Sunday, 23 May 2021

বাইথ' পূজাত ব্যৱহৃত সামগ্ৰী

•বুঢ়া সাগৰৰ জলঃ- বুঢ়া সাগৰৰ জল প্ৰকৃততে মদ। সোনোৱাল কছাৰী সকলে মদক ৰহী বা ঝল মদ বুলি কয়। পূজাৰ দিনা সন্ধিয়া বিভিন্ন গাঁৱৰ পৰা ৰাইজে একোখন ভাৰ আনি পূজাৰী বা ৰাজাগুৰুক অৰ্পণ কৰেহি। ভাৰখনত চাউল,শাক,তেল,নিমখ,এবটল মদ থাকে। ৰাজাগুৰুৱে সকলো গাওঁৰ পৰা অনা মদ অলপ‌ অলপ লৈ এটা তামৰ পাত্ৰত মিহলায় আৰু তাত আৰৈ চাউল দি তংলতি পাতৰ আগেৰে মন্ত্ৰ মাতি শান্তি জল তৈয়াৰ কৰে। এয়াই বুঢ়া সাগৰৰ জল। ই হ'ল পৱিত্ৰ জল। পূজাৰ আগতে কৰ্মীসকলে এই দ্ৰব্য গ্ৰহণ কৰে। বুঢ়া সাগৰৰ জল গ্ৰহণ নকৰা কোনো ব্যক্তিকে দেৱ-নৈবেদ্যত হাত লগাবলৈ দিয়া নহয়। বাইথ' পূজাৰ সেৱকীসকলকো আৰ্শীবাদৰ অন্তত বুঢ়া সাগৰৰ জল ছতিয়াই দিয়া হয় আৰু গ্ৰহণ কৰিবলৈ এচলু দিয়া হয়। এই বিধ দ্ৰব্য অৱশ্যে দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।

•মাধপুৰুষৰ ৰসঃ- দেৱতাৰ নামত উছৰ্গা কৰা মদক মাধপুৰুষৰ ৰস বুলি কোৱা হয়। মিতুকৰ নামত,খিণ ভাঙোতে,সৰগদেউ পূজা আদি সকলোতে দেৱতাৰ নামত মদ(মাধপুৰুষৰ ৰস) উছৰ্গা কৰা হয়। বাইথ' পূজাতো সেৱকীসকলে পূজাৰ বিভিন্ন অনুক্ৰমত মাধপুৰুষৰ ৰস গ্ৰহণ কৰিব পাৰে। কিন্তু লক্ষণীয়ভাৱে ' কোনো দেৱতাকে মাধপুৰুষৰ ৰস দিয়া নহয়।'( উদ্ধৃতিঃ প্ৰমোদ সোনোৱাল, খ্ৰীং খ্ৰীং বাইথ' পূজাৰ পুৰাতনীয়া তথ্য সম্ভাৰ (গ্ৰন্থ),পৃঃ১১)।এই বিধ দ্ৰব্য‌ও অৱশ্যে দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।

•খাজিঃ মাধপুৰুষৰ ৰসৰ লগত অংগাংগীভাৱে জড়িত দ্ৰব্যবিধৰ নাম হ'ল খাজি। দেৱতালৈ আগবঢ়োৱা পক্ষীৰ মাংস সৰুকৈ কাটি তেলত শুকানকৈ ভাজি মাধপুৰুষৰ লগত সেৱকী,কৰ্মী,ৰাইজে গ্ৰহণ কৰে। দেৱতাৰ দ্ৰব্যৰে বনোৱা কাৰণে ভাজি বুলি নকৈ খাজি নামেৰে পৃথকতা আৰু মান্যতা প্ৰদান কৰা হয়। এই বিধ দ্ৰব্য‌ও দেৱতাৰ প্ৰতি উৎসৰ্গিত উপচাৰ নহয়।

•উদ্ভিদসমূহঃ- প্ৰকৃতি পূজা হিচাপে বাইথ' পূজাত উদ্ভিদ ব্যৱহাৰ অনিবাৰ্য। মূল উদ্ভিদ হিচাপে টংলতি,উলু খেৰ,বৰকানাই,তৰা ৰছী। টংলতিৰে শান্তি পানী বনায় আৰু সেৱকীক শান্তি পানী প্ৰদান কৰে। টংলতি,তৰা ৰছী, বৰ কানাইৰে বৰফুল গাঁথে। উলুখেৰৰ মালাৰে বৰ বলি (যুৰীয়া গাহৰি) ৰ ডিঙি বান্ধে। আদিতে উলুখেৰৰ পাতেৰে ফৰিং বলি দিয়াৰ বাবে এনে কৰা হয়। ভূৰুলী শালৰ ক্ষেত্ৰ আবৃত কৰিবৰ বাবে খাগৰি বা মেগেলা ব্যৱহাৰ কৰা হয়। পূজাৰ পাত-পত্ৰৰ বাবে কৌপাত লাগিবই। সেৱকীসকলে বছৰৰ অন্য সময়ত আগবঢ়োৱা ব্যক্তিগত পূজাত কলপাতৰ ব্যৱহাৰো কৰে।

