ নহয় কাৰন আহোম অহাৰ আগতেই সোনোৱাল নাম আছিল এই সকলে নিজৰ পাণ্ডিত্য গুণক বহুৱালী কৰাৰ বাহিৰে আন একো কৰা নাই কাৰো গাৰ বলত এটা জাতিৰ সৃষ্টি কৰি দিব নোৱাৰে ।বিখ্যাত গ্ৰীক দাৰ্শনিক 'টলেমি' য়ে বিৱৰনীত 'বাদুসোঁণলয়' শব্দ এটা আছে যত কিৰাত সকল এই মুলুকলৈ আহোতে যিকেইটা ফৈদ আহিছিল তাৰে এটা সোনোৱাল সকল।সেইকেইটা ফৈদ হ'ল- ডিমাচা,বৰো,লালুং,হাজং,মৰাণ,চুটীয়া,মেছকোঁচ,গাৰো,আৰু ৰাভা।'বাদুসোঁণলয়' শব্দৰ অৰ্থ হ'ল বীৰ বা পৰাক্ৰমী , তেনে অৰ্থতে সোনলয় অৰ্থাৎ সোনোৱাল কছাৰী সকল।কিৰাতী সকলে কিৰাত কিৰাতী পূজাত মন্ত্ৰত এই বাৰটা বংশৰ নামত নৈৱেদ্য আগবঢ়ায়।এই সোনোৱাল সকলে ৰত্নগৰ্ভা অসমত একমাত্ৰ জনগোষ্ঠী যিসকলে সোণ,তাম,লো আৰু লোন উৎপাদন কৰাৰ প্ৰথা জানিছিল।সোনোৱাল কছাৰী সকলৰ প্ৰথম ৰজা হগ্ৰাই 1000 সৈন্যক লগত লৈ ব্ৰহ্মপুত্ৰৰ উওৰ দিশ শদিয়ালৈ উজাই আহি সোৱনশিৰী নৈকে আদি কৰি নৈৰ পাৰৰ সাৰুৱা অঞ্চলকে আদি কৰি দিহিং,দিবং,শদিয়া,কুণ্ডিল খণ্ডকলৈ হালালী ৰাজ্য স্হাপন কৰে ।এতিয়া সোনোৱাল কছাৰী সকল সোণ কমোৱাৰ পৰা সোনোৱাল নাম লৈ টুলুঙা মন্তব্য দিয়া সকলে পঢ়ি লব ।(চমুকৈ উল্লেখ কৰা হ'ল)

