অনুভৱৰ আঁত ধৰি
এতিয়াও ধৰণীৰ বুকুৰপৰা আন্ধাৰ আতৰা নাই। গছৰ পাতৰ আগত পোহৰৰ জিলিঙনি পৰিবলৈ এতিয়াও বাকী। চাৰিওফালে আন্ধাৰ ।তাৰ মাজতে যেন জগত সাৰ সুৰ নোহোৱাকৈ নিজম মাৰি পৰি আছে।বতাহো বলা নাই। এটি গহীন নিস্তব্ধ ভাব যেন সকলোটি আবৰি থৈছে।অনন্ত মহাসাগৰৰ পাৰত মহাকাল নীৰবে থিয় হৈ আছে।মাজে মাজে অলপ অলপ জুৰ বতাহ ব'বলৈ ধৰিছে। এটি যেন সজাগ ভাবে জগতৰ মাজত নতুনকৈ দেখা দিছেহি। বতাহত পানী কঁপাৰ লগে লগে ঢৌবোৰো কঁপিবলৈ ধৰিছে ।এইয়াই নেকি সুন্দৰক আদৰিবলৈ সুন্দৰৰ মধুৰ প্ৰয়াস।
No comments:
Post a Comment