Tuesday, 3 January 2017

বিষ্ণু ৰাভাদেৱৰ ৰচনাৰ পৰা কিৰাতসকলৰ চিঞৰ

সোনোৱাল কছাৰী সকলৰ লগবিহু
ফটো-দেৱৰাজ সোনোৱাল

বিষ্ণু ৰাভাদেৱৰ ৰচনাৰ পৰা কিৰাতসকলৰ চিঞৰ

 চীন তিব্বতীয় ভাষীসকলৰ ভিতৰত তিব্বতীয় বম্মীয় দলবোৰৰ অস্তিত্ব তিব্বতৰ পূৰ্বে অসমৰ উত্তৰ-পূৱ সীমান্তত (বৰ্তমান চীন দেশৰ চিকিয়াং প্ৰদেশ) বহুলভাৱে প্ৰায়বিলাক কিতাপত পোৱা যায়। এই চিকিয়াং প্ৰদেশৰ পৰাই কিৰাতসকল পূৰ্বলৈ আৰু দক্ষিণলৈ বিকাশ হয়। প্ৰায় ১০০০ খৃ পূতাৰো বহু পূৰ্ব্বতে এই তিৰ্ব্বতী বৰ্ম্মীয় এটা দলে ভাৰতৰ পূৱ সীমান্তলৈ প্ৰৱেশ কৰে, হয়তু হিমালয়ৰ দক্ষিনৰ এঢলীয়া অঞ্চলেদি অথবা অসমৰ মাজেদি। এই সকলেই আছিল আদিম কিৰাত গোষ্ঠীৰ লোকসকল। এই কিৰাত দলৰে বংশ বৃদ্ধিৰ ফলত বিস্তাৰ ঘটে সুদুৰ কুমায়ুন আৰু গাৰহোৱাললৈকে। কিছুমানৰ মতে তিৰ্ব্বতৰ মাজেদি ছা্নপো বা ব্ৰক্ষ্মপুত্ৰৰ দাঁতিয়েদি উজাই নেপাললৈ,গাৰ্হোৱান্ আৰু কুমায়ুনলৈকে। এই কিৰাত সকলৰ আদিম মাতৃভূমিত প্ৰাকৃতিক দুৰ্যোগ আৰু বংশ বৃদ্ধিৰ ফলত অৰ্থনৈতিক সংকট উপস্হিত হোৱাত কিৰাতৰ এটি দল হিমালয় পৰ্ব্বত অতিক্ৰম কৰি ভাৰত সীমান্তলৈ প্ৰৱেশ কৰা নাছিল যেন অনুমান হয়। এটা এটা উপদল হিচাপে কিৰাত সকলে পৃথক পৃথকভাৱে ভাৰতলৈ অহা যেন বোধ হয়।
                          কিছুমানৰ মতে, বিশেষকৈ নেপালত কিছুমানৰ বিশ্বাস, তিনিজন মঙ্গোল কোঁৱৰ দক্ষিণলৈ পৰিভ্ৰমন কৰিবলৈ আহি অসমত বাস কৰে। তেওঁলোকৰ তিনিজনে ইয়াতে ভাৰতৰ পূৱ-সীমান্ত অঞ্চলত তিনিখন ৰাজ্য স্হাপন কৰি পৃথক পৃথক ৰাজ্যৰ অধিপতি হয়। তিনিজন ৰাজকোঁৱৰৰ নাম আছিল হেনো- মৌৰাং,মাইৰং আৰু মোৰাণ। পশ্চিমে নেপাল অঞ্চলৰ ৰাজ্যত মৌৰাং, মধ্য অঞ্চলত প্ৰাচীন কামৰূপ ৰাজ্যৰ আদিম ৰজা মাইৰং বা মহীৰঙ্গ দানৱ(যাৰ শেষ বংশৰ ৰজা আছিল ঘটক কিৰাত, যাক বধ কৰি নৰকাসুৰ কামৰূপৰ অধিপতি হয়)আৰু অসমৰ সৌমাৰ আৰু উত্তৰ বৰ্ম্মাৰ আঞ্চলিক ৰাজ্যৰ মোৰাণ (যাৰ বংশধৰ মৰাণসকল যেন অনুমান হয়
                 নেপালৰ লিম্বু, চিকিমৰ লেপচা সকলৰ মাজত আজিও দৃহবিশ্বাস, মঙ্গোল ৰাজ্যৰ তিনিজন ৰাজকোঁৱৰ লেপচা, লিম্বু, মেচ দেশ ভ্ৰমন কৰিবলৈ আহি বহু দেশ,বহু ৰাজ্য,বহু অঞ্চল অতিক্ৰম কৰি সিহঁত অসমত প্ৰৱেশ কৰে।আৰু অৱশেষত লেপচাই লেপচা ৰাজ্য (বৰ্তমানৰ চিকিম), আৰু লিম্বুয়ে নেপালৰ পূব অঞ্চলত থাকি ৰাজ্য স্হাপন কৰে এয়াই হৈছে বৰ্তমানৰ নেপালৰ পূৰ্ব্বাংশ লিম্বুয়ানা বা ইলা্ম।আৰু মেচে অসমত ৰাজ্য স্হাপন কৰে। কিৰাত বংশৰ এটা ঠাল বা দল, ডিমাচা সকল পূৰ্ব্বতে তিৰ্ব্বতৰ পৰা আহি অসমত প্ৰৱেশ কৰে। কিৰাতসকল অসমত একেলগে প্ৰৱেশ কৰা নাই। কিৰাতসকলে বেলেগ বেলেগ দল হিচাপে আন আন বাটেদি অসমত প্ৰৱেশ কৰে।