Thursday, 27 April 2017

সোনোৱাল সকলৰ জলখাই পূজা

ফটো-শদিয়াৰ বুঢ়া-বুঢ়ী থান


অতীজৰে পৰা সোনোৱাল কছাৰীৰ লোক সকলে জগতৰ চাৰি মুঠি জীৱ (উৰণ-বুৰণ, গজন-ভ্ৰমণ)ৰ মংগল কামনাৰে বিভিন্ন সময়ত বিভিন্ন পূজা- পাৰ্বন কৰি আহিছে ৷ আকাশ,প্ৰকাশ জল থল বিশ্ব ব্ৰক্ষ্মাণ্ড ক সন্তোষ্ট কৰি চাৰিমুঠি জীৱৰ মাৰি -মৰক, দুৰ্ভিক্ষ আদিৰ পৰা পৰিত্ৰাণ লাভৰ বাবে কৰি অহা পূজা বিলাকৰ ভিতৰত জলখাই পূজাও অন্যতম পূজা ৷ মূলতঃ জল দেৱতাক সন্তোষ্ট কৰাৰা উদ্দেশ্যে এই পূজা নৈ জান-জুৰিৰ পাৰত নাইবা বাৰীৰ চুকত কৰা হয় ৷
প্ৰয়োজনীয় সামগ্ৰীঃ এটা আমৰলীয়া হাঁহ, চাউল, শাক - পাচলি, তেল নিমখ আদি ৷
এই পূজাত হাঁহটো জীয়াই জীয়াই জুইত পুৰি আঞ্জা সিজাই এসাজ ভাত নদীৰ , জান-জুৰিৰ বা বাৰীৰ চুকত সুন্দৰকৈ সজাই জলদেৱতাক অৰ্পণ কৰা হয় আৰু সেৱা ধৰি অজানিতে কৰা সকলো অপৰাধ মৰিষণ কৰি চাৰিমুঠি জীৱৰ প্ৰতি কৃপা প্ৰাৰ্থনাৰে সেৱা ধৰা হয় ৷

No comments:

Post a Comment