ঔম খ্ৰীং ৰাজা ধৰণী,গজাই গুৰু ধাকনী, আপুনি আয়লাসত ফুৰিছে, আপুনি চাকিছে,
দিন খায় দিন দেখিছে, ৰাতি খায় ৰাতি দেখিছে
আপুনি যতেই আছে তাৰে পৰাই আৰ্শীবাদ কৰক...... ভু....ভা
ভাৰত ভূ খণ্ডৰ অসম ৰাজ্যৰ খিলঞ্জীয়া তথা ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী সোনোৱাল কছাৰী সকল ভাৰতৰ জন-বিন্যাসৰ মাজ ৰে এটা ক্ষুদ্ৰ জনগোষ্ঠী। আমি নিজকে অসমৰ তৃতীয় বৃহত্ জনগোষ্ঠী বুলি দাবী কৰি আহিছো যদিও বৰ্তমান সময়ত আমাৰ এই দাবী কিমান যুক্তিসংগত সেয়া আমাৰ কিছু চিন্তনীয় বিষয়। সোনোৱাল কছাৰী জনজাতি জনগোষ্ঠীৰ ব্যক্তিসকলৰ চিন্তাধাৰৰ পৰিৰ্বতনে আৰু ব্যক্তি বিশেষৰ কৰ্ম কাণ্ডৰ পৰা কেতিয়াবা কেতিয়াবা অনুভৱ হয় যে সোনোৱাল কছাৰী হিচাপে আমি আমাৰ বৈশিষ্ট্য আৰু চৰিত্ৰ অক্ষুন্ন ৰাখিব পাৰিছোনে ? সমসাময়িক পৰিৰ্বতনৰ ঢৌৰ লগত নিজকে পাহৰি পেলাইছো নেকি ? বৰ্তমানে আমি নিজকে সোনোৱাল কছাৰী জাতিৰ এজন ব্যক্তি হিচাপে পৰিচয় দিবলৈ কুন্ঠাবোধ কৰিব ধৰিছোনেকি ? এনে ধৰণৰ বহু প্ৰশ্নই আমাৰ মনত বিৰাজ মান হৈ আছে।যি কি নহওক, সোনোৱাল কছাৰীসকলৰ নিজস্ব কৃষ্টি সংস্কতিৰ সমূহযে চৰ্চাৰ অভাৱত প্ৰসাৰ ঘটাত বিলম্ব হৈছে আৰু কিছু সংখ্যক কালৰ বুকুত হেৰাই যাবৰ উপক্ৰম ঘটিছে অথবা ইতিমধ্যে হেৰাই গৈছে- এই কথা সত্য। সেয়ে জনগোষ্ঠীটোৰ দূৰদৰ্শী তথা বিজ্ঞমহলে এই সমূহৰ উদ্ধাৰ, চৰ্চা,সংৰক্ষণ তথা সংবৰ্ধনৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। বিশেষকৈ জনগোষ্ঠীটোৰ মেৰুদণ্ডস্বৰূপ বাইথ' পূজাক অধিক জনমুখী কৰি তোলাৰ ক্ষেত্ৰত আজিৰ সোনোৱাল কছাৰীসকলৰ ভূমিকা উল্লেখযোগ্য।জাতি একোটাৰ সভ্যতাৰ মাপ কাঠি হল সেই জাতিটোৰ ৰ্ধম, ভাষা আৰু সংস্কৃতি। আৰু সেই ভেঁটিটোৰ ওপৰতে নিৰ্ভৰ কৰে জাতিটোৰ ভৱিষ্যত আৰু ইতিহাস। যেতিয়া জাতি একোটাই নিজৰ ঐতিহ্যক উপেক্ষা কৰে তেতিয়া জাতিটো বিশাল জাতিৰ বুকুত মাজত হেৰাই যাব। যাক কালেও ধৰি ৰাখিব নোৱাৰে। নতুবা তেনে ঐতিহ্যপূৰ্ণ জাতি একোটাৰ নিজৰ লিখিত দলিল স্বৰূপ বুৰঞ্জী নাথাকিলেও পৰম্পৰাগতভাৱে চলি অহা ফকৰা যোজনা, জনশ্ৰুতি,কিংম্বদন্তী, প্ৰবাদ বাক্য, গীত মাত, পূজা-সেৱাৰ ধৰণ কৰণৰ ওপৰত নিৰ্ভৰ কৰি জাতিটোৰ ঐতিহ্যক ৰাখিব লাগিব।