ফটো- মনোজ কেনাৰী(ধেমাজি)
(সোনোৱাল কছাৰী জাতিৰ সন্মানীয় লিখক শ্ৰী যুত ৰাজু সোনোৱাল ডাঙৰীয়াৰ কলমৰ পৰা সুবহু তুলি দিয়া হল)
সোণোৱাল কছাৰী সকলৰ জনবিশ্বাস বা লোকবিশ্বাস
জনবিশ্বাস বা লোকবিশ্বাসেই হ’ল লোকাচাৰ । জনবিশ্বাস বা লোকবিশ্বাস বিলাকক লৈয়েই কোনো এক জনগোষ্ঠিৰ লোকাচাৰ সমুহ বৰ্তি থাকে আৰু সেই লোকাচাৰ সমুহ সেই জনগোষ্ঠিটোৰ লোকসংস্কৃতিৰ অঙ্গস্বৰূপ । পৃথিৱীৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে জনবিশ্বাস বা লোকবিশ্বাসক আধাৰ কৰিয়েই তেওঁলোকৰ নিজ নিজ লোকসংস্কৃতিক জীয়াই ৰাখে ।
পৃথিৱীৰ অন্নান্য জনগোষ্ঠীৰ মাজত থকা জনবিশ্বাস বা লোকবিশ্বাস বিলাকৰ দৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সোণোৱাল সকলৰ সামাজিক জিৱনতো ভালেমান জনবিশ্বাস বা লোকবিশ্বাস প্ৰচলিত হৈ থকা দেখা যায় । এই জনবিশ্বাস বা লোকবিশ্বাস বিলাক পৰম্পৰাগত । এই বিচিত্ৰময় জনবিশ্বাস বা লোকবিশ্বাস বিলাক জন্মৰ পৰা মৃত্যুলৈ, মৃত্যুৰ পৰা পাগ ঘৰলৈ, পাগ ঘৰৰ পৰা নঙলামুখলৈ, নঙলামুখৰ পৰা জীৱিকাৰ আশ্ৰয় স্বৰূপ খেতি কৰা মাটি দৰালৈ, খেতি কৰা মাটি দৰাৰ পৰা সমাজৰ ভেটিচৰূপ নামঘৰলৈ, নামঘৰৰ পৰা দশোদিশে অবিৰত ভাৱে প্ৰচলিত হৈ আহিছে । আজিৰ এই অলোচনাত সোণোৱাল সকলৰ দৈনন্দিন জীৱনত প্ৰচলন হৈ থকা সকলোবোৰ জনবিশ্বাস বা লোকবিশ্বাসকে সাঙুৰি লব নোৱাৰিলেও থাওকতে মনত পৰা কেইটামান জনবিশ্বাস বা লোকবিশ্বাসক আলোচনাৰ মাজলৈ টানি আনিব খুজিছো ।
সোণোৱাল সকল জড়োপাসক, যাক ইংৰাজীত ANIMIST বোলে । তেওঁলোকৰ আৰাধ্য দেৱতা হ’ল খ্ৰীং, খ্ৰীং বাইথ’ । জামুক বা গন্ধসৰৈ গছৰ খুটাটোতে তেওঁলোকৰ আৰাধ্য খ্ৰীং,খ্ৰীং বাইথ’ দেৱতাক বিচাৰি পোৱটোও সোণোৱাল সকলৰ এক জনবিশ্বাস বা লোকবিশ্বাসেই ।
১/ ডাঙৰী অঞ্চলৰ নপথাৰ গাওঁৰ খ্ৰীং, খ্ৰীং বাইথ’ পূজাৰ সমান্তৰাল ভাৱে চহৰীকটা টেপৰগুৰি গাওঁত চলি থকা ক্ষেত্ৰদেৱতাৰ পূজাভাগো এক জনবিশ্বাস বা লোকবিশ্বাসে । এই ক্ষেত্ৰদেৱতাৰ পূজাত আচাৰ কটা পূজা বুলি এক অতি ব্যতিক্ৰমিক অনুস্থান দেখিবলৈ পোৱা যায় । সোণোৱাল সকলে নিজকে ক্ষত্ৰীয় বংশোদ্ভৱ বুলি ভাবে আৰু সেয়ে আদিতে শক্তি প্ৰাপ্তিৰ বাবে কেঁচাইখাতী আইৰ চৰণত বলি আগ বঢ়াইছিল । শুনা যায় কোনো এক স্মৰণাতিত কালত সোণোৱাল সকলে কেঁচাইখাতী আইৰ চৰণত নৰবলিও আগ বঢাইছিল । সেই নৰবলিৰ লোকাচাৰকেই পৰম্পৰাগত ভাৱে চলাই যাবলৈ আজিও ক্ষেত্ৰ দেৱতাৰ পূজাত ভুৰুলী-হাবুকী আৰু ক্ষেত্ৰ দেৱতাৰ পূজাভাগ আগ বঢ়োৱাৰ প্ৰাগমুহুৰ্ত্তত নৰবলিৰ পৰিৱৰ্ত্তে, এক নিৰিবিলি থাইত কেৱল মিঠাতেলৰ শলিতাৰ পোহৰত নৰবলিৰ লোকাচাৰ হিচাবে এটা বগা ৰঙৰ পাতিহাঁহ শুদ্ধ বগা বস্ত্ৰ পিন্ধাই লৈ বলি আগ বঢ়ায় । এয়ে হ’ল আচাৰ কটা পূজা, সোণোৱাল সকলৰ ইও এক লোকবিশ্বাস ।
২/ মুখ লগা বা আনৰ চকুত পৰা বিশ্বাসটো অকল সোণোৱাল সকলৰে নহয়, পৃথিৱীৰ প্ৰায় সকলো জনগোষ্ঠিতে এই লোকশ্বাস আছে । কেচুৱা এটা নুদুকা, ধুনিয়া হ’লে, খেতি এদৰা লহপহকৈ বাঢ়ি গ’লে, তাঁত এবাটি দেখাত সুন্দৰ হ’লে মানুহৰ চকুত লাগে । ভাল মানুহৰ চকুত লাগিলে যেনিবা কোনো বিশেষ প্ৰভাৱ নপৰে, কিন্তু খিয়লীয়া বেয়া মানুহৰ চকুত পৰিলে কেচুৱাটো শুকাই খীনাই যায়, খেতিমাতি দৰা জুমুৰা পৰে, তাঁত বাটিৰ সূতা চিঙি আগ বঢ়াই নিব নোৱাৰা অৱস্থা হয় । এনে হ’লে মানুহৰ মুখ লগা বা চকুত পৰা বুলি বিশ্বাস কৰা হয় । নিৰাময়ৰ বাবে কেচুৱাটো পোহাৰীৰ পৰা কিনি লোৱা হয় নাইবা লৰা-ছোৱালীক গেন্ধেলা, গেলা, ফেদেলা, ফেদেলী আদি আপচু নামেৰে নামকৰণ কৰে, খেতি দৰাত টেকেলি এটাত চুণেৰে আঁকি মানুহৰ লাওখোলাৰ আকৃতি কৰি বা মৰা গৰুৰ লাও খোলা এটা খুটি এটা পুতি তাৰ মূৰত আঁৰি দিয়া হয়, তাঁত বাটিৰ কাষেৰে কোনোবা পাৰ হৈ গ’লে মুখ নেলাগিবলৈ গছৰ পাত এখিলা দি যায় । ইও এক জনবিশ্বাস বা লোকবিশ্বাস ।
৩/ বৰঘৰৰ মুধচত ফেঁচা, হুদু, কাউৰী, কপৌ চৰাই পৰিলে ; সাপ, কুকুৰ, শিয়াল সুমালে, ঘৰ খনৰ খীন লাগিছে বুলি বিশ্বাস কৰা হয় । তাৰ বাবে বিধিমতে খীন ভঙা হয় ।
৪/ কাণীমুনি বেলাত পানীপতাত থিয় হ’লে বা বহিলে অমঙ্গল হয় বুলি বিশ্বাস কৰা হয় ।
৫/ মাঘ বিহুত মেজি জলোৱাৰ দিনা বৰ ঘৰৰ লাইখুটাত, গোহালিৰ খুটাত, ভৰালৰ খুটাত, ঢেকীটোত, তাঁতৰ শালত, বাৰিৰ গুটি লগা গছ কেইডালত ধানৰ নৰাৰে বা টঙালিৰে নেবান্ধিলে বৰদৈচিলাৰ সতে গুচি যায় বুলি বিশ্বাস কৰা হয় ।
