Sunday, 11 December 2016

প্ৰাচীন কালৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ সভ্যতা

প্ৰাচীন কালৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ সভ্যতা


ৰাজনৈতিক ভাবে ভাৰতবৰ্ষ যিদৰে সৌ সিদিনালৈ এখন নাছিল তেনেদৰেই এখন অসমো নাছিল। অসমৰ মানচিত্ৰখনি আৰু অসম শব্দটো ইংৰাজেহে বাহিৰত জনপ্ৰিয় কৰি তোলে। অসুৰ বংশ, পাল বংশ, বৰ্মন বংশৰ লগতে কছাৰী,কোঁচ,জয়ন্তীয়া,মৰাণ,চুতীয়া প্ৰভৃতিয়ে বিভিন্ন সময়ত এইখন দেশত শাসন চলাইছিল যদিও অতি প্ৰাচীন কালৰ পৰাই প্ৰাগজ্যোতিষপুৰ অথবা কামৰূপ নামেৰেহে জনাজাত আছিল। হেজাৰ হেজাৰ বছৰ ধৰি ইয়ালৈ অহা আৰ্য-অনাৰ্যৰ সমন্বয়ত গঢ়ি উঠিছে অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতি। বুৰঞ্জীবিদ ড: প্ৰতাপ চৌধৰীয়ে উল্লেখ কৰিছে যে এইখন দেশৰ সভ্যতা-সংস্কৃতি অনুদ্ঘাটিত হৈ থাকিলে ভাৰতবৰ্ষৰ বুৰঞ্জীও আধৰুৱা হৈ ৰ'ব।

                                 অসমৰ সৈতে বাকী অংশৰ যোগসূত্ৰ মহাকাব্যৰ আগৰ যুগতেই আৰম্ভ হোৱাৰ কথা 'শতপথ ব্ৰাক্ষ্মন' আদিত উল্লেখ আছে। সেই সময়ৰ সাহিত্যত প্ৰকাশ পোৱা মতে কৰতোৱাই আছিল প্ৰাগজ্যোতিষপুৰৰ পশ্চিমৰ সীমা। প্ৰাগ্ –বুদ্ধ যুগত এই অঞ্চলত হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু আৰু গংগা উপত্যকাৰ সৈতে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ যোগাযোগ প্ৰায় চাৰি হেজাৰ বছৰীয়া পুৰণি। বৈদিক সাহিত্যত প্ৰাগজ্যোতিষৰ উল্লেখ থকাই নহয় বেদ সাহিত্য ৰচনাৰ ক্ষেত্ৰতো প্ৰাগজ্যোতিষপুৰৰ লোকে ভাগ লৈছিল। খ্ৰী:পূৰ্ব ছয়, সাত শতিকাত ৰচিত সাংখ্যায়ন,গ্ৰাহ,সংগ্ৰাহ আদি পুথিত প্ৰাগজ্যোতিষক সূৰ্য উঠা দেশ বুলি উল্লেখ কৰা হৈছে। কৌটিল্যৰ অৰ্থশাস্ত্ৰটো প্ৰাচীন কামৰূপৰ ব্যৱসায়-বাণিজ্যৰ  উল্লেখ আছে। ৰামায়ণ মহাভাৰতৰ ৰচনাকাল সম্পৰ্কে পণ্ডিত সকলৰ মাজত মতভেদ আছে। আদি কাণ্ড ৰামায়ণত অমুৰ্ত্ত ৰজাই প্ৰাগজ্যোতিষ নগৰখন নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে। কিষ্কিন্ধা কাণ্ডত প্ৰাগজ্যোতিষক নৰক ৰজাৰ নগৰ বুলি কোৱা হৈছেমহাভাৰতৰ অশ্বমেধ, দ্ৰোণ, ভীষ্ম আৰু কৰ্ণ পৰ্বতো প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই হাতীৰ পিঠিত উঠি মহাপৰাক্ৰমেৰে কুৰুক্ষেত্ৰ যুদ্ধত অংশ লোৱাৰ কাহিনী সৰ্বজনবিদিত। পঞ্চম শতিকাত ৰচিত ৰঘু বংশত ৰঘুৰ দিগ্বীজয় যাত্ৰা বৰ্ণনাত ব্ৰক্ষ্মপুত্ৰৰ পুৱ দিশত কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ আছিল বুলি উল্লেখ আছে। সেই সময়ত ৰচিত পুথিত কামৰূপৰ ৰজা কলিঙ্গ বৰ্মনৰ জীয়ৰীক বিকত বৰ্মনে বিয়া কৰোৱাৰ কথা উল্লেখ আছে। তেতিয়া কলিঙ্গ (উৰিষ্যা) বিদেহ (বিহাৰ) আৰু কামৰূপৰ মাজত বৈবাহিক সম্পৰ্ক ঘটাৰ প্ৰমাণ আছে। সপ্তম শতিকাত ৰচিত বাণ ভট্ৰৰ  হৰ্ষ চৰিততো কামৰূপৰ কথা উল্লেখ আছে। কলহনৰ ৰাজ তৰঙ্গিনীত কাশ্মীৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজাৰ কণ্যা অমৃত প্ৰভাক বিয়া কৰোৱাৰ কথা পোৱা যায়। এই কাহিনীৰ আধাৰতেই শ্ৰীসুনীল বন্দোপাধ্যায়ে বঙালী ভাষাত এখন জনপ্ৰিয় উপন্যাস ৰচনা কৰিছে। তেনেদৰে পিছৰ কালছোৱাতো যোগিনীতন্ত্ৰ,কালিকা পুৰাণ, গীতিকা ছন্দ, হৰগৌৰী সংবাদ ইত্যাদিত কামৰূপৰ সৈতে থকা বাহিৰৰ সম্পৰ্কৰ কথা উল্লেখ আছে। প্ৰাচীন কামৰূপৰ সৈতে থকা বাহিৰৰ সম্পৰ্কৰ কথা উল্লেখ আছে। প্ৰাচীন কামৰূপৰ সৈতে থকা বাহিৰৰ সম্পৰ্কৰ কথা উল্লেখ আছে। গতিকে ইমান চিত্ৰ –বৈচিত্ৰৰ মাজতো আজিৰ কামৰূপে শংকৰদেৱ, আজান ফকিৰ, গুৰু তেগ বাহাদুৰ প্ৰভৃতিয়ে সমসাময়িক সময়ত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত কিদৰে সংযোগ ঘটাইছিল সেইবোৰ সৰ্বজনবিদিত। মুঠতে বিগত চাৰি হেজাৰ বছৰ ধৰি ব্ৰক্ষ্মপুত্ৰ উপত্যকাত ভাৰতবৰ্ষ,মংগোলীয়া,চীন,বাৰ্মা,ইন্দোনেচীয়া প্ৰভৃতিৰ সভ্যতাৰ লগত যোগাযোগ ঘটিছে।এই ব্ৰক্ষ্মপুত্ৰৰ বুকুতেই জীপাল হৈছে অসমীয়া সংস্কৃতি এই সংস্কৃতিৰ বুকুতেই জীয়াই আছে আমাৰ ভৱিষ্যত আমাৰ বুৰঞ্জী আমাৰ সভ্যতা। নৱ প্ৰজন্মৰ মাজত ইয়াৰ সম্পৰ্কে অধিক অধ্যয়নৰ পোষকতা কৰো। হয়তু এই অধ্যয়নত আৰু উলাই পৰিব নিত্য নতুন তথ্য আমাৰ সভ্যতা-সংস্কৃতিৰ।।

No comments:

Post a Comment