সোনোৱাল কছাৰীসকলৰ পুৰাতন পন্হা হ᾿ল বাইথ᾿ পন্হা। সোনোৱাল কছাৰী জাতিৰ উন্মেষৰ দিন ধৰি সৌ সপ্তদশ শতিকালৈকে প্ৰায় ২000 বছৰ জুৰি এই পন্হাই বাহাল আছিল। তেতিয়ালৈকে তেওঁলোক আছিল প্ৰকৃতিৰ নামত নান দেৱ-দেৱী পুজক আছিল।এইটো পৰম বৈশিষ্ট্য যে সোনোৱাল কছাৰী লোকসকল আছিল বস্তুবাদী আছিল আৰু ইহজনম আৰু ইহজগতৰ হিতৰ অৰ্থহে দেৱ-দেৱীৰ পূজা পাতল কৰিছিল। সৌভাগ্য, সৌষ্ঠৱ বৃদ্ধি, কৃষিকৰ্মত উন্নতি, সন্তানপ্ৰাপ্তি, ৰোগমুক্তি আদিৰ দৰে বৈষয়িক অভিলাষতে সীমাবদ্ধ আছিল দেৱ-দেৱীৰ উপাসনাৰ মূল উদ্দেশ্য। যি ফল পাব এই জনমতে লাভ কৰিব। সেয়ে বাইথ᾿ পূজাৰ আশীৰ্বাদৰ সমাপ্তি কৰা হয় এনেদৰে ῾ভা.....ভূ...᾿ বুলি। ভা... মানে ভাৰস্ত, ভূ.....মানে ভূৱন প্ৰাপ্তি।
সোনোৱাল কছাৰীসকলৰ নিজা ধৰ্ম বাইথ'বাদ (বাইথ' ধৰ্ম) কি?
● জীয়াই থাকিবলৈ কৰা জীৱন সংগ্ৰামত আহৰণ কৰা অভিজ্ঞতা পৰা মনৰ সৰু অনুভূতিত আবিৰ্ভাৱ হয় বিশ্বাসৰ।সেই বিশ্বাসে কালক্ৰমত ,সমাজত থিতাপি লয় পৰম্পৰাৰ ।সেই পৰম্পৰাৰ পৰা যেতিয়া মানুহে এটা যোগাত্মক ফলাফল পায়,তেতিয়া সমাজখনে আন্তৰিকতাৰে গ্ৰহন কৰে,আৰু তেতিয়া সৃষ্টি হয় ধৰ্মৰ।ধৰ্মই সমাজক সুস্হিৰ আৰু শৃংখলাবদ্ধ কৰে।সোনোৱাল সকলৰ প্ৰাচীন ধৰ্ম হ'ল শাক্ত ধৰ্ম বা কিৰাত ধৰ্ম বা বাইথ'ধৰ্ম।এই প্ৰাচীন ধৰ্মীয় পৰম্পৰা পালন কৰি আহিছিল প্ৰাক্ - ঐতিহাসিক যুগৰ পৰা বৰ্তমানলৈকে বিভিন্ন সামাজিক তথা ব্যক্তিগত ধৰ্মীয় ক্ৰিয়া-কৰ্মৰ মাজেৰে।বাইথ' ধৰ্মীয় দৰ্শনৰ এটা সুকীয়া ঠাছ বা ধাৰা আছে যিটো অন্যান্য ধৰ্মীয় মতবাদৰ লগত সানমিহলি নোহোৱাকৈ প্ৰাচীনত্ব ৰহ্মা কৰি বৰ্তি আছে।সোনোৱাল কছাৰী সকলৰ ধৰ্ম হ'ল বাইথ' ধৰ্ম আৰু ইয়াৰ পন্হা হ'ল শাক্ত।দৰ্শনৰ নামকৰণ বাই-থ'বাদ ইংৰাজীত BAITHAOSIM।