সোনোৱাল কছাৰী সকলৰ হাইদাং গীত।

সোনোৱাল কছাৰীসকলৰ 'হাইদাং গীত' অসমীয়া ভাষা সাহিত্যৰ বাবে এক আপুৰুগীয়া সম্পদ। এই হাইদাং গীত সোনোৱাল কছাৰী সমাজৰ ধৰ্মীয়, ঐতিহাসিক বেলাড আৰু বেদ স্বৰূপে স্বীকৃতিপ্ৰাপ্ত। হাইদাং গীত সমূহ ধৰ্মৰ সৈতে জড়িত যদিও বাইথ' পূজাত হে এই গীত গোৱা হয়। হাইদাং গীত সোনোৱাল কছাৰীসকলৰ অতীত দৰ্শন নিহিত হৈ আছে । এই গীতৰ আৰম্ভনিতে বন্দনা ভাগত বিশ্বব্ৰহ্মণ্ডৰ সৃষ্টিৰ কথা কোৱা হৈছে। গীতৰ আন এটি অংশত সোনোৱাল কছাৰীসকলৰ সাত খেল আৰু চৈধ্য বংশৰ কথাও উল্লেখ আছে। সোনোৱাল কছাৰীসকলৰ হাইদাং গীত কছাৰীসকলৰ এক অপৰিহাৰ্য অঙ্গ।
এই খিনিতে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ এক অভিমত দাঙি ধৰিব বিছাৰিছো "কছাৰী বুলি অসমীয়াৰ আগ মঙহ ফেৰা কাটি নি, চুলিডালকে দুফাল কৰা বুৰ়ঞ্জীবিদ আৰু নৃ-তত্ত্ববিদসকলে যিমানেই অসমীয়া জাতিক নিলগ নকৰক, কছাৰী মাত্ৰেই যে অসমীয়াৰ তেজ মঙহ তাক নুই কৰিব ঠেৰুৱেই নাই। কছাৰীৰ ডিমাছা নামটোৱেই অসম বুৰঞ্জীত ব্ৰক্ষ্মপুত্ৰৰ বংশ বুলি কোৱা আছে। বিশ্বনাথৰ প্ৰতাপপুৰীয়া ৰজাৰ ভাৰ্যা কুৰুকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা আৰিমত্ত এই ব্ৰক্ষ্মপুত্ৰ কুলৰ ঔৰসজাত সন্তান বুলি কথিত আছে। জা-জলপান, চাউল, ডাৱৰ, ভাং, ডাৱ (ডাব-কটাৰী), দোং, ডিঙ্গি (নাও) আদি নিতৌ ঘৰুৱা কথাত ব্যৱহাৰ হৈ থকা অসমীয়া শব্দ মূলত: কছাৰী। নৈৰ ভালেমান নাম যে থলুৱা লোকেই দিয়া তাক কোৱাৰ সকাম নাই।শদিয়াৰ কৌণ্ডিল্য বা কুণ্ডিল নগৰৰ নামো হালালী বুলি সেইসকল নিবাসী কছাৰীয়েই দিয়া।গুৰিতে এটা হ'লেও, কছাৰীৰ ঠাল- ঠেঙুলি বহুতো। তাৰ ভিতৰত লুইতপৰীয়া সংস্কৃতি গঢ় দিয়াত এই কেইটা প্ৰধান:-বদৌচা, ধ্যান বা দেহান, লাঠোচা, ঠাউচেনচা, হাফালংচা, হাম্মুচা। হাম্মুচা ঠালটোৰ বুৰঞ্জীমূলক আখ্যানেই অসমীয়া সাহিত্যৰ এছোৱা পূৰঠ কৰি গৈছে। দেহান বা ধ্যান খেলটো একেবাৰে উজনিৰ পৰা ওলাই অহা। তেজীমলা, পানচৈ, কাচনমতী, ফুলৰা-চতৰা, লখাই তৰাকেআদি কৰি আমাৰ মাজত চলি থকা ভালেমান সাধুকথা এইটো খেলৰ পৰাই মুখে মুখে চলি অহা।– গতিকেই কছাৰী সংস্কৃতি সুকীয়া বুলি অসমীয়াৰ গাৰ পৰা এৰুৱাই নিলেও, বুৰঞ্জীক চিঞৰাই এশবাৰ ক'ব লাগিব যে স্বতী নৈৰ পাৰৰ কছাৰীয়েই অসমীয়া সংস্কৃতিৰ ৰাজহাড়। এই হাম্মুচা ঠালৰ লোকসকলেই সোনোৱাল কছাৰী সকল।
(সহায় লৈ- সোনোৱাল কছাৰীসকলৰ পৰিয়াল পৰিচয়- ৰাজু সোণোৱাল, ডিব্ৰুগড়)

Wednesday, 15 April 2020

থিফাই থকা নামঘৰ সোনোৱাল কছাৰীসকলৰ নে?


