Photo Credit- Barun J Sonowal
সোণোৱাল কছাৰী সকলৰ অমৰ সৃষ্টিৰ ভিতৰত এই বনৰীয়া নাম বা হেঁচা নাম অতিকৈ জনপ্ৰিয় এটি গীত৷এই বনৰীয়া নাম এতিয়া অসম-ৰ চুকে কোনে বিয়পি পৰিছে৷এই মহান কৃষ্টিতোক আমি সময়ৰ কুটিল গতিত লাহে লাহে হেৰুৱাই পেলাৱাৰ উপক্ৰম হৈছে৷ এই গীত বিলাক পুৰণী কালত ডেকা-গাভরু বিলাকে প্ৰেমৰ আদান প্ৰদান কৰিবৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কৰিছিল,পোন প্ৰথমে ইয়াক পথাৰত গরু চৰাই থাকোতে গাওঁৰ ডেকা বিলাকে নদীত অথবা বিলত মাছ মাৰি থকা গাভরু বিলাকক উদ্দে্্যশি এই গীত গাইছিল লাহে লাহে এই গীত বিলাক গছৰ তলত গাবলৈ ধৰিলে আৰু আমাৰ মাজত এই গীত বিলাক বনৰীয়া নাম বা হেচা নাম হিচাপে বিয়পি পৰিল৷এই গীত বিলাক লাহে লাহে অন্য জনগোষ্ঠীৰ মাজতো বিয়পি পৰিল আৰু সৃষ্টি কৰা মানুহখিনিৰ ওচৰৰ পৰা লাহে লাহে লুপ্ত হবলৈ ধৰে৷তথাপি বৰ্তমানেও এনেকুৱা কিছুমান গাওঁ আছে যত এই গীত বিলাক চৰ্চ্চা হৈ আছে৷ আহকছোন আমি আমাৰ নিজৰ সৃষ্টিৰাজীক আমাৰ মাজলৈ ঘূৰাই আনিবৰ বাবে চেষ্টা কৰো৷কেইটামান বনৰীয়া নাম বা হেচা নাম…….
১.লৰা- হাবিৰে ঐ ঔটেঙা সিতলে ঐ পিতলে
কোনে নো পাৰি দিব খাও৷৷
গাঙৰে ঐ ছোৱালী সিতলে ঐ পিতলে
কোনে নো পতাই দিব চাও৷৷
২.হাবিৰে ঐ শালিকি হাবিতে ঐ কান্দিল
চিতিকাৰ মুখলৈ চায়৷৷
গাঙৰে ঐ ছোৱালী গাঙতে ঐ কাদিল
ডেকা লৰাৰ মুখলৈ চায়৷৷
৩.হাঁহে হৈ চৰিমগৈ তোমাৰে ঐ চোতালত
পাৰ হৈ পৰিম গৈ চালত৷৷
ঘামে হৈ সোমাম গৈ তোমাৰে ঐ শৰীৰত
মাখি হৈ চুমা দিম গালত৷৷

লেখককে ধন্যবাদ।আজ অসংখ্য ব্লগ খুজতে গিয়ে ভাল একটি ব্লগ পেলাম।আমাদের ও একটি ব্লগ আছে।তাতে অনলাইনে টাকা আয় করার বিভিন্ন উপায় বর্ণিত আছে।এই ব্লগের পাঠকদের আমন্ত্রণ।
ReplyDeleteEarn indian rupee by 5 easy ways,
Earn money through online
if you have any problems in your life because of someone then contact our Famous Indian astrologer in Australia he will give 100% solution with his technique and mantras.
ReplyDeleteFamous Indian Astrologer in Australia