ধৰ্ম সৃষ্টিৰ আধাৰ খ্ৰীং খ্ৰীং বাইথ' পূজা।বাইথ'বাদত খ্ৰীং ৰাজাই হ'ল প্ৰধান ইষ্ট দেৱতা।ইয়াৰে 'ৰাজা' শব্দটোৱে সোনোৱাল সকলে দেৱতাক বুজায়।চাৰিমুঠি জীৱ (উৰণ,বুৰণ,গজন,ভ্ৰমণ) ৰ জীৱন স্ৰজন,লালন পালন আৰু সংহাৰ কৰোতাজনেই হ'ল খ্ৰীং।বাইথ'বাদত পুৰুষ আৰু প্ৰকৃতিক সমানে স্হান দিয়া হয়।বাইথ'বাদৰ দৰ্শন হল 'জীৱক মাৰি জীৱন পৰিত্ৰাণ'।জীৱৰ বাবেই আৰু জীৱৰ মংগলৰ বাবেই বিনাশৰ প্ৰয়োজন।এটা জীৱৰ বিনিময়ত পৃথিৱীৰ সমগ্ৰ চাৰিমুঠি জীৱ জগতৰ কুশল মংগল কামনা কৰা হয়।অৰ্থাৎ জীৱৰ বাবে জীৱন দান।এই প্ৰক্ৰিয়া চলি নেথাকিলে পৃথিৱীৰ প্ৰাণীবিলাকৰ মাজত ভাৰসাম্যও নোহোৱা হব।এই ভাৰসাম্য ৰহ্মা কৰিবৰ বাবে পুৰুষৰ ৰূপত খ্ৰীং ৰাজাক আৰু প্ৰকৃতিৰ ভূৰুলী হাবুকী ৰূপত পূজা পাঠ কৰি অনুৰোধ জনায় ।আকৌ আহো 'জীৱক মাৰি জীৱন পৰিত্ৰান' দৰ্শনলৈ।এটা প্ৰাণী জীয়াই থাকিবলৈ আন এটা প্ৰাণীয়ে ত্যাগ কৰিব লাগিব।বাইথ' দৰ্শনত ওপৰত উল্লেখ কৰা চাৰিমুঠি জীৱৰ আত্মাৰ মাজত কোনো প্ৰভেদ নাই।গতিকে সোনোৱাল কছাৰীসকলে ধৰ্মীয় আদৰ্শ বা দৰ্শন বৰ মহান,যত ব্যক্তিগত স্বাৰ্থৰ বাবে পূজা পাঠ নকৰি সমগ্ৰ জীৱজগতৰ বা সামগ্ৰিকভাৱে চাৰিমুঠি জীৱৰ মংগলৰ বাবে দেৱতাক খাটনি ধৰে।সেয়েহে বাইথ' বাদৰ আদৰ্শ পাৰ্থিৱ জীৱজগতৰ লগতহে জড়িত।বাইথ' ধৰ্মত কোনো দেৱ দেৱীৰ মূৰ্তি পূজাৰ স্হান নাই প্ৰতীকহে ব্যৱহাৰ কৰা হয়।সোনোৱাল সকলৰ বাইথ' ধৰ্ম অনুসৰি সকলো পূজাই ডাঙৰ গছৰ তলত অথবা প্ৰতীক তৈয়াৰ কৰি পূজা কৰাৰ নিয়ম।সোনোৱাল কছাৰী সকলৰ ধৰ্মীয় তত্ত্বত খ্ৰীং বা বাইথ'ৰ স্বৰূপ: -
১। তেওঁ একক শক্তিৰূপে খিৰিং বা বাইথ' অথাত্ সোনোৱাল সকলৰ ঈশ্বৰ।
২। সৃষ্টিৰ গৰাকীৰূপে তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত শক্তি।
৩। ত্ৰি-শক্তি অথাৎ জগতৰ সৃষ্টিকতা, পালনকতা আৰু সংহাৰকৰোতা। হিন্দু দৰ্শনৰ "ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ " তত্ত্বৰ লগত বাইথ'বাদৰ এই তত্ত্বৰ মিল আছে।