বহুতৰ মতে নামঘৰৰ সোঁমাজত থকা বেদীসদৃশ সামান্য ওখ ভূমিখণ্ড গজাই গুৰুৰ সমাধিৰ প্ৰতীক। সেৱকসকলে গজাই গুৰুৰ সমাধিৰ প্ৰতীকটোৰ চাৰিওফালে বহি পুৰাতন ধৰ্মীয় কৃত্যসমুহ পালন কৰিছিল। কালক্ৰমত ৰ'দ,বতাহ আদিৰ পৰা ৰক্ষা পৰিবলৈ চালি এখন দিয়াৰ ব্যৱস্হা কৰি এক গৃহলৈ পৰিবৰ্তন কৰিছিল। সেই গৃহৰ তলত পূজা হৈছিল, আলোচনা হৈছিল।কিন্ত্ত নাম লোৱা হোৱা নাছিল, কিয়নো সোনোৱাল কছাৰী সমাজত পুৰুষৰ বাবে পূজাৰ কোনো নাম নাছিল (হায়দাং গীত বাদ দি)।
সেই গৃহটিকে পৰৱৰ্তীকালত বোধহয় হেন্দুৰীয়া (আগমী আৰু সত্ৰীয়া) সমাজে অধিকাৰ কৰি হৰিক স্হাপন কৰিলে। থিফাইৰ ঠাইত স্হান দিলে ভাগৱতক।গজাই পূজা পৰ্যৱশিত হল গছৰ তললৈ। আনবোৰ পূজাত ঘৰৰ কোনো প্ৰয়োজন নাছিল বাবে কোনেও কথাটোত গুৰুত্বই নিদিলে। এইদৰেই আদিম গৃহটিৰ নাম বোধহয় সলনি হল আৰু নাম পালে নামঘৰ।
সেয়েহে ছাগৈ থিফাই থকা নামঘৰ সোনোৱাল কছাৰী নামঘৰ বুলি থকা ধাৰণা গজগজীয়া হৈ থাকিল।
কিন্ত্ত কথা হল যে নামঘৰৰ উক্ত বেদীটুকুৰা নামত থিফাই হৈ থাকিলেও কামত গজাই গুৰুৰ সমাধিৰ প্ৰতীক হৈ থকা নাই। সেয়া পৰিবৰ্তন হৈছে হৰিৰ বাহালৈ। তাত ভাগৱতক স্হাপন কৰি হৰিক প্ৰতীষ্ঠা কৰা হৈছে। নামঘৰতো গজাইক স্মৰণ কৰা নহয়, বৰং ৰ্কীতন-দশম-গুণমালা-নামঘোষা-বৰগীত-ভাওনা আদিহে কৰা হয়।নামঘৰত পুৰাতন সোনোৱাল কছাৰী সংস্কৃতিৰ কোনো উপাদান পালন কৰা নহয়. গতিকে উক্ত আদিম গৃহটিয়ে তাৰ চৰিত্ৰ সম্পুৰ্ণ ত্যাগ কৰিলে।
গতিকে এতিয়া থিফাই থকা নামঘৰটি সোনোৱাল কছাৰীৰ নামঘৰ বুলি কোৱাৰো বোধহয় যুক্তি নাই।
থিফাই থকা নামঘৰ সমাজ বহাৰ ব্যৱস্হা মণিকুট থকা নামঘৰৰ সমাজ বহাৰ ব্যৱস্হাৰ লগত নিমিলে। থিফাই থকা নামঘৰত সমাজ তিনিফালে বহে। মুধৰ(সমুখৰ) ফালে, সোঁফালে আৰু বাওঁফালে।পিছৰফালে মুক্ত, যিফালে ভকত, সেৱকী প্ৰৱেশ কৰে। মুধত মেধী, সাতোলা আৰু মূল ভকত কেইজন বহে। আনহাতে মণিকুটীয়া নামঘৰত সমুখত মণিকুট থকাৰ বাবে মুধছৰ ফালে ভকত বহিব নোৱাৰে। ফলত দুফালে ভকত বহে।
অৱশ্যে সোনোৱাল কছাৰীৰ পুৰাতন নিয়মত মুধত সেৱকী নবহাই নিয়ম। বাইথ' পূজাত মন্দিৰ মূধত বাইথ' গম্বুজ অৰ্থাত্ গন্ধসৰৈ খুঁটাৰ গুৰিটো থাকে। সেৱকী পাছত দুয়োফালে বহে। সৰগদেউ পূজাতো সমুখত পূজাৰ ভাগ থাকে।গজাই পূজাতো একে ব্যৱস্হা। আন পূজাসমূহতো সমুখত পূজাৰ ভাগ দি সেৱকী পাচত বহে। গতিকে সোনোৱাল কছাৰীৰ পুৰাতন নিয়মৰ লগতো থিফাই থকা নামঘৰৰ সাদৃশ্য নাই।
শ্ৰীমন্ত শংকৰদেৱে নামঘৰৰ ধাৰণা ক'ৰ পৰা ললে সেয়া লৈ পণ্ডিসকলৰ গৱেষনা জাৰি আছে। বহুতে জনজাতীয় সমাজৰ ডেকাচাং, মুৰংঘৰ বা সোনোৱাল কছাৰী সমাজৰ গজাইৰ সমাধিঘৰ আদিৰ পৰা নামঘৰৰ ধাৰণা লৈছিল বুলি মত প্ৰকাশ কৰে। যিকি নহওক নামঘৰে 'নাম লোৱা ঘৰ' হিচাপে তাৰ নিজৰ চৰিত্ৰ গঢ়ি তুলিলে আৰু তাত জনজাতীয় উপাদানসমূহৰ চিন মোকাম নোহোৱা হৈ গল।
গতিকে নামঘৰ সোনোৱাল কছাৰীৰ পুৰাতন ঐতিহ্য বুলি কোৱাৰ কোনো যুক্তি নাই। ই এটা সময়ত আদৰি লোৱা এক ধৰ্মীয় উপাদানহে।
(সোনোৱাল কছাৰী সমাজৰ বিশিষ্ট লিখক শ্ৰী প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ 'সোনোৱাল কছাৰী তত্ত্ব অন্বেষন' কিতাপৰ 'নামঘৰ সোনোৱাল কছাৰীৰ পুৰাতন ঐতিহ্য হয় জানো?' পৃষ্ঠাটোৰ পৰা হুবহু তুলি দিয়া হ'ল। লিখকৰ ওচৰত ক্ষমা ৰ্প্ৰাথনাৰে- জিতুল ৰাজ ফৰমাল)