•বৰফুল আৰু সৰুফুলঃ- টংলতি,তৰা ৰছী,বৰ কানাইৰে বাঁহৰ খুঁটিত বৰফুল গাঁথে। বাইথ' পূজাত বৰফুলৰ ১২টা খুঁটি ব্যৱহাৰ হয়। আখৈক সৰুফুল বোলা হয়। বাইথ' পূজাত সৰুফুলৰ ৪৫ টা খুম লাগে। বাকী থকা বৰফুল আৰু সৰুফুল দেৱতাৰ ভাগৰ পাতৰ ওপৰত ছতিয়াই দিয়া হয়।

(📙' সোনোৱাল কছাৰী সকলৰ ঐতিহ্য আৰু সমল' ৰ পৰা সন্মানীয় ✍️ প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ 'বাইথ' দৰ্শন' নামৰ প্ৰৱন্ধটোৰ পৰা তুলি দিয়া হৈছে। লিখকৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে।)
ফটো- Barun J Sonowal

Thursday, 20 May 2021

সোনোৱাল কছাৰী সকলৰ আত্মাবাদ/মিতুকবাদ

বাইথ' দৰ্শনৰ দৰে আন এটা দৰ্শনে সোনোৱাল কছাৰী সকলৰ আধ্যাত্মিকতাক সমৃদ্ধ কৰিছে। সেয়া হ'ল মিতুক দৰ্শন। হিন্দুসকলৰ দৰ্শনত আত্মাই সৰগ বা নৰক বা বৈকুণ্ঠলোকলৈ যায়গৈ, কিন্তু সোনোৱাল কছাৰীসকলৰ ধাৰণাত আত্মাই দেৱতাৰ ৰূপ লৈ নভোমণ্ডলতহে বিচৰণ কৰি থাকে আৰু বিপদে আপদে পৰিয়ালটোক ৰক্ষা কৰি থাকে।
লিখক ৰতন আঠুৱাল মতে-'বাইথ' দৰ্শন অনুসৰি উপৰি পুৰুষৰ মৃত ব্যক্তিৰ আত্মাক চিৰবিদায় দিয়াটো নুবুজায়। কাৰণ তেওঁলোকক সদায় প্ৰয়োজন অনুভৱ কৰোঁ। তেওঁলোকে যেন অশৰীৰী শক্তিৰে বায়ুৰ লগত মিলি আমাৰ কাষতে থাকি বিপদে আপদে ৰক্ষা কৰে। এই আশা মনত বান্ধি মৃতকসকললৈ শ্ৰদ্ধা নিবেদন কৰোঁ বিভিন্ন পৰম্পৰাগত ধৰ্মীয় কৰ্মবোৰৰ যোগেদি,যেনে- বুঢ়াপোহা,ন-পুৰুষৰ সকাম,মিতুকক দিয়া ইত্যাদি'। মৃত উপৰিপুৰুষ সকলৰ আত্মাটোক মিতুক বুলি সোনোৱাল কছাৰী সকলে আখ্যা দিয়ে। আদিতে সোনোৱাল কছাৰী সকলে শৱদাহ কৰা নাছিল। শৱদেহ মাটিত পুতি থোৱাৰ নিয়ম আছিল। বিশেষ গছৰ কাঠেৰে দুখন নাও সাজি তাৰ মাজত শৱদেহ মাটিত পুতি থোৱা হয়। ইয়াক পেড়া (পেৰা) দিয়া বোলা হয়। বছৰটোত দুটা বিহুত অৰ্থাৎ মাঘ বিহু আৰু ব'হাগ বিহুত মিতুকক দিয়ে। প্ৰতিবছৰে বুঢ়াপোহা সকামত ভকতক দিয়াৰ আগধৰি মিতুকৰ বাবে আহাৰ (অন্ন) আগবঢ়োৱা হয়। ন-পুৰুষৰ সকাম কৰোঁতেও প্ৰথম মিতুকলৈ আগবঢ়াইহে ভকতক খাবলৈ দিয়া হয়।  