৪। "তেওঁ চাৰিমুঠি জীৱৰ ত্ৰাণকতা। " সেই জীৱ চাৰিবিধ হৈছে গজন-উদ্ভিদ, বুৰণ-জলচৰ জীৱ, ভ্ৰমণ-স্থলচৰ জীৱ, উৰণ-উৰণীয়া জীৱ। সমস্ত জীৱকুল এই চাৰিবিধ জীৱৰ অন্তৰ্ভুক্ত আৰু বাইথ'ক জীৱ চৰাচৰৰ গৰাকী স্বৰূপ ব্যাখ্যা কৰা হৈছে।
৫। তেওঁ পঞ্চভূতৰ গৰাকী। (বায়ু, পানী, অগ্নি, স্থল, আকাশ)। পঞ্চভূতৰ উদ্দেশ্যেৰে যি পূজা কৰা হয় তাকেই বাইথ' পূজা বোলে। পঞ্চভূতৰ সৃষ্টিৰ আধাৰ বাইথ'। বাইথ' নিৰাকাৰ, নিৰ্বিকাৰ, অক্ষয়, চিৰ চৈতন্যময় শক্তি যাক আমি ঈশ্বৰ বুলি পূজা কৰো।সোনোৱাল কছাৰী সংস্কৃতি আৰ্য্য হিন্দু, ইচলাম, বৌদ্ধ অথবা খৃষ্টান সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা সংস্কৃতি নহয় বা এই বিলাকৰ লগত কোনো পোনপটীয়া সংযোগো থকাৰ কোনো ইতিহাসত পাবলৈ নাই। আমি সেই সংস্কৃতিৰ উৎস বিচাৰি যাব লাগিব কেৱল কিৰাত সংস্কৃতিৰ বুকুৰ মাজলৈ। কিৰাত সংস্কৃতিৰ লোক সকলৰ ধৰ্ম আছিল নিজস্ব কৈৰাত ধৰ্ম। এইটো সোনোৱাল কছাৰীৰ লগতে সকলো কছাৰীৰ নিজৰ সুকীয়া ধৰ্ম আছিল। এই ধৰ্মত শিৱক প্ৰধান উপাস্য দেৱতা হিচাবে জ্ঞান কৰিলেও সকলো কছাৰীয়ে প্ৰতীক এটা এটা লৈহে পূজা পাতল কৰিছিল। এই ধৰ্মত ব্ৰাহ্মণ, পুৰোহিতৰ কোনো আৱশ্যক নাই। নিজেই পুৰোহিতৰ কাম কৰিছিল। সেই কৈৰাত ধৰ্ম ৰ পৰম্পৰা অনুসৰি আজিও সোনোৱাল কছাৰী সকলে পূজা-পাৰ্বণ ত ব্ৰাহ্মণ, পুৰোহিত নলগায়।সোনোৱাল কছাৰী সকলৰ কথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড• পিতাম্বৰ দেৱগোস্বামী দেৱে এখন স্মৃতিগন্থ "আশীর্বাদ" লিখিছিল যে- " কেশৱদেউ গোসাঁই ঈশ্বৰে কেৱল আত্মৰক্ষাতে ব্যস্ত নাথাকি এটা জনগোষ্ঠীক হাবিৰ মাজৰ পৰা উলিয়াই প্ৰথমতে সামাজিক মৰ্যাদা প্ৰদান কৰিছিল। সেই গোষ্ঠীটোৱেই সোনোৱাল সম্প্ৰদায়। "
