Sunday, 11 December 2016

প্ৰাচীন কালৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ সভ্যতা

প্ৰাচীন কালৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ সভ্যতা


ৰাজনৈতিক ভাবে ভাৰতবৰ্ষ যিদৰে সৌ সিদিনালৈ এখন নাছিল তেনেদৰেই এখন অসমো নাছিল। অসমৰ মানচিত্ৰখনি আৰু অসম শব্দটো ইংৰাজেহে বাহিৰত জনপ্ৰিয় কৰি তোলে। অসুৰ বংশ, পাল বংশ, বৰ্মন বংশৰ লগতে কছাৰী,কোঁচ,জয়ন্তীয়া,মৰাণ,চুতীয়া প্ৰভৃতিয়ে বিভিন্ন সময়ত এইখন দেশত শাসন চলাইছিল যদিও অতি প্ৰাচীন কালৰ পৰাই প্ৰাগজ্যোতিষপুৰ অথবা কামৰূপ নামেৰেহে জনাজাত আছিল। হেজাৰ হেজাৰ বছৰ ধৰি ইয়ালৈ অহা আৰ্য-অনাৰ্যৰ সমন্বয়ত গঢ়ি উঠিছে অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতি। বুৰঞ্জীবিদ ড: প্ৰতাপ চৌধৰীয়ে উল্লেখ কৰিছে যে এইখন দেশৰ সভ্যতা-সংস্কৃতি অনুদ্ঘাটিত হৈ থাকিলে ভাৰতবৰ্ষৰ বুৰঞ্জীও আধৰুৱা হৈ ৰ'ব।

                                 অসমৰ সৈতে বাকী অংশৰ যোগসূত্ৰ মহাকাব্যৰ আগৰ যুগতেই আৰম্ভ হোৱাৰ কথা 'শতপথ ব্ৰাক্ষ্মন' আদিত উল্লেখ আছে। সেই সময়ৰ সাহিত্যত প্ৰকাশ পোৱা মতে কৰতোৱাই আছিল প্ৰাগজ্যোতিষপুৰৰ পশ্চিমৰ সীমা। প্ৰাগ্ –বুদ্ধ যুগত এই অঞ্চলত হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু আৰু গংগা উপত্যকাৰ সৈতে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ যোগাযোগ প্ৰায় চাৰি হেজাৰ বছৰীয়া পুৰণি। বৈদিক সাহিত্যত প্ৰাগজ্যোতিষৰ উল্লেখ থকাই নহয় বেদ সাহিত্য ৰচনাৰ ক্ষেত্ৰতো প্ৰাগজ্যোতিষপুৰৰ লোকে ভাগ লৈছিল। খ্ৰী:পূৰ্ব ছয়, সাত শতিকাত ৰচিত সাংখ্যায়ন,গ্ৰাহ,সংগ্ৰাহ আদি পুথিত প্ৰাগজ্যোতিষক সূৰ্য উঠা দেশ বুলি উল্লেখ কৰা হৈছে। কৌটিল্যৰ অৰ্থশাস্ত্ৰটো প্ৰাচীন কামৰূপৰ ব্যৱসায়-বাণিজ্যৰ  উল্লেখ আছে। ৰামায়ণ মহাভাৰতৰ ৰচনাকাল সম্পৰ্কে পণ্ডিত সকলৰ মাজত মতভেদ আছে। আদি কাণ্ড ৰামায়ণত অমুৰ্ত্ত ৰজাই প্ৰাগজ্যোতিষ নগৰখন নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে। কিষ্কিন্ধা কাণ্ডত প্ৰাগজ্যোতিষক নৰক ৰজাৰ নগৰ বুলি কোৱা হৈছেমহাভাৰতৰ অশ্বমেধ, দ্ৰোণ, ভীষ্ম আৰু কৰ্ণ পৰ্বতো প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই হাতীৰ পিঠিত উঠি মহাপৰাক্ৰমেৰে কুৰুক্ষেত্ৰ যুদ্ধত অংশ লোৱাৰ কাহিনী সৰ্বজনবিদিত। পঞ্চম শতিকাত ৰচিত ৰঘু বংশত ৰঘুৰ দিগ্বীজয় যাত্ৰা বৰ্ণনাত ব্ৰক্ষ্মপুত্ৰৰ পুৱ দিশত কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ আছিল বুলি উল্লেখ আছে। সেই সময়ত ৰচিত পুথিত কামৰূপৰ ৰজা কলিঙ্গ বৰ্মনৰ জীয়ৰীক বিকত বৰ্মনে বিয়া কৰোৱাৰ কথা উল্লেখ আছে। তেতিয়া কলিঙ্গ (উৰিষ্যা) বিদেহ (বিহাৰ) আৰু কামৰূপৰ মাজত বৈবাহিক সম্পৰ্ক ঘটাৰ প্ৰমাণ আছে। সপ্তম শতিকাত ৰচিত বাণ ভট্ৰৰ  হৰ্ষ চৰিততো কামৰূপৰ কথা উল্লেখ আছে। কলহনৰ ৰাজ তৰঙ্গিনীত কাশ্মীৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজাৰ কণ্যা অমৃত প্ৰভাক বিয়া কৰোৱাৰ কথা পোৱা যায়। এই কাহিনীৰ আধাৰতেই শ্ৰীসুনীল বন্দোপাধ্যায়ে বঙালী ভাষাত এখন জনপ্ৰিয় উপন্যাস ৰচনা কৰিছে। তেনেদৰে পিছৰ কালছোৱাতো যোগিনীতন্ত্ৰ,কালিকা পুৰাণ, গীতিকা ছন্দ, হৰগৌৰী সংবাদ ইত্যাদিত কামৰূপৰ সৈতে থকা বাহিৰৰ সম্পৰ্কৰ কথা উল্লেখ আছে। প্ৰাচীন কামৰূপৰ সৈতে থকা বাহিৰৰ সম্পৰ্কৰ কথা উল্লেখ আছে। প্ৰাচীন কামৰূপৰ সৈতে থকা বাহিৰৰ সম্পৰ্কৰ কথা উল্লেখ আছে। গতিকে ইমান চিত্ৰ –বৈচিত্ৰৰ মাজতো আজিৰ কামৰূপে শংকৰদেৱ, আজান ফকিৰ, গুৰু তেগ বাহাদুৰ প্ৰভৃতিয়ে সমসাময়িক সময়ত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত কিদৰে সংযোগ ঘটাইছিল সেইবোৰ সৰ্বজনবিদিত। মুঠতে বিগত চাৰি হেজাৰ বছৰ ধৰি ব্ৰক্ষ্মপুত্ৰ উপত্যকাত ভাৰতবৰ্ষ,মংগোলীয়া,চীন,বাৰ্মা,ইন্দোনেচীয়া প্ৰভৃতিৰ সভ্যতাৰ লগত যোগাযোগ ঘটিছে।এই ব্ৰক্ষ্মপুত্ৰৰ বুকুতেই জীপাল হৈছে অসমীয়া সংস্কৃতি এই সংস্কৃতিৰ বুকুতেই জীয়াই আছে আমাৰ ভৱিষ্যত আমাৰ বুৰঞ্জী আমাৰ সভ্যতা। নৱ প্ৰজন্মৰ মাজত ইয়াৰ সম্পৰ্কে অধিক অধ্যয়নৰ পোষকতা কৰো। হয়তু এই অধ্যয়নত আৰু উলাই পৰিব নিত্য নতুন তথ্য আমাৰ সভ্যতা-সংস্কৃতিৰ।।

Monday, 5 December 2016

ঐতিহাসিক পটভূমিত কছাৰী সকল

                                                             (ফটো- সোনোৱাল কছাৰী লগ বিহু দল)