বাইথ' পূজাৰ সময়ত ভুৰুলীশালত মৃতকৰ উদ্দেশ্যে প্ৰসাদ আগবঢ়োৱা হয়। হকদৈ সকামতো(সৰগদেউ পূজা) মিতুকক দিয়া হয়। এইদৰে মিতুকৰ দায়-দোষৰ পৰা বাচি থাকিবলৈ তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰে। মিতুক হ'ল ঘৰখনৰ উপাস্য দেৱতা। ক্ষুদ্ৰ পৰিসৰত ইষ্টদেৱতা হ'ল মিতুক। মিতুকৰ দোষ লাগিলে ঘৰদেও(ঘৰদেওসকল হ'ল মহালখি,কুবেৰ কালিকা,চুকালি,ভঁৰালী আদি) আঁতৰি যায়। ফলস্বৰূপে ঘৰখন লালাং থাংথাং হয়। ঘৰখনত অশান্তি হয়,হাই-কাজিয়া হয়,নৱ-গ্ৰহৰ অশুভ দৃষ্টি পৰে,বেমাৰ-আজাৰ হ'লে ঔষধেও কাম নিদিয়ে,গাৰ গুৰুজন আঁতৰি যায়,ঘৰখনক অপদেৱতাই গ্ৰাস কৰে ইত্যাদি ঘটনাবোৰ ঘটিবলৈ ধৰে। তেতিয়া মিতুকক সন্ত্তষ্ট কৰিবলৈ 'মিতুক দিয়া' অনুষ্ঠানটো কৰিব লাগে।মিতুক সন্ত্তষ্ট হ'লে উক্ত অপায়- অমঙ্গলবোৰ নাইকিয়া হয়।মিতুক দৰ্শন সোনোৱাল কছাৰী সকলৰ নিজা দৰ্শন।আত্মাবাদ মানি চলা এই তত্ত্বৰ ঐতিহাসিক গুৰুত্ব আছে। মিতুক তত্ত্ব‌ই সোনোৱাল কছাৰী সকলৰ প্ৰাচীনত্বৰ কথাকে সূচায়। এই তত্ত্ব সৰগ,নৰক আদি ধাৰণাৰো আগৰ ধাৰণা। প্ৰকৃতিবাদী চৰিত্ৰৰ পৰা উত্তৰণ ঘটি আধ্যাত্মিক যুগলৈ গতি কৰাৰ আগতে আধি-প্ৰাকৃতিক আধি-ভৌতিক যুগৰ সন্ধিক্ষণৰ ধাৰণা। বৌদ্ধধৰ্মৰ জন্মান্তৰবাদৰ দৰে ইয়াতো আত্মাৰ অমৰত্বৰ কথা আছে, কিন্তু পুণজন্মৰ ধাৰণা কিছু ধূসৰ। এই ধাৰণা এটা অংশ মৌলিক।বাকী অংশ প্ৰভাৱ।আদিতে কোৱা হৈছে যে মিতুক ধাৰণাটো সোনোৱাল কছাৰী সকলৰ এদিনীয়া সম্পত্তিও নহয় বা কাৰোবাৰ সম্পূৰ্ণ প্ৰভাৱো নহয়।ই প্ৰকৃততে কেইবা শতিকাজোৰা সোনোৱাল কছাৰীৰ সভ্যতা আৰু জীৱনযাত্ৰাই স্বয়ংক্ৰিয়ভাৱে গঢ় দিয়া এক মণিষা।

(✍️সন্মানীয় লিখক প্ৰশান্ত কুমৰাল ডাঙৰীয়াৰ-' সোনোৱাল কছাৰী তত্ত্ব আৰু বিশ্লেষণ' নামৰ কিতাপৰ 'সোনোৱাল কছাৰীসকলৰ আধ্যাত্মিক দৰ্শনঃ বৈশিষ্ট্য আৰু সংকট' নামৰ লিখাটোৰ পৰা তুলি দিয়া হৈছে।)
ফটো- ঋতুপৰ্ণা সোনোৱাল।

Sunday, 2 May 2021

শদিয়াৰ হালালী ৰাজ্য : সোনোৱাল কছাৰীসকলৰ হালালী ৰাজ্যৰ গীত মাত ঐতিহ্য আৰু পৰম্পৰা