এতিয়া কথা হল সোনোৱাল নামৰ এটা ঐতিহাসিক তথা সংস্কৃতিপূৰ্ণ জাতিৰ বিষয়ে এনেকৈ কবলৈ অধিকাৰ কত পালে। বছৰে বছৰে কৰ দি থকা মানে এইটো নহয় যে তেওঁ জাতিটোৰ সৰ্ব্বে-সৰ্ব্বা। এটা কথাই ইয়াৰ পৰা বুজিব পাৰি যে সোনোৱাল কছাৰী সকলক হাবিতলিয়া জাতি বুলি কৈ নিজৰ পাণ্ডিত্য গুনক হেয জ্ঞান হে কৰিছে। সোনোৱাল কছাৰী সকল এটা জাতিক এনেকৈ প্ৰচাৰ হৈ থাকিব আৰু আমি মনে মনে বহি থাকিম নে? আহক আজিৰ পৰাই আমাৰ মাজৰ পৰা সত্ৰ সংস্কৃতিক আমাৰ সমাজৰ পৰা পুলিয়ে পোশাই উভালি পেলাবৰ বাবে সংকল্পবদ্ধ হও। তেওঁলোকে হৰণ- ভোজনৰ নামত আমাৰ সমাজ ব্যৱস্থা ধংস হে কৰি আছে মনত ৰাখিব। আহক পুনৰ আমি আকোৱালি লওঁ আমাৰ আপোন নিজস্ব বাইথ' সংস্কৃতিক। আহক আমি আজিৰ পৰাই গতি কৰো বাইথ বাদৰ অন্মেষণত আমাৰ নিজা ধৰ্মমতলৈ।কছাৰী সকলৰ ধৰ্মীয়ভাৱে ৪ ভাগত বিভক্ত কৰিব পাৰি- বেহাৰী, হেন্দুৰীয়া (আগমী), হেন্দুৰীয়া (নব্য), পূৰ্ণ বৈষ্ণৱী।
সোনোৱাল কছাৰী সকলৰ বেহাৰী কৰ্ম - বেহাৰী অনুষ্ঠানত পুৰাতন ধৰ্মীয় পৰকাষ্ঠা পালন কৰা হয়। নাম-কীৰ্তনৰ ব্যৱস্থা নাই, আশীৰ্বাদত হৰি, কৃষ্ণ, ৰাম, নাৰায়ণ, গোবিন্দৰ উল্লেখ নাই। পুৰাতন নিয়মেৰে পালন কৰা মিতুক দিয়া,খিন ভঙা, বাইথ' পূজা, সৰগদেউ পূজা, গজাই পূজা আদি কৰা হয়। পূজাত বলিবিধান, মদমেৰা, কেঁচাপিঠা আদিৰ ব্যৱহাৰ কৰা হয়। বলিবিধান পুৰাতন নিয়মেৰে ডিঙি কাটি বা জীয়াই জীয়াই পুৰি কৰা হয়। খিনভঙা বা মিতুক দিয়াত মদমেৰা আৰু কেঁচাপিঠাৰ ব্যৱহাৰ উল্লেখযোগ্য বৈশিষ্ট্য। বহু দেৱ দেৱীৰ বিশ্বাস আৰু পূজা বেহাৰী পন্থাৰ মূল বৈশিষ্ট্য। বেহাৰী নিয়মত জন্ম -মৃত্যু-বিবাহ সম্পৰ্কীয় নিজা অনুষ্ঠান আছে। উদাহৰণস্বৰূপে- বেহাৰী দহা ৰাতি কৰা হয়। বেহাৰী পন্থাৰ লোকৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে। বৰ্তমানে বাইথ'ত হচং দি এই বেহাৰী পন্থাক পুনৰ উজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। এসময়ত ডাঙৰীৰ ন-পথাৰ গাঁৱত বাইথ' মন্দিৰত পালন কৰি থকা বাইথ' পূজাসোনোৱাল কছাৰী লোক অধ্যুষিত অঞ্চললৈ বিস্তাৰ কৰা হৈছে। এই ব্যৱস্থাৰ এটা ভাল ফল পোৱা গৈছে। বাইথ' পূজা সোনোৱাল কছাৰী সকলৰ এটা জাতীয় নাম হৈ পৰিছে। আশা কৰো বাইথ' পূজাৰ লগে লগে সোনোৱাল কছাৰী সকল ৰ মাজত বেহাৰী পন্থা তোৱেও আগবাঢ়ি যাওক।