ডিমাচা সকলৰ প্ৰবাদ মতে তেওঁলোকে চিকিয়াং প্ৰদেশৰ পৰা অহা নাই। তেওঁলোকৰ আদিম বাসস্হান বা পিতৃভূমি মানস্ সৰোবৰৰ কাষতে আছিল বুলি কব খোজে। ছা্নপো বা ব্ৰক্ষ্মপুত্ৰ নৈৰ পাৰে পাৰে আহি তেওঁলোক দিহিং নৈৰ দাঁতিয়ে দাঁতিয়ে অসমলৈ আহে। গাৰোসকল তিৰ্ব্বতৰ পৰা ভূটানেদি অসমত প্ৰৱেষ কৰে।আৰু কিৰাত সকলে অসমত বহু ঠাইত নিজৰ নিজৰ গণৰাজ্য স্হাপন কৰি শাসন কৰিছিল।
             অসমৰ কিৰাত বংশৰ লোক- বডোয়েই হওক,ৰাভা বা কোঁচেই হওক, লালুং বা তিৱাই হওক, দেউৰী বা চুতীয়াই হওক, ডিমাচাই হওক, গাৰোৱেই হওক,মেচেই হওক, সোনোৱাল কছাৰীয়েই হওক নৃতত্ত্ববি্দ সকলৰ মতে সংস্কৃত কিৰাত শব্দই পৰ্ব্বতীয়া বিশেষকৈ হিমালয়বাসী আৰু অসমৰ জনজাতি মংঙ্গোলীয় সকলকহে বুজায়।কিৰাতসলক যজুৰ্বেদত বিশেষকৈ শুক্ল যজুৰ্বেদ আৰু ৰাজসনীয় সংহিতা, কৃত যজুৰ্বেদ আৰু তৈত্তৰীয় ব্ৰাক্ষ্মণত পোন প্ৰথমে কিৰাত শব্দৰ উল্লেখ দেকা যায়। পুৰুষ মেধ যজ্ঞত বলি বৰ্ণনাত কিৰাত শব্দ পোৱা যায়,-গুহাভ: কিৰাতমং সানুভ্যো জম্ভকম পৰ্ব্বতেভ্য: কিম্পুৰুষম। গুহাৰ কাৰণে কিৰাত, এঢলীয়া অঞ্চলৰ(Slopes) কাৰণে জম্ভকক (দীঘল দঁতীয়া মানুহ); পৰ্ব্বতৰ কাৰণে কিম্পুৰুষক (কুত্সিত মানুহ)।অথৰ্ব্ব বেদতো কিৰাত ছোৱালীৰ বৰ্ণনা আছে-
কৈৰাতিকা কুমাৰিকা শকা খনিত ভেষজম্
হিৰণ্যয়ীভি ৰ্অভৃভি গিৰিণাম সাণুষা।
কুমাৰী কিৰাত ছোৱালীয়ে ঔষধ খান্দি উলিয়ায়, পাহাৰৰ ওখ দাঁতিত সোণৰ খন্তিৰে।বেদৰ উল্লেখমতে কিছুমান পণ্ডিতৰ মতে কিৰাতসকল গুহাবাসী গুহাৰ কাৰণে সিহঁতক উৰ্চ্ছগা কৰা হয়। পৰ্ব্বতৰ ওখ দাঁতিৰ মাটি খান্দি ঔষধ বিচৰা কুমাৰী কিৰাত ছোৱালী পৰ্ব্বতবাসী। গুহাবাসী হলেও পৰ্ব্বতবাসী। নেপালৰ পূৰ্ব্বাঞ্চলৰ বাসিন্দাসকলেই কিৰাত বুলি যদিও কিছুমানে প্ৰকাশ কৰে, তথাপি এই শব্দমতে প্ৰকৃতাৰ্থতপৰ্ব্বতবাসী আদিম জাতিহে।মানৱ ধৰ্ম শাস্ত্ৰ মতে কিৰাতসকল অধ:পতিত ক্ষত্ৰিয়। পুৰাণ শাস্ত্ৰআদিত অধ:পতিত ক্ষত্ৰিয় হৈছে সভ্যতাৰ আভাস পোৱা ৰণ কৌশলত সুদক্ষ আৰু সৈন্য বাহিনী সংগঠনত দক্ষ অনাৰ্য্য জাতি। কিৰাত শব্দৰ প্ৰকৃত অৰ্থ বিশ্লেষণত বেলেগ অৰ্থহে প্ৰকাশ পায়।
                                         ডা:সুনীতি কুমাৰ চেটাৰ্জীৰ কিৰাত-জন-কৃতিপুথিখনৰ মতে-কিৰাত শব্দৰ প্ৰৱাদমূলক ব্যাখ্যাই ইয়াৰ মূল অণ্বেষণত আমাক সহায় নকৰে। ইয়াৰ ব্যাখ্যাবোৰ হৈছে, কিৰাত সকল হল যি সকলে ফুৰে অতন্তি’ ‘কিৰ’ অঞ্চলত পৰ্ব্বতৰ দাঁতিত কিম্বা মলিন কুস্হানত; যিসকলে অবোধ্য ভাষা-কিৰ বা কিলকৈ  ঘুৰি ফুৰে। (ক্ৰমশ)

No comments:

Post a Comment