৬/ মাঘ বিহুত আলু কচু নেখালে পৰজন্মত গাহৰি হয় বুলি সোণোৱাল সকলৰ এক জনবিশ্বাস বা লোকবিশ্বাস ।
৭/ ধুমুহা, বিজুলী গাজনিৰে নেৰানেপেৰাকৈ বৰষুণ দিলে চোতালত চিৰিমাৰি এডাল বা ৰাচ পাত এখন দলিয়াই দিলে শাম কাটে বুলি বিশ্বাস কৰা হয় । আনহাতে দীঘলকৈ বৰষুণ নিদি খৰাং বতৰ পাতিলে পথাৰত ওলটাকৈ নাঙল এটা পুটি থলে, বাঘধেনু বজালে বা ভেকুলী বিয়া পাতিলে বৰষুণ দিয়ে বুলি বিশ্বাস কৰা হয় ।
৮/ মানুহৰ লেমলেমিয়াকৈ বেমাৰ হৈ থাকিলে আপেস্বৰাৰ দুখ লাগিছে বুলি বিশ্বাস কৰা হয় । নিৰাময়ৰ বাবে আপেস্বৰাৰ সবাহ বিধিমতে অনুস্থিত কৰা হয় ।
৯/ শুভকাৰ্যলৈ যাত্ৰা কৰোঁতে পানীৰে ভৰা পাত্ৰ দেখিলে, দামুৰিয়ে ওহাৰ পি থকা দেখিলে, পুৰঠ পকা কল এঠোক দেখিলে বা বাকলি থকা বগা জিয়া মাছ দেখিলে, গজেন্দ্ৰক দেখিলে যাত্ৰা শুভ বুলি বিশ্বাস কৰা হয় । আন হাতে ভঙা আইনা দেখিলে, তিৰুতাই চুলি মেলি থকা দেখিলে, তেলি, নাপিত আদি জাতিক দেখিলে, পাচ ফালৰ পৰা মাত দিলে যাত্ৰা অশুভ বুলি ভবা হয় ।
১০/ একেটা পৰিয়ালতে বিবাহ হ’লে সতি-সন্ততি বেয়া স্বভাৱৰ হয় বুলি বিশ্বাস কৰা হয় । তেনে কৰ্ম্ম কৰিলে দুয়োকে সমাজৰ পৰা বহিস্কৃত কৰি দণ্ড দিয়াৰ ব্যৱস্থাও সোণোৱাল সমাজত বিদ্যমান ।
১১/ ধানৰ পথাৰত পোকে ধৰিলে উভতাকৈ জন্ম হোৱা কোনো এজনে পথাৰ খন এপাক মাৰি দিলে পথাৰৰ পৰা পোক আতৰি যায় বুলি বিশ্বাস কৰা হয় ।
১২/ সোণোৱাল সকলে বহাগৰ বিহুত নটা পাব আৰু দহটা গাঁঠি থকা বাঁহ এডালক টকামাৰি কৰি গাওঁৰ প্ৰত্যেক ঘৰতে হুচৰি মাগে । এই টকাডাল গৃহস্থৰ চৌহদত এবাৰহে প্ৰৱেশ কৰে । জানি বা নজনাকৈ কেনেবাকৈ দুবাৰ প্ৰৱেশ হ’লে গৃহস্থৰ অমঙ্গল হয় বুলি বিশ্বাস কৰা হয় । আনকি হুচৰি শেষ কৰি নিৰ্দ্দিষ্ট থাইত বিষৰ্জন দি ঘুৰি আহোঁতে পাচলৈ উভতি চাব নেপাই বুলি কোৱা হয় । তেনে কৰিলে গাওঁ খনলৈ দুৰ্যোগ, মহামাৰি নামি আহে বুলি বিশ্বাস কৰা হয় ।
১৩/ সোণোৱাল সকলে পাচ দিনাখন কিবা এটা শুভকাৰ্য কৰিবলৈ মনস্থ কৰি আনক ক’ব ল’গা হ’লে কালিলৈ বুলি নকৈ আলখনকি বুলি কয় । কালিলৈ বুলি ক’লে দেউ-ভূতে সম্ভেদ পাই চলনা কৰে বুলি বিশ্বাক কৰে ।