আমাৰ সমাজখন বৰ্তমানে সত্ৰৰ ছত্ৰচায়া অধিক পৰাৰ পৰিপেক্ষিত্ৰত আমি পুৰাতন ধৰ্মীয় পৰম্পৰাৰ পৰা আতৰি গৈছো তথাপি আজি কেইবছৰ মানৰ পৰা নৱ প্ৰজন্মই পুনৰ পুৰাতন পন্হাটোক আকোৱালি লবৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে ইয়ো এটা জাতিটোৰ বাবে শুভ লক্ষন।এই দিশত নতুন প্ৰজন্মই গাওঁৰ জেষ্ঠসকলৰ লগত আলোচনা কৰি বাইথ ধৰ্মৰ কথা বুজাই কোৱাৰ থল আহি পৰিছে।সংস্কৃতি, ধৰ্ম, ভাষা সংৰক্ষিত কৰাৰ গুৰু দ্বায়িত্ব নৱ প্ৰজন্মই পালন কৰিব লাগিব। উচ্চ শিক্ষিত সোনোৱাল সমাজত থকা বিভিন্ন দিশ সমূহ য়েনে- কলা,সংস্কৃতি, ভাষা-সাহিত্য, অৰ্থনীতি, সমাজনীতি আদি দিশত প্ৰণালীবদ্ধ গৱেষণাৰ যোগেদি নিজৰ লগতে সমাজখনকো আগুৱাই নিব পাৰে। বিভিন্ন জাতীয় সংগঠনৰ বেনাৰত জাতীয় সংস্কৃতি বিলাক প্ৰচাৰ মাধ্যমৰ যোগেদি আৰু অলপ জনমুখি কৰাৰ সময় সমাগত।
এই বিলাক চৰ্চা আৰু অধ্যয়নৰ বাবে আগৰ সময়ছোৱাত যথেষ্ট অসুবিধা আছিল।সেই সময়ত জেষ্ঠসকলৰ মাজত আছিল সংৰ্কীণতাৰ মনোভাৱ। ধৰ্মক দোহাইদি কব নাপায়, কৰিব নাপায় বুলি কৈ মেটমৰা সংস্কৃতিৰ বৰপেৰা কাকো নজনোৱাকৈ নিজৰ লগতে সকলোলৈ গল। বৰ্তমান যান্ত্ৰিক তথা বিজ্ঞানৰ ন-ন আৱিস্কাৰৰ সমলেৰে এইবিলাক ৰক্ষণাবেক্ষন আৰু সংগ্ৰহত যথেষ্ট সূচল কৰি তুলিছে।কাজেই সোনোৱাল কছাৰী সমাজৰ মাজৰ পৰা নতুন প্ৰজন্মই কু সংস্কাৰ, অন্ধবিশ্বাস আদি দিশৰ পৰা মুক্ত কৰা গুৰু দায়িত্ব যুৱসমাজৰেই পালন কৰিব লাগিব।
সামৰণিত আলোচ্য কথাবোৰ আমাৰ সমাজৰ প্ৰতিটো কানলৈ বিয়পি যাওক তাৰে কামনা কৰি আমি জাতিটোৰ ৰক্ষাকবচ হিচাপে থিয় দিলে নতুন প্ৰজন্মৰ হাতত জাতীয় সমাজ সংস্কতি সোণত শুৱগা হৈ উজ্বলি ৰব।
(বি:দ্ৰ-সোনোৱাল কছাৰী সমাজৰ সু-সাহিত্যিক প্ৰশান্ত কুমৰাল আৰু ৰতন আঠুৱাল ৰ পৰা কিছু বস্ত্ত উল্লেখ কৰা হ'ল। তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে- জিতুল ৰাজ ফৰমাল)