অসমৰ প্ৰকৃত ৰাজনৈতিক ইতিহাস আৰম্ভ হৈছে খৃষ্টপূৰ্ব চতুৰ্থ শতিকাৰ মাজভাগৰ পৰা অৰ্থাত্ প্ৰাগজ্যোতিষ কামৰূপত বৰ্মন বংশৰ শাসন প্ৰতিষ্ঠাৰ সময়ছোৱাৰ পৰা।অসমৰ ইতিহাসৰ গতিধাৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধ্যয়নৰ সুবিধাৰ্থে অসম ইতিহাসক আদি বা প্ৰাচীন, মধ্য আৰু আধুনিক এই তিনিটা যুগত ভাগ কৰা হৈছে।ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সভ্যতাই গঢ় লোৱা দিন ধৰি এই অঞ্চললৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰবজন ঘটিছিল। এই অঞ্চলৰ ভাষাগত বৈশিষ্ট্য, বিভিন্ন পৰম্পৰা, ৰীতি-নীতি, ঠাইৰ নাম আদি পৰা কব পাৰি যে অষ্ট্ৰিক ভাষা গোষ্ঠীৰ লোকে ইয়াত অতি প্ৰাচীন কালতেই থিতাপি লৈছিল। এই ভাষা গোষ্ঠীৰ লোকসকল কেতিয়া অসমত প্ৰৱেশ কৰিছিল তাক সথিক কৈ কব পৰা নগলেও অন্তত এইটো কব পাৰি যে পশ্চিমৰ পৰা আৰ্যসকল আগমনৰ বহু আগতেই তেওঁলোকৰ প্ৰৱেশ ঘটিছিল। অষ্ট্ৰিক ভাষাগোষ্ঠীৰ পিছত তিব্বত-বৰ্মী ভাষা-গোষ্ঠীৰ লোকসকল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বসতি আৰম্ভ কৰে। অসমৰ সমতল ভূমি অঞ্চলত বসতি কৰা বড়োসকলক এই ভাষা-গোষ্ঠীৰ লোক হিচাপে চিনাক্ত কৰা হয়। সমগ্ৰ অসমত বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বা যুগত এই বড়োসকল বা কছাৰীসকলে আধিপত্য বিস্তাৰ কৰিছিল বুলি কব পাৰি।অসমৰ বিভিন্ন ঠাই, নদী ইত্যাদিৰ নাম বড়োসকলৰ ভাষাৰ পৰাই উত্পত্তি হৈছে বুলি বাণীকান্ত কাকতি আদিৰ দৰে ভাষাতাত্বিক পণ্ডিতে বিশ্লেষন কৰি দেখুৱাইছে। ছাৰ এডৱাৰ্ড গেইটৰ মতে – কছাৰী সকলক ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ পুৰণি বাসিন্দা বুলি কব পাৰি। উত্তৰ বংগ আৰু গোৱালপাৰাৰ মেছসকল এওঁলোকৰ সৈতে একে কছাৰী জাতিৰ মানুহ। বাহিৰাগত লোকেহে তেওঁলোকক বেলেগে বেলেগে নাম দিছে। ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কছাৰীসকলে নিজকে বড়ো বা বড়ো ফিছা(বড়োৰ সন্তান) বোলে। উত্তৰ কাছাৰৰ পাহাৰীয়া ঠাইৰ কছাৰীসকলে নিজকে ডিমাছা বোলে। ডিমাছা শব্দটো ডিম ফিছাৰ পৰা উদ্ভৱ হৈছে। ডিম ফিছা মানে হল ডাঙৰ নৈৰ সন্তান। আহোম সকলে এইলোকসকলক তিমিছা বুলিহে কৈছিল। তিমিছা শব্দটো নিশ্চয় ডিমাছাৰ অপ্ৰভংশ। ধনশিৰি নৈৰ দাঁতি-কাষৰিয়া অঞ্চলত এই লোকসকল থকাৰ কালতে কছাৰী এই মান পাইছিল