PHOTO COURTESY- KHIRUD SAIKIA SONOWAL
সোনোৱাল কছাৰী সকলে লখিমী সবাহ সাধাৰণতে দুটা সময়ত কৰে। আহিন-কাতি মাহত বা ফাগুন মাহত কৰে। আহিন কাতি মাহত ধানৰ গেৰ হওঁতে বা খেতি চপাই আনোতে অ'ত ত'ত পৰি থকা লখিমী আদৰি আনি ভঁৰালত থবৰ বাবে। এই সবাহ নামঘৰত কৰা হয়। এই সবাহত নদীৰ পৰা গায়েন গাই গাই নদীৰ পৰা জাকৈ বাই যি পায় তাকে দোলাত ভৰাই লৈ আহি নামঘৰত প্ৰতিঘৰে ভগাই লৈ নিজ নিজ ঘৰৰ ভঁৰালত থৈ লখিমী দিয়ে।
নদীৰ পৰা আনিবলৈ যাওঁতে নামঘৰৰ পৰা গায়েন গাই গাই যায় আৰু আহোতেও গায়েন গাই গাই আহে। লখিমী অনা দলটোক অন্য এদলে নামঘৰৰ পৰা আগবঢ়াই আনে। আনোতে পাত পাৰি পাৰি আদৰি আনে। এই সবাহত মিঠৈ,কল,মাহ,পান,তামোল,শলিতাৰ আৱশ্যক। নদীৰ পৰা আনোতে আগে আগে খুচাৰী পিঠা চটিয়াই আহে আৰু নটা উঘাৰে নডাল সূটা নদীৰ পৰা নামঘৰলৈ আনে। প্ৰতিঘৰে নামঘৰৰ পৰা আনোতেও দালি কলচি লৈ খুচাৰী পিঠা চটিয়াই উঘাৰে সূতা টানি আনে।
নদীৰ পাৰত দীঘল টিপ সাজি ক্ৰমান্বয়ে বাওঁফালৰ পৰা টিপটোত ভাগ কৰি গাতিগিৰি,মহাদেউ পাৰ্বতী,জলখাই, কুবেৰ বুঢ়া-বুঢ়ী, সাগৰ বুঢ়া-বুঢ়ী, জৰিয়া বুঢ়া-বুঢ়ী, ভৰালী, চেং তামুলী,মন তামুলী, বিধি-বিধাতা, হৰিচৰণ, লখিমী ন ভনী, দালি,কলচী,দোলা,লাখুটি,জাপি,জাকৈ,জলৰ ৯ ভনী, থলৰ ৯ ভনী, লুইতৰ ১৮ সুঁতি, ১৮ কুঁৱৰী, জল কুবেৰ, বৰা বান্দৰ, খুবা-খুবুনী আদি দেৱ দেৱীক ভাগ দি জল কুবেৰৰ ভাগটো পানীত উটোৱাই দি জাকৈ বাই যি পায় তাকে দোলাত আৰু দালিত ভৰায়। কলচিত পানী ভৰায়।দোলা ভাৰী কেইজন অশৰণীয়া যুৱক আৰু দালি কলচি ভাৰী কেইগৰাকী এঁৱা ছোৱালী লয়। দোলাৰ পিছে পিছে ওখ নাল লগাই কাপোৰেৰে সজা এখন বিচনীৰে বিচি আহে।

No comments:
Post a Comment