      হাঁহ চৰাই না এ হেই ।
      হাঁহ চৰাই না হেই । 
ডাঙৰ ডাঙৰ ঐ কোন ডাঙৰ হেই ।
দেৱৰ ডাঙৰ ঐ খিৰিং ৰজা হেই ।
দেৱীৰ ডাঙৰ হৈ ভূৰুলী  - হাবুকী দেই ।
মোৰ ধন কলীয়া ঐ হয়ে কি অ - হয় হয়া।    
         প্ৰাচীন বৰ অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাত প্ৰভাৱশালী হৈ উঠা ৰাজনৈতিক শক্তিসমূহৰ ভিতৰত এক শক্তিশালী ৰাজ্য আছিল কছাৰী ৰাজ্য । কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী । ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কছাৰীসকলে নিজকে ' বড়োফিছা ' বা বড়োৰ সন্তান বুলি কয় । উত্তৰ কাছাৰ পাহাৰৰ কছাৰীসকলে নিজকে ' ডিমাছা ' বা বড়োৰ সন্তান বোলে । ' ডিমা - ফিছা' ৰ অৰ্থ ডাঙৰ নদীৰ সন্তান । বৰঅসমৰ পাটকাই পৰ্বতৰ পৰা ত্ৰিপুৰালৈকে আৰু হিমালয়ৰ পাদদেশ মহং মালিনীৰ পৰা বৰ্তমানৰ মিজোৰাম ৰাজ্যলৈকে কছাৰীসকল বিশিপ্তভাৱে বিয়পি আছে । বিশেষভাৱে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত সোনোৱাল কছাৰীসকলৰ বসবাস বেছি । ত্ৰয়োদশ শতিকাৰ আগভাগত চাওল্যুং চ্যুকাফাৰ নেতৃত্বত আহোমসকলে ৰাজ্য বিস্তাৰ কৰাৰ সময়ত কছাৰীসকলৰ ৰাজ্য পূৱে দিখৌ নদীৰ পৰা পশ্চিমে কপিলী নদীলৈকে আৰু দক্ষিণে বৰ্তমানৰ উত্তৰ কাছাৰ জিলা পৰ্যন্ত বিস্তৃত্ব আছিল । ডিমাপুৰ আছিল কছাৰীসকলৰ প্ৰসিদ্ধ ৰাজধানী আৰু আজিও তাৰ গৌৰৱময় ভগ্নাৱশেষ আছে । এনেধৰণৰ ভগ্নাৱশেষ পিছৰ কছাৰী ৰাজধানী মাইবঙতো পোৱা গৈছিল । ইয়েই প্ৰমাণ কৰে যে কছাৰীসকল প্ৰকৃততেই হিড়িম্বাপুৰ আৰু বৰ্তমানৰ ডিমাপুৰৰ বাসিন্দা । পিছলৈ আন ৰজা তথা অন্যান্য জনজাতীয়সকলৰ লগত হোৱা যুদ্ধৰ পৰিপেক্ষিতত তেওঁলোকৰ প্ৰায় ১০০০ কছাৰী পৰিয়ালে পৰ্বতে পাহাৰ অতিক্ৰমি ডফলা , লাকাম , হাওঁ আদি জনজাতিৰ লগত সংমিশ্ৰণ হৈ অৱশেষত শদিয়া পায় । কথিত আছে যে কছাৰীসকলে এইদৰেই শদিয়ালৈ আহি তাহানিৰ বৃহৎ শদিয়াৰ অন্তভূৰ্ক্ত কোনো এক স্হানত হালালী ৰাজ্য প্ৰতিষ্ঠা কৰে । হালালীৰ অৰ্থ হ'ল 'হা' মানে মাটি , 'লালী' মানে উজ্বল , সমৃদ্ধিশালী । হালালী ৰাজ্যৰ ৰজাজনৰ নাম আছিল হগ্ৰা । হগ্ৰা ৰজাই হালালী ৰাজ্যখন পৰিকল্পিতভাৱে আদৰ্শ ৰাজ্য হিচাপে গ্ৰহণ কৰি প্ৰজাসকলক সুখে শান্তিৰে ৰাখিছিল । সোনোৱালসকলৰ গণৰাজ্যখনৰ নামেই আছিল হালালী । ড° সূৰ্যকুমাৰ ভূঞাদেৱে তেখেতৰ কছাৰী বুৰঞ্জীত এই বিষয়ে উল্লেখ কৰিছে । ড° সূৰ্যকুমাৰ ভূঞাদেৱে বুৰঞ্জীত উল্লেখ কৰিছে যে শদিয়া আৰু দিহিং উপত্যকাত শদিয়লীয়া কছাৰীসকলে ( বৰ্তমানৰ সোনোৱাল কছাৰীসকলে ) এখন ৰাজ্য গঢ়ি তুলিছিল । তেওঁৰ মতে সেইখনেই হৈছে কছাৰী ৰাজ্য আৰু তাৰ বাসিন্দাসকল হ'ল শদিয়াল কছাৰী ।  
' হালালী ঐ লালৌ হয়া 
হেমালী ৰাজ্যতে আছিলো দেউতা 
সোণতে সুৱগা চৰাই না হেই । ( আগলৈ ) 

                 সংগৃহিত তথ্যৰ ভিত্তিত

তথ্য_সংগ্ৰহঃ- ভাইটি পলাশজ্যোতি গগৈ ৰ পৰা।