যেন অনুমান হয়। সুনীতি কুমাৰ চট্টোপাধ্যায় মতে বড়োসকল পুৰাণ, মহাভাৰত আদি সংস্কৃত গ্ৰন্থবিলাকত কিৰাত নামেৰে জনাজাত ইন্দো-মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। লিম্বু কিংবদন্তিৰ মতে ব্ৰক্ষ্মপুত্ৰ আৰু কুশী নদীৰ মাজত থকা হিমালয়ৰ নামনিত কাছাৰ বা খচাৰি দেশত কছাৰীসকলে বসবাস কৰিছিল। গতিকে দেখা যায় যে কছাৰীসকল আছিল বহুধা বিভক্ত। ভাৰতৰ পূৰ্বৰ কিছু অংশৰ লগতে উত্তৰ-পূব ভাৰতৰ সমগ্ৰ অঞ্চলজুৰি কছাৰীসকল বিয়পি আছে আৰু বিভিন্ন সময়ত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছে। কছাৰীসকলে এই অঞ্চলত কেনেধৰণেৰে ব্যাপ্ত হৈছে তাৰ এখন মানচিত্ৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে কিৰাত-জন-কৃতিত সন্নিবিষ্ট কৰিছে। খৃ:দ্বাদশ শতিকাৰ আগলৈকে অসমত কোনো বৃহত্ কছাৰীৰাজ্যৰ অস্তিত্ব সম্পৰ্কে একো লিখিত সম্বল আৱিস্কাৰ হোৱা নাই। তদুপৰি দ্বাদশ শতিকাৰ আগৰ সময়চোৱাত বৰাক উপত্যকাকে ধৰি কামৰূপ বৰ্মন-শালস্তম্ভ-পাল বংশৰ, পূব-বংগত চন্দ্ৰবংশীয় ৰজা, সমতটত সামন্ত ৰজা সকলৰ ৰাজত্ব আৰু আঞ্চলিক শ্ৰীহট্ট ৰাজ্যলৈকে ক্ৰমে ক্ৰমে এটা ঐতিহাসিক ধাৰাবাহিকতা দেখা যায়। অৱশ্যে ষষ্ঠ শতিকাৰ মাজভাগ মানলৈকে নগাঁও কপিলী অঞ্চলত বৃহত্তৰ কছাৰী জনগোষ্ঠীৰ এটি ঠাল ত্ৰিপুৰীসকলৰ দ্বাৰা স্হাপিত এখন ৰাজ্যৰ অস্তিত্ব সম্পৰ্কে কিছু বুৰঞ্জীমূলক তথ্য পোৱা যায়। ত্ৰিপুৰাৰ বুৰঞ্জী শ্ৰীৰাজমালা, চীনৰ চাং-চ্যু-বংশৰ উত্স আৰু সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিৰ পৰা কনকলাল বৰুৱাই ও এই অভিমতৰ সমৰ্থনত খৃ ষষ্ঠ শতিকাৰ আগলৈকে ত্ৰিপুৰী সকলৰ ৰাজ্যখন কপিলী উপত্যকাতে আছিল বুলি মন্তব্য কৰিছে। এই ত্ৰিপুৰীসকল পিছলৈ বৰাক উপত্যকাৰ আৰু শেষত বৰ্ত্তমানৰ ত্ৰিপুৰালৈ স্হানান্তৰিত হয়। শ্ৰীৰাজমালাতেই আৰু এখন কছাৰী ৰাজ্যৰ অস্হিত্বৰ উমান পোৱা যায়, যিখন নাম আছিল হেড়ম্ব ৰাজ্য। এই হেড়ম্ব ৰাজ্যৰ ৰজাৰ হাতত পৰাস্ত হৈয়েই কপিলী উপত্যকাৰ ত্ৰিপুৰী সকলে বৰাক উপত্যকাৰ খলংমাত ৰাজধানী পাতিছিলগৈ। কছাৰীসকলৰ কোনো লিখিত তথ্য-পাতি নথকাত কছাৰীসকলৰ বিষয়ে জানিবলৈ কিংবদন্তি, লোকসাহিত্য, অন্যান্য সমসাময়িক তথ্য-পাতিৰ আশ্ৰয় লব লগা হয়। অলিখিত সূত্ৰৰ ভিত্তিত বহুতে কামৰূপ আৰু শদিয়াত ডিমাছা-কছাৰীসকলৰ এখন প্ৰাচীন ৰাজ্য থকাৰ কথা উল্লেখ কৰা দেখা যায়।