১। তেওঁ একক শক্তিৰূপে খিৰিং বা বাইথ' অথাৎ সোনোৱাল সকলৰ ঈশ্বৰ।
২। সৃষ্টিৰ গৰাকীৰূপে তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত শক্তি।
৩। ত্ৰি-শক্তি অথাৎ জগতৰ সৃষ্টিকতা, পালনকতা আৰু সংহাৰকৰোতা। হিন্দু দৰ্শনৰ "ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ " তত্ত্বৰ লগত বাইথ'বাদৰ এই তত্ত্বৰ মিল আছে।
৪। "তেওঁ চাৰিমুঠি জীৱৰ ত্ৰাণকতা। " সেই জীৱ চাৰিবিধ হৈছে গজন-উদ্ভিদ, বুৰণ-জলচৰ জীৱ, ভ্ৰমণ-স্থলচৰ জীৱ, উৰণ-উৰণীয়া জীৱ। সমস্ত জীৱকুল এই চাৰিবিধ জীৱৰ অন্তৰ্ভুক্ত আৰু বাইথ'ক জীৱ চৰাচৰৰ গৰাকী স্বৰূপ ব্যাখ্যা কৰা হৈছে।
৫। তেওঁ পঞ্চভূতৰ গৰাকী। (বায়ু, পানী, অগ্নি, স্থল, আকাশ)। পঞ্চভূতৰ উদ্দেশ্যেৰে যি পূজা কৰা হয় তাকেই বাইথ' পূজা বোলে। পঞ্চভূতৰ সৃষ্টিৰ আধাৰ বাইথ'। বাইথ' নিৰাকাৰ, নিৰ্বিকাৰ, অক্ষয়, চিৰ চৈতন্যময় শক্তি যাক আমি ঈশ্বৰ বুলি পূজা কৰো।

No comments:
Post a Comment