ফটো-দাইনীজান বাইথ থান।
সোনোৱাল কছাৰী সংস্কৃতি আৰ্য্য হিন্দু, ইচলাম, বৌদ্ধ অথবা খৃষ্টান সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা সংস্কৃতি নহয় বা এই বিলাকৰ লগত কোনো পোনপটীয়া সংযোগো থকাৰ কোনো ইতিহাসত পাবলৈ নাই। আমি সেই সংস্কৃতিৰ উৎস বিচাৰি যাব লাগিব কেৱল কিৰাত সংস্কৃতিৰ বুকুৰ মাজলৈ। কিৰাত সংস্কৃতিৰ লোক সকলৰ ধৰ্ম আছিল নিজস্ব কৈৰাত ধৰ্ম। এইটো সোনোৱাল কছাৰীৰ লগতে সকলো কছাৰীৰ নিজৰ সুকীয়া ধৰ্ম আছিল। এই ধৰ্মত শিৱক প্ৰধান উপাস্য দেৱতা হিচাবে জ্ঞান কৰিলেও সকলো কছাৰীয়ে প্ৰতীক এটা এটা লৈহে পূজা পাতল কৰিছিল। এই ধৰ্মত ব্ৰাহ্মণ, পুৰোহিতৰ কোনো আৱশ্যক নাই। নিজেই পুৰোহিতৰ কাম কৰিছিল। সেই কৈৰাতধৰ্ম ৰ পৰম্পৰা অনুসৰি আজিও সোনোৱাল কছাৰী সকলে পূজা-পাৰ্বণ ত ব্ৰাহ্মণ, পুৰোহিত নলগায়।