কছাৰীসকলৰ ইতিহাস সৰ্ম্পকে পোন প্ৰথমবাৰৰ বাবে অনুসন্ধান কৰা বৃটিছ বিষয়া কেপ্তেইন টমাচ ফিচাৰে কামৰূপত কছাৰী ৰাজ্যৰ অস্তিত্ব সৰ্ম্পকে উত্তৰ-কাছাৰৰ কছাৰীসকলৰ মাজত প্ৰচলিত পৰম্পৰাৰ কথা উল্লেখ কৰিছে।পুৰণি সাঁচিপতীয়া অসমীয়া বুৰঞ্জী পুথিৰ পৰা উদ্ধৃত আৰু ঐতিহাসিক ড˚সূৰ্য্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত কছাৰী বুৰঞ্জীতো কছাৰীসকলৰ শদিয়াস্হিত ৰাজ্যখনৰ কথা পোৱা যায়। তাত কোৱা হৈছে-এসময়ত শদিয়া অঞ্চলত মাণিক নামেৰে কছাৰীলোক এজন বাস কৰিছিল আৰু ৰজা হৈ তেওঁ দিখৌমুখলৈকে ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ জোৱায়েক মুকুতা কছাৰীসকলৰ পৰৱৰ্তী ৰজা হৈছিল। বুৰঞ্জীখনৰ দ্বিত্বীয় অধ্যায় হেড়ম্বিয়াল কছাৰী আদি কথা ত বিচাৰপতিফা নামৰ হেড়ম্ব ৰজাৰ আখ্যান দিয়া হৈছে। এওঁৰ পিছত বিক্ৰমাদিত্যফা ৰজা হৈছিল। বিক্ৰমাদিত্যফাৰ দিনত কছাৰী ৰাজ্য নামচাং ৰ পৰা বৰহাটলৈকে বিস্তৃত আছিল। বিক্ৰমাদিত্যৰ পিছত মহামাণিক্য, মণিফা, লাড়ফা আৰু খোৰোফা ক্ৰমান্বয়ে হেড়ম্বৰ ৰজা হৈছিল। বিভিন্ন বুৰঞ্জীত পোৱা তথ্য-পাতিৰ ভিত্তিত শদিয়াৰ ৰাজ্যখন পূৰ্বে শদিয়াৰ পৰা পশ্চিমে দিখৌ নৈলৈকে আৰু উত্তৰে দিহিং নদীৰ পৰা কেন্দুগুৰিলৈকে বিস্তৃত আছিল বুলি সূৰ্য্যকুমাৰ ভূঞাই অনুমান কৰিছে। কিন্ত্ত হেড়ম্ব ৰাজ্য ডিমাপুৰক কেন্দ্ৰ কৰিহে গঢ়ি উঠিছিল। ডিমাপুৰত ডিমাছা কছাৰীৰ ৰাজত্বৰ বাস্তবিকতা বিভিন্ন সূত্ৰৰ দ্বাৰা সীকৃত। এই কালছোৱাত (খৃ: ত্ৰয়োদশ চতুৰৰ্দশ শতিকা) আহোমসকলৰ সৈতে সংঘৰ্ষৰ তথ্য-পাতিৰ (বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী) বাহিৰেও ডিমাপুৰত থকা কছাৰীসকলৰ প্ৰত্নতাত্বিক নিদৰ্শনে এই কথা প্ৰমান কৰে। সোণাৰাম থাওচেনৰ মতে ১০৮৫ খৃ ত ডিমাপুৰত ডিমাছা কছাৰীসকলে ৰাজধানী পাতি ১৫৩৬ খৃ: লৈ ৰাজত্ব কৰিছিল।ইয়াৰ উপৰিও চ্যু-কা-ফাৰ সময়ত ডিমৌ-দিচাং নৈৰ মাজৰ অঞ্চলত বৰাহীৰাজ্য এখনৰ কথাও পোৱা যায়, যি খন পিছলৈ চ্যু-কা-ফাই নিজ ৰাজ্যৰ অৰ্ন্তভূক্ত কৰি লৈছিল।
 (বি:দ্ৰ :- সহায় লৈ।)