গৃহস্থী ঘৰ এখনত ইটো সিটো বহুটো বিশ্বাস প্ৰচলিত হৈ আহিছে । আলহীয়ে বাহী চোতাল গৰকিব নেপাই সেয়ে উপজি পূৱাতে চোতাল সৰাতো এক নিয়ম । হাতে হাতে ইজনে সিজনক চুণ বা লোন দিলে কাজিয়া হয়, হাতেৰে পাণ ফালি বিলালে বিচ্ছেদ হোৱাৰ আশঙ্কা থাকে, খড়িকীৰে বস্তু সৰকাই আনক দিলে লখিমী আই আতৰি যায় বুলি বিশ্বাস । ৰাতি বিয়লি চুণক চুণ নুবুলি বগাবিধ বোলা, হালধিক ৰং বোলা, সাপক দীঘল জাত বোলাটোও এক জনবিশ্বাস । ভাত এমুঠি চৰুত এৰা, চৰুত চাউল দিওঁতে লখিমী আইক সেৱা কৰি দি এমুঠি চাৰিমুঠি জীৱৰ বাবে আগলকৈ ৰখা, বৰপাচি উদংকৈ নৰখাটোও এক লোকবিশ্বাস । ৰাতি ঘৰ সাৰি জাবৰ নেপেলায় । কাঁহৰ কাঁহি-বাতি বাজি জীণ যাব নেপায় । ৰাতি নিজান থাইত কলা মেকুৰী বা গাহৰিক প্ৰেতাত্মাৰ ৰূপ বুলি ভবা হয় । মেকুৰী মৰিয়াই মাৰিলে ইটো জন্মত সোণৰ মেকুৰী দান দিব লগা হয় বুলি বিশ্বাস কৰা হয় । শোওঁতে লগত দা-কটাৰী এখন বা জুইশলা ৰাখিলে ভূত-প্ৰেত আদি অপদেৱতাই আক্ৰমন কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয় । সপোনত দাঁত সৰা, খুবকৈ হঁহা, ওপৰৰ পৰা খহি পৰা, কলা মাছ ধৰা, ঘৰতে বিয়া হোৱা দেখা, কোনো মৃতকে পিন্ধাই ওৰাই কৰবালৈ লৈ যোৱা দেখা, পানীত ডুব যোৱা দেখা আদি অমঙ্গলসূচক বুলি ভবা হয় । আশীৰ্ব্বাদ দিলে যেনেকৈ ফলিয়াই বুলি বিশ্বাস কৰা হয়, সেইদৰে শাও দিলেও ফলিয়াই বুলি বিশ্বাস কৰা হয় ।
এই লোকবিশ্বাস বিলাকৰ কিবা বৈজ্ঞানিক ভিত্তি আছে নে নাই কোৱাটো বৰ কঠিন । বিজ্ঞানৰ এই চৰম উন্নতিৰ সময়তো অন্ধবিশ্বাসৰ বশৱর্তী হৈ এক শ্ৰেনী মানুহে ডাইনী হত্যাৰ নামত অনেক নৰহত্যা কৰিয়ে আছে । এইয়া মানুহৰ নির্বোধতাৰ বাবেই হোৱা সমাজৰ এক অন্ধকাৰ ফাল । মানুহৰ এনে বিশ্বাসক নিত্তান্তই অন্ধবিশ্বাস বুলিব লাগে ।
যি বিশ্বাসে মানুহ আৰু অন্যান্ন জীৱৰ মঙ্গল সাধন কৰে তাক আমি বিশ্বাস হিচাবে মানি লওঁ । অদৃষ্ট ভগৱানৰ দ্বাৰা যদি জীৱৰ কিবা অমঙ্গলো হয়, তেন্তে সেয়া তেওঁৰ লীলা বুলিয়েই ধৰি লোৱা হয় । আনহাতে অশৰীৰি ভূত-পিশাচৰ দ্বাৰা জীৱৰ সদাই অমঙ্গলেই সাধন হয় । ঈশ্বৰ যদি সঁচাকৈয়ে আছে তেনেহ’লে অশৰীৰি ভূত-পিশাচৰো সত্তা আছে । হওঁতে দুয়োবিধ বিশ্বাসৰে সত্তা অভিন্ন, মাত্র এটি ইতিবাচক আৰু আনটি নেতিবাচক ।

